Rupaliparda.com
সান্নিধ্য ভূঞাৰ সাংগীতিক যাত্ৰাৰে "মোৰ গানৰ দেহাত"- 1

সান্নিধ্য ভূঞাৰ সাংগীতিক যাত্ৰাৰে “মোৰ গানৰ দেহাত”-

সান্নিধ্য ভূঞা; নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভা বুলি কৈয়ে সামৰিলেই জানো হ’ব?? শেহতীয়াকৈ তেওঁ যিমানবোৰ সৃষ্টি কৰিছে সেই আটাইবোৰেই সংগীত প্ৰেমী শ্ৰোতাৰ প্ৰিয় গীতৰ তালিকাত সন্নিৱিষ্ট হৈ পৰিছে। ১৯৯৯ চনত শিৱসাগৰত জন্মগ্ৰহণ কৰা এই গৰাকী সংগীত শিল্পীৰ নাম বৰ্তমান প্ৰায়বোৰ গীততেই দেখিবলৈ পোৱা যায়। সংগীত পৰিচালক তথা কন্ঠশিল্পী হিচাপে নিজক গঢ় দিয়া এইগৰাকী প্ৰতিভাই শেহতীয়াকৈ মুকলি কৰি দিছে তেওঁৰ সাংগীতিক যাত্ৰাৰ সৈতে সংগতি ৰাখি এটি গীত তথা ভিডিঅ’। মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত একাংশ এনে নৱপ্ৰজন্মৰ কৰ্মৰ প্ৰতি থকা স্পৃহা, প্ৰতিভাই প্ৰায় জনসাধাৰণকে আপ্লুত কৰি ৰাখিছে। সান্নিধ্য ভূঞা বুলি ক’লে অৱশ্যে বৰ্তমান কেৱল মাত্ৰ এটা প্ৰজন্মৰ সংগীত প্ৰেমী শ্ৰোতাই যে তেওঁক লৈ আকৰ্ষিত তেনে বুলি ক’লে আচলতে ভুল কোৱা হ’ব। এটি গীতৰ কথা আৰু কথাৰ আঁৰৰ অৰ্থ, অৰ্থৰ সৈতে সমিল সুৰ-সংগীতৰ ব্যৱস্থাই এটি গীতক সুন্দৰ কৰি তুলিছে। “তুমি সুবাস”, “মতলীয়া”, “জীপাল” আদি কেতবোৰ গীতত সান্নিধ্য ভূঞাৰ প্ৰতিভাৰ এক সুন্দৰ নিদৰ্শন সকলোৱে পাইছো। আমি অৱশ্যে আপোনালোকক আৰু বেছি বহলাই ক’বলৈ নাযাওঁ; তেওঁৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীতটোক বাৰু আপোনালোকে উপভোগ কৰিলেনে?


“মোৰ গানৰ দেহাত” শীৰ্ষক এই গীতটিৰ ভিডিঅ’টো যোগেৰে সৰুৰ পৰা সান্নিধ্য ভূঞাৰ নিৰৱচিন্ন প্ৰচেষ্টা আপোনালোকে দেখিবলৈ পাব। “মোৰ গানৰ দেহাত তেজৰ চেকা হৃদয় ধোৱাৰ, মোৰ দুখৰ পঁজাত আন্ধাৰে ঢকা সপোন পোৱাৰ”; গীতটিৰ কথাৰ দায়িত্বত আছে শ্ৰী দীপক ভূঞা। দৰ্শক-শ্ৰোতাক আপ্লুত কৰাৰ স্বাৰ্থত নহয়; ব্যক্তিবিশেষৰ জীৱনৰ ওপৰত আধাৰিত অথবা জীৱনত প্ৰয়োজন হোৱা বিষয় নাইবা অনুভৱক গীতৰ মাজেৰে প্ৰকাশ কৰাৰ যি চেষ্টা; সেই চেষ্টাৰ বাবেই প্ৰতিভাগৰাকীকৰ অনুৰাগী বহু লোক। উল্লেখ্য যে, সান্নিধ্য ভূঞাৰ সদ্যমুক্তিপ্ৰাপ্ত গীতটিয়ে লাভ কৰিছে অনুৰাগীৰো বহুল সমাদৰ। গীতটিত কণ্ঠদানৰ লগতে সুৰ কৰিছে সান্নিধ্যই নিজেই; সংগীত ৰাজনীশ শইকীয়াৰ। ভিডিঅ’ ডিজাইন কৰিছে আশীস দত্তই আৰু এডিশ্বনেল গীতাৰ অংশুমান পাঠকৰ। বাণিজ্যিক গীত যদিও নহয় “মোৰ গানৰ দেহাত” শীৰ্ষক গীতটিত অনুৰাগীৰ কমেণ্টো হৈছে মন কৰিবলগীয়া। য’ত একাংশই সান্নিধ্য ভূঞাই সংগীত ক্ষেত্ৰখনক সুকীয়া মাত্ৰা প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে, তাতেই আকৌ আন একাংশই মুক্তিপ্ৰাপ্ত গীতটিক বাৰম্বাৰ শুনিলেও হেঁপাহ নপলায় বুলি উল্লেখ কৰিছে। অৱশ্যে, এক কথাত ক’বলৈ গ’লে নৱপ্ৰজন্মৰ প্ৰতিভা গৰাকীৰ বাবে এয়া আৰম্ভণিহে মাত্ৰ। তেওঁ আৰু দূৰ বাট সুন্দৰ সংগীতক সংগী কৰি আগবাঢ়িব লাগিব।

সান্নিধ্য ভূঞাৰ সাংগীতিক যাত্ৰাৰে "মোৰ গানৰ দেহাত"- 2


তেওঁৰ এই যাত্ৰাত আশীৰ্বাদ হওঁক অনুৰাগীৰ সঁহাৰি আৰু সমাদৰ। সান্নিধ্য ভূঞালৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও যাঁচিছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform