Rupaliparda.com
"ৰাজ্যৰ ভিন্ন ভাষা বোৰক লৈ নিৰ্মাণ কৰি উলিওৱা হ'ব প্ৰজেক্টটো"- ভাৰ্গৱ তালুকদাৰ 1

“ৰাজ্যৰ ভিন্ন ভাষা বোৰক লৈ নিৰ্মাণ কৰি উলিওৱা হ’ব প্ৰজেক্টটো”- ভাৰ্গৱ তালুকদাৰ

অসমীয়া সংগীত ক্ষেত্ৰখনত ইজনৰ পিছৰ সিজন কণ্ঠশিল্পীৰ অন্তৰ্ভূক্তিকৰণে প্ৰতিজন সংগীতপ্ৰেমী শ্ৰোতাক আপ্লুত কৰি ৰখাত সক্ষম হৈছে। কেৱল অন্তৰ্ভূক্তিকৰণ বুলিয়েই নহয়; তেওঁলোকৰ সৃষ্টিবোৰো আকৰ্ষণীয় তথা ভাল লগা।আমি প্ৰতিটো দিনেই একোটা সুন্দৰ গীত শুনো অথবা শুনিবলৈ সক্ষম হওঁ আৰু সেয়া হৈছে এই ক্ষেত্ৰখনৰ পৰ্যায়ক্ৰমে উন্নতি। ভাতৃৰ গীতাৰখন লৈয়ে সংগীতৰ প্ৰতি ইচ্ছাৰ সৃষ্টি হোৱা এজন নৱপ্ৰজন্মৰ কণ্ঠশিল্পী ভাৰ্গৱ তালুকদাৰৰ সৈতে আমি পাতিছিলো কিছু কথা। “অ’ বন্ধু” শীৰ্ষক এটি গীত উপলদ্ধ তেওঁৰ ব্যক্তিগত ইউটিউব চেনেলত; সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “মই সংগীতৰ লগত যদিও বিগত ২০১০ চনৰ পৰা জড়িত তথাপিও মোৰ প্ৰথমটো ষ্টেজ প্ৰ’গ্ৰাম আছিল ২০১২ চনত। মোৰ বেণ্ড CHAMBER সৈতে মই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলো। মোৰ দাদাই প্ৰথমাৱস্থাৰ পৰাই গীতাৰ বজাইছিল; কিন্তু নৱম শ্ৰেণী মানলৈ মোৰ ইচ্ছা সন্নিৱিষ্ট হোৱা নাছিল সংগীত ক্ষেত্ৰখনত। দাদা ইঞ্জিনিয়াৰিঙৰ শিক্ষাৰ বাবে গুচি যোৱাৰ পিছত মই তেওঁৰ গীতাৰ খন বজাই চাইছিলো; বন্ধু দুগৰাকী মানে মোক কেইটামান গান শিকাইছিল আৰু লাহে লাহে এই দিশটোত মোৰ আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিলে। পৰৱৰ্তী সময়ত মইও গান গাবলৈ আৰম্ভ কৰিলোঁ; আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই মই। যি শিকিছোঁ নিজৰ বন্ধুবৰ্গ আৰু ইউটিউবৰ পৰা শিকিছোঁ; তাৰ পিছত মই স্কুলত এটা বেণ্ড আৰম্ভ কৰিছিলো আৰু তেতিয়াৰ পৰাই এই ক্ষেত্ৰখনত কাম কৰিছোঁ।”

"ৰাজ্যৰ ভিন্ন ভাষা বোৰক লৈ নিৰ্মাণ কৰি উলিওৱা হ'ব প্ৰজেক্টটো"- ভাৰ্গৱ তালুকদাৰ 2


এগৰাকী “শিল্পী” ৰ সংজ্ঞা তেওঁৰ মতে কি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “An Artist is someone who brings people together, An artist is an Architect”। শিল্পী এগৰাকীৰ নিজৰ ভাবানুভূতিবোৰ অইনৰ আগত সুন্দৰকৈ প্ৰকাশ কৰিব পৰা ক্ষমতা থাকে; সেইবাবেই আচলতে তেওঁলোকৰ ওপৰত সমাজৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি পাই গৈ থাকে। মোৰ মতে, প্ৰকৃত “শিল্পী” সেইগৰাকীয়ে যিয়ে নিজৰ অনুভূতিবোৰ প্ৰকাশ কৰাৰ সমান্তৰালকৈ নিজ দায়িত্বকো পালন কৰে।” কেনেধৰণৰ প্ৰকল্পই তেওঁক আকৰ্ষিত কৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “মই যিটো প্ৰকল্পৰ সৈতে সংযোগ কৰিব পাৰো তেনে প্ৰকল্পসমূহ কৰি মই ভালপাওঁ; কিন্তু তাৰ সমান্তৰালকৈ মই চেষ্টা কৰো যে যাতে সাধাৰণ ৰাইজে মই কৰা প্ৰকল্পটো ভাল পায় আৰু তাৰ সৈতে সংযোগ কৰিব পাৰে। মই এটা অৰ্থবহুল শাৰীক বিশ্বাস কৰো আৰু সেই শাৰীটোক প্ৰকল্পসমূহৰ সৈতেও খাপ খুওৱাই ভাল পাওঁ; যিটো হৈছে, “Simplicity at its best”। তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “মই শেহতীয়াকৈ বন্ধু ৰঞ্জয় বৰঠাকুৰৰ সৈতে লগ হৈ Nawazish বুলি এক প্ৰজেক্টৰ আৰম্ভণি কৰিছোঁ। প্ৰজেক্টটোৰ অন্তৰ্গত প্ৰথমটো গীত “অ’ বন্ধু” ইতিমধ্যে মুক্তি লাভ কৰিছে আৰু দ্বিতীয়টো গীত প্ৰি-প্ৰডাকচনত ব্যস্ত হৈ আছে। এইখিনিতে ক’ব বিচাৰিম যে, ৰাজ্যৰ ভিন্ন ভাষা বোৰক লৈ নিৰ্মাণ কৰি উলিওৱা হ’ব প্ৰজেক্টটো।

"ৰাজ্যৰ ভিন্ন ভাষা বোৰক লৈ নিৰ্মাণ কৰি উলিওৱা হ'ব প্ৰজেক্টটো"- ভাৰ্গৱ তালুকদাৰ 3

তেওঁ আগলৈ কয় যে, “আমাৰ আহিবলগীয়া গীতটোত বড়ো, অসমীয়া ভাষাৰ লগতে থলুৱা সংগীত কিছু কিছু উপাদানক অন্তৰ্ভূক্ত কৰা হৈছে। এটা নতুন সংগীত আনিবলৈ প্ৰয়াস কৰিছোঁ আৰু আশা কৰিছোঁ ৰাইজে এয়া ভাল পাব।” এই পৰিকল্পনা সমূহক লৈ ভাৰ্গৱ তালুকদাৰক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform