Rupaliparda.com
"ক'ৰোণা হাৰিব আৰু আমি জিকিম" দৃঢ়বিশ্বাসেৰে ৰবি শৰ্মাঃ 1

“ক’ৰোণা হাৰিব আৰু আমি জিকিম” দৃঢ়বিশ্বাসেৰে ৰবি শৰ্মাঃ

“ক’ৰোণা হাৰিব আৰু আমি জিকিম”; এনে এক দৃঢ়বিশ্বাসেৰেই প্ৰত্যেকগৰাকী জনসাধাৰণ আগবঢ়া দেখিবলৈ পোৱা গৈছে। এনে বিভীষিকাময় পৰিস্থিতিৰ মাজত ইজনে আনজনক কৰা সহায়েৰে আচলতে আমি প্ৰত্যেকে সাহস কৰিবলৈ সক্ষম হ’ব পাৰো। কেৱল মাত্ৰ সাধাৰণজন বুলিয়েই নহয়; ক’ৰোণা মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ চিলেব্ৰেটীসকলেও সহায়-সহযোগিতাৰ হাত আগবঢ়াইছে। জুবিন গাৰ্গ সহিতে বৃন্দাবন ছুপাৰমাৰ্টৰ সৈতে জড়িত একাংশই য’ত ১ লাখ টকাৰ অনুদান চৰকাৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে তাতেই আকৌ অংগৰাগ পাপন মহন্তইও এটি এনজিঅ’ ৰ সৈতে লগ হৈ গাওঁ অঞ্চলত বিতৰণ কৰিছিল মাস্ক, চেনিটাইজাৰ ইত্যাদি। শেহতীয়াকৈ ৰবি শৰ্মাক দেখিবলৈ পোৱা গ’ল সাধাৰণ ৰাইজৰ কাষ চপা; প্ৰয়োজন গৰাকীৰ ওচৰত থিয় হৈ যাৱতীয় কিছু বস্তুৰ বিতৰণ কৰে অভিনেতা গৰাকীয়ে। সামাজিক বিষয়সমূহৰ প্ৰায় প্ৰতিটো বিষয়ত নিজ মত সুন্দৰকৈ ব্যক্ত কৰা অভিনেতা ৰবি শৰ্মা সদায়েই চচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে।

https://www.instagram.com/p/CQL6mCkncUb/?utm_source=ig_web_copy_link

২০০০ চনৰ পৰা অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত খোজ পেলোৱা এই গৰাকী অভিনেতাই অসমীয়া দৰ্শকক প্ৰায় কেইবাখনো উল্লেখনীয় ছবিৰ উপহাৰ দিছে। অৱশ্যে, তেওঁৰ প্ৰথমখন ছবি “হিয়া দিয়া নিয়া” য়ে আছিল চুপাৰহিট ছবি। অসমীয়া ফিট অভিনেতাৰ মাজৰ এগৰাকী ৰবি শৰ্মাৰ অনুৰাগীৰ শাৰী দীঘলীয়া; তেওঁৰ প্ৰতিটো কথাই প্ৰশংসা পাবলৈও আচলতে সক্ষম হয়। কিছুদিন পূৰ্বে ডিজিটেল প্লেটফৰ্ম Niri9 যোগে মুক্তি লাভ কৰা Illegal নামে ৱেব চিৰিজখনটো দেখিবলৈ পোৱা গৈছিল এই অভিনেতা গৰাকীক। এক দমদাৰ লুকেৰে ৱেব চিৰিজখনক উপভোগ কৰিবলৈ বাধ্য কৰোৱাইছিল দৰ্শকক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform