Rupaliparda.com
বৃন্দাবন ছুপাৰমাৰ্টৰ জনপ্ৰতিনিধি সকলৰ প্ৰংশসনীয় পদক্ষেপ; এক লাখ টকাৰ অনুদান চৰকাৰলৈঃ 1

বৃন্দাবন ছুপাৰমাৰ্টৰ জনপ্ৰতিনিধি সকলৰ প্ৰংশসনীয় পদক্ষেপ; এক লাখ টকাৰ অনুদান চৰকাৰলৈঃ

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৌজন্যত মুকলি হোৱা বৃন্দাবন ছুপাৰমাৰ্টৰ জনপ্ৰতিনিধি সকলৰ প্ৰংশসনীয় পদক্ষেপ; শেহতীয়াকৈ তেওঁলোকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক’ভিড বিৰোধী জন আন্দোলনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই জুবিন গাৰ্গ সহ বৃন্দাবন ছুপাৰমাৰ্টৰ জনপ্ৰতিনিধি সকলে ১ লাখ টকাৰ অনুদান মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ায়। বিগত দিনতো সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজৰ কাষত থিয় দিয়ে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। তেওঁলোকৰ দুমহলীয়া ঘৰটোক ক’ভিড কেয়াৰ চেন্টাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ তেওঁ আহ্বান জনাইছিল চৰকাৰ তথা প্ৰশাসন ব্যৱস্থাক। গৰিমা শইকীয়া গাৰ্গৰ এনে পদক্ষেপক লৈ অনুৰাগী উৎসাহিতও হৈ পৰিছিল; কিয়নো আমি প্ৰত্যেকেই জানিবলৈ পাইছিলো যে, ৰাজ্যত ক’ভিড পৰিস্থিতিয়ে ইমানেই ভয়ংকৰ ৰূপ লৈছিল যে চিকিৎসালয় সমূহত বিচনাৰ নাটনি হোৱাৰ সমান্তৰালকৈ ট্ৰেইনসমূহত বিচনাৰ ব্যৱস্থা কৰা হৈছিল। ৰাজ্যত মহামাৰীয়ে অব্যাহত ৰখা বিভীষিকাৰ ফলত প্ৰায় প্ৰতিজন জনসাধাৰণেই হতাশাৰ সন্মুখীন হৈছিল; কিন্তু তেনেক্ষেত্ৰত সাধাৰণজনৰ সহায়ক হৈ থিয়ে দিছে বিভিন্ন জন চিলেব্ৰেটী। জুবিন গাৰ্গ আৰু সহধৰ্মিনী গৰিমাই এনেক্ষেত্ৰত সক্ৰিয়তাৰে আগবঢ়াও ইতিমধ্যে পৰিলক্ষিত হৈছে।


“পথাৰ আমাৰ বজাৰ আমাৰ” শীৰ্ষক শ্লোগানেৰে খোলা এই বিপণীখনত থলুৱা খাদ্যৰ বিক্ৰীৰ সমান্তৰালকৈ উক্ত স্বামী-স্ত্ৰীদ্বয়ে নিবনুৱা সকলক সংস্থাপন দিয়াৰো কথা ব্যক্ত কৰিছিল। প্ৰতিটো সময়ত হাৰ্টথ্ৰৱ গৰাকীৰ এনে মহানুভৱতাই তেওঁৰ অনুৰাগীক তেওঁৰ প্ৰতি আৰু অধিক আকৰ্ষিত কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform