Rupaliparda.com
সপোনৰ পূৰ্ণতা-অপূৰ্ণতাক লৈ অংকুৰ ডেকাৰ "সপোনৰ সেতু" উপলদ্ধ Reeldrama তঃ 1

সপোনৰ পূৰ্ণতা-অপূৰ্ণতাক লৈ অংকুৰ ডেকাৰ “সপোনৰ সেতু” উপলদ্ধ Reeldrama তঃ

সপোনৰ পম খেদি কেতিয়াবা আমি বহুদূৰ যাবলগীয়া হয় আৰু কেতিয়াবা অসম্পূৰ্ণ সপোন এটাকে লৈ হাত সাৱটি ৰৈ যাবলগীয়া হয়। এয়া প্ৰায় প্ৰতিজন সফল ব্যক্তিৰ আঁৰৰ কাহিনী; আমি সফল ব্যক্তিৰ সাক্ষাৎকাৰবোৰ অথবা তেওঁলোকে কোৱা এটা শাৰীক প্ৰায়ে নিজৰ ষ্টেটাচত লগাওঁ অথবা ভাইৰেল কৰি তোলো। কিয়নো, আমি তেওঁলোকে নিজ সপোনটোক সম্পূৰ্ণ কৰাৰ বাবে নিৰৱিচ্চিন্নভাৱে কৰা সংঘৰ্ষই আমাক সংযোগ কৰিবলৈ সক্ষম হয়। আপুনিও বহু সময়ত দেখিবলৈ পাইছে ছাগে যে একোজন সফল ব্যক্তিয়ে প্ৰায় সময়তে কৈছে তেওঁলোকে নিজ ইচ্ছা পূৰণৰ বাবে যেতিয়া এখন অইন ঠাইলৈ গুচি যায়; তেতিয়া তেওঁলোকৰ সৈতে সেই সময়ত নিজ ইচ্ছা তথা সপোনটোৰ বাদে তেওঁৰ পকেট খালি হৈ থাকে। কিন্তু, ক’ৰবাত অকণমান সাহস আৰু কাৰোবাৰ পৰা লাভ কৰা অকণমান সহযোগিতাৰে সেই সপোন খেদি ফুৰা ব্যক্তিগৰাকী সফল হ’বলৈ সক্ষম হৈ পৰে। আকৌ, এইখিনি কথাৰো আছে এটা বেয়া দিশ; য’ত একাংশৰ সপোনত মোহৰ লাগি তেওঁলোক আগবাঢ়ি গৈছে তাতেই আন একাংশৰ সপোনৰ পাখি খন কাটি যোৱাত তেওঁলোকে জীৱনৰ ঋণাত্মক সিদ্ধান্তক গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। এনে কিছু সপোনৰ সফলতা-বিফলতাক লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে এখন চুটি ছবি “সপোনৰ সেতু”; যিখন শেহতীয়াকৈ উপলদ্ধ হৈছে ডিজিটেল প্লেটফৰ্মত Reeldrama ত। আনহাতে, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰায় ১৪ খনকৈ চলচিত্ৰ সমাৰোহত মনোনীত হোৱাৰ সমান্তৰালকৈ সমালোচকৰ দ্বাৰা বহুল হাৰত প্ৰশংসিতও হোৱাৰ উপৰিও চলচিত্ৰম ছবি সমাৰোহ ২০১৯ তথা দ্বিতীয় নগাওঁ ছবি সমাৰোহ ২০১৯ ত চুটি ছবিখনে জুৰীৰ বিশেষ মনোনয়ন লাভ কৰিছিল। সাম্প্ৰতিক সময়ছোৱাত প্ৰায় প্ৰতিজন ব্যক্তিবিশেষেই পাৰ্থিৱ বস্তুৰ প্ৰতি আকৰ্ষিত; আচলতে সময়ৰ পাকচক্ৰত পৰি প্ৰতিজন ব্যক্তিয়ে এই আকৰ্ষণৰ বশৱৰ্তী হৈ পৰে।

সপোনৰ পূৰ্ণতা-অপূৰ্ণতাক লৈ অংকুৰ ডেকাৰ "সপোনৰ সেতু" উপলদ্ধ Reeldrama তঃ 2


১৬ মিনিট দৈৰ্ঘ্যৰ উক্ত চুটি ছবিখনত উপস্থাপিত কাহিনীটোৱে ইতিমধ্যে দৰ্শক-শ্ৰোতাৰ সঁহাৰি লাভত সক্ষম হৈছে; “সপোনৰ সেতু” চুটি ছবিখনৰ কাহিনী আৰু পৰিচালনাৰ দায়িত্ব আছে অংকুৰ ডেকা। চুটি ছবিখনত অভিনয় কৰিছে ক্ৰমে মমজিৎ ৰয়, অম্বৰিশ ফুকন, পূজা কপিঞ্জল, মাধৱ দাসৰ লগতে গৌতম বৰুৱাই। দৃশ্যগ্ৰহণ চন্দ্ৰ কুমাৰ দাসৰ আৰু শব্দ ৰিংকু বড়োৰ। সম্পাদনা কৰিছে হীৰকজ্যোতি পাঠকে; সংগীত কৰিছে ৰিয়ান বৰা আৰু বিক্ৰান্ত বৰাই। পোষ্টাৰ ডিজাইন ৰিম্পী চৌধুৰীৰ লগতে হীৰকজ্যোতি পাঠকৰ। সহকাৰী প্ৰযোজক অংকিত চাণ্ডিল্য। এইখিনিতে আপোনালোকক জনাই থও যে।,উল্লেখ্য যে, ReelDrama ত একোখন সুন্দৰ অসমীয়া ছবিৰ লগতে দৰ্শকে উপভোগ কৰিবলৈ পাব ৱেব চিৰিজ, সংগীত, কৌতুক, কবিতা, ৰন্ধন প্ৰণালী আৰু ভক্তিমূলক অনুষ্ঠান ইত্যাদি। আনহাতে, উক্ত OTT প্লেটফৰ্মটোত শিশুসকলৰ বাবে এক নিৰ্দ্দিষ্ট শাখাও অন্তৰ্ভূক্ত কৰা হৈছে; মুঠতে, সৰ্বাংগসুন্দৰ হৈ জনসাধাৰণৰ মাজলৈ ওলাই আহিছে এই প্লেটফৰ্মটো। ৰাইজৰ মাজতো নতুন কিবা এটা উপভোগ কৰাৰ এক সুন্দৰ ইচ্ছা পৰিলক্ষিত হৈছে। সঁচাকৈ ক’বলৈ গ’লে স্তব্ধতাৰ মাজতো স্তব্ধ নোহোৱাকৈ ৰোৱা মনোৰঞ্জন ক্ষেত্ৰখনত ReelDrama হৈছে আশাৰ ৰেঙণি; য’ত দৰ্শকে লাভ কৰিছে নতুনত্ব।

সপোনৰ পূৰ্ণতা-অপূৰ্ণতাক লৈ অংকুৰ ডেকাৰ "সপোনৰ সেতু" উপলদ্ধ Reeldrama তঃ 3
সপোনৰ পূৰ্ণতা-অপূৰ্ণতাক লৈ অংকুৰ ডেকাৰ "সপোনৰ সেতু" উপলদ্ধ Reeldrama তঃ 4


ইয়াৰ লগতে, চুটি ছবি “সপোনৰ সেতু” য়ে এক বাস্তৱ ছবি উপস্থাপনত সক্ষম হৈছে। চুটি ছবিখনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দাৰ পেজটোৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform