Rupaliparda.com
অনিশ্চয়তাৰ মাজতো মুকলি বৰ্ণালী কলিতাৰ নতুন গীত "ঠিকনা"; শ্ৰোতাৰ সঁহাৰিঃ 1

অনিশ্চয়তাৰ মাজতো মুকলি বৰ্ণালী কলিতাৰ নতুন গীত “ঠিকনা”; শ্ৰোতাৰ সঁহাৰিঃ

ক’ভিড সৃষ্ট পৰিৱেশে শেহতীয়াকৈ যে বিভীষিকাৰ সৃষ্টি কৰিছে সেয়া নক’লেও আপোলোক প্ৰত্যেকৰে বোধগম্য; একাংশ য’ত হতাশগ্ৰস্ত হৈছে তাতেই আকৌ আন একাংশই নিজৰ হতাশাক লৈ নল’বগীয়া এটা পথৰ বিচাৰ কৰিছে। সামাজিক পৰিস্থিতিটোৰ সমান্তৰালকৈ ক’ভিড পৰিস্থিতিটোৱে মনোৰঞ্জন ক্ষেত্ৰখনতো ঋণাত্মক প্ৰভাৱ পেলোৱাও পৰিলক্ষিত হৈছে। যদিও একাংশই ৰাইজক মনোৰঞ্জন প্ৰদানৰ অহৰহ চেষ্টা কৰিছে; তথাপিও হ’বলগীয়া বহুখিনি প্ৰকল্পত ইতিমধ্যে স্তব্ধতা সানিছে ক’ৰোণা ভাইৰাছে। এনে পৰিপ্ৰেক্ষিততে, ক’ৰোণাৰ বাবে এই প্ৰত্যাহ্বান মূলক দিনকেইটা আঁতৰি যোৱাৰ খাতিৰত বিগত বহু দিনৰ পৰা নিজ গীতৰ মুক্তিৰ বাবে অপেক্ষা কৰিছিল বৰ্ণালী কলিতাই; কিন্তু শেহতীয়াকৈ অনুৰাগীৰ বাবে তেওঁ মুকলি কৰি দিছে নতুন গীত “ঠিকনা”। বৰ্ণালী কলিতা অসমীয়া সংগীত ক্ষেত্ৰখনৰ এনে এগৰাকী কণ্ঠশিল্পী; যাৰ কণ্ঠৰ অনুৰাগীৰ দীঘলীয়া শাৰী এটিক হৃদয়ংগম কৰিব পৰা যায়। অসমীয়াকে ধৰি কেইবাটাও ভিন্ন ভাষা ক্ৰমে ইংৰাজী, হিন্দী কাৰ্বি, বড়ো, মিছিং, নেপালী, তিৱা, দেউৰী, অৰুণাছলী, বেংগলীত কন্ঠদান কৰা বৰ্ণালী কলিতা অসমৰ জনসাধাৰণৰ বাবেই হৈছে এক স্বাভিমান। ১০ হাজাৰতকৈও অধিক গীতত কণ্ঠদান কৰিছে বৰ্ণালী কলিতাই। সদ্যমুক্তিপ্ৰাপ্ত গীত “ঠিকনা” মুক্তিৰ সমান্তৰালকৈ কণ্ঠশিল্পী গৰাকীয়ে পূৰণি দিনৰ তেওঁলোকৰ গীতসমূহ বাণীবদ্ধ কৰা সময়ছোৱাৰ অহৰহ ব্যস্ততাৰ কথাও ব্যক্ত কৰে।


তেওঁ কয় যে, একেদিনাই Dwizachitra studio ত ১৮ টা গীতত কণ্ঠদান কৰিছিলোঁ। প্ৰযোজকৰ দীঘলীয়া শাৰী। এতিয়া সেই দিন, সেই প্ৰযোজকো নাই। সময় বহুত সলনি হ’ল । কণ্ঠশিল্পী সকলে নিজাববীয়াকৈ গান প্ৰযোজনা কৰাৰ লগতে ভিডিঅ’ ইণ্ডাষ্ট্ৰীটো কো জীয়াই ৰাখিছে। ক’ৰনা মহামাৰীৰ বাবে বৰ্তমান আমাৰ সংগীত জগত খনত বহু অনিশ্চয়তাই দেখা দিছে। বহু কেই গৰাকী শিল্পীক হেৰুৱালো। গান অবিহনে স্তব্ধ হৈ পৰিছে সকলো শিল্পীৰে জীৱন। ক’ৰোণা মহামাৰীৰ বাবে লকডাউন দীঘলীয়া হোৱাত, শেষতীয়াকৈ মইও মোৰ গান মুকলি কৰা নাচিলোঁ। বহু কেইটা গানৰ অডিঅ’ যোৱাবছৰেই সম্পূৰ্ণ কৰিছিলোঁ আৰু এইবছৰো কেইটামান অডিঅ’ সম্পুৰ্ণ কৰি লকডাউনৰ অনিশ্চয়তাৰ মাজত মুকলি নকৰি থমকি ৰৈছিলো।” উল্লেখ্য যে, কণ্ঠশিল্পী গৰাকীৰ বিবাহ বাৰ্ষিকীৰ দিনা তেওঁৰ স্বামীয়ে গীতটিৰ ভিডিঅ’ আকাৰে তেওঁক উপহাৰ দিয়ে। গীতটিত কথা, সুৰ আৰু সংগীতৰ লগতে হাৰমনিকাৰ দায়িত্বত আছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ আন এগৰাকী জনপ্ৰিয় সংগীতশিল্পী পলাশ সূৰ্য্য গগৈ। ইয়াত চিতাৰ বজাইছে শুভশংকৰে লগতে গীতাৰ ৰূপমৰ। আনহাতে,3D Animeation ৰ পৰিকল্পনা, মডেলিং আৰু ডিজাইন উদ্দীপ্ত আৰু উদ্দীপনৰ। প্ৰায়ে ৰাজনৈতিক আৰু সামাজিক ইত্যাদি দিশবোৰত সক্ৰিয়তাৰে নিজ স্থিতি দৃঢ় কৰি আহিছে বৰ্ণালী কলিতাই।

অনিশ্চয়তাৰ মাজতো মুকলি বৰ্ণালী কলিতাৰ নতুন গীত "ঠিকনা"; শ্ৰোতাৰ সঁহাৰিঃ 2
অনিশ্চয়তাৰ মাজতো মুকলি বৰ্ণালী কলিতাৰ নতুন গীত "ঠিকনা"; শ্ৰোতাৰ সঁহাৰিঃ 3

তেওঁৰ “ঠিকনা” শীৰ্ষক এই গীতটিয়ে মুক্তিৰ পিছতেই শ্ৰোতা-দৰ্শকৰ বহুল সমাদৰ। বৰ্ণালী কলিতাৰ এনে প্ৰকল্পসমূহক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

1 comment

Leave a Reply

  • ধুনীয়া গান, শুনি বৰ ভাল লাগিল। শুভেচ্ছা থাকিল

    প্ৰতুল খুৰা, নিউজিলেন্ড

The Ultimate Managed Hosting Platform