Rupaliparda.com
কথাৰে ধনী "অ জিঞা"; ধনাত্মক বাৰ্তাৰে পৰিপূৰ্ণ ন-গীতটিঃ 1

কথাৰে ধনী “অ জিঞা”; ধনাত্মক বাৰ্তাৰে পৰিপূৰ্ণ ন-গীতটিঃ

আমি অধিক কথা কোৱা লোকসকলক বাৰু “কথা চহকী” অথবা “কথাৰে ধনী” বুলি আখ্যা নিদিওঁ নে? সেই একেখিনি কথাকেই আমি প্ৰয়োগ কৰিব পাৰোঁ আমাৰ সংগীত ক্ষেত্ৰখনক লৈও; শেহতীয়াকৈ এই ক্ষেত্ৰখনত আমি এনে একাংশ গীত শুনিছো যি সমূহৰ কথা ইমানেই অধিক গ্ৰহণযোগ্য যে সেইসমূহ বাৰম্বাৰ শুনিবলৈ আমি প্ৰয়াস কৰোঁ। মনোৰঞ্জন এক অবিৰত প্ৰক্ৰিয়া; যেতিয়া কোনো এজন নৱপ্ৰজন্মৰ প্ৰতিভাই স্তব্ধতাক আওঁকান কৰি মনোৰঞ্জন প্ৰদানৰ অৰ্থে তেওঁলোকৰ সৃষ্টি সমূহ শ্ৰোতা-দৰ্শকৰ মাজলৈ উলিয়াই দিয়ে তেতিয়া তেওঁলোকৰ প্ৰতি জনসাধাৰণ আৰু অধিক আকৰ্ষিত হৈ পৰে। সম্প্ৰতি সময়ছোৱাত একোগৰাকী নৱপ্ৰজন্মই সাংস্কৃতিক দিশটোৰ প্ৰতি দেখুওৱা আগ্ৰহ সঁচাকৈ উল্লেখনীয়। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব।অসমৰ সাংস্কৃতিক জগতখন পৃথিৱীৰ ভিতৰতেই চহকী। এই ক্ষেত্ৰখনৰ বিভিন্ন শিতানত অন্তৰ্ভূক্ত শিল্পী সমূহৰ তেওঁলোকৰ কলাটোক লৈ থকা শ্ৰদ্ধা তথা ভক্তিয়েই ইয়াক বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ সক্ষম হয়।


শিল্পী সমূহে তেওঁলোকৰ কলাসমূহক উচ্চস্তৰলৈ নি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি সমগ্ৰ অসমক গৌৰন্বিত কৰি তোলা উদাহৰণো আমাৰ ইয়াত আছে। বিজ্ঞানসন্মত এই পৃথিৱী খনত নিজ কলা, সাহিত্য, সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ থকা প্ৰেমে আমাৰ এই ক্ষেত্ৰখনক অধিক সফল কৰি তোলে। শেহতীয়াকৈ, ” কথাৰে ধনী” খ্যাত এটি গীতে মুক্তি লাভ কৰিছিল, গীতটি হৈছে “অ জিঞা”। গীতটিয়ে বহুল হাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে; গীতটিত কথা দিয়াৰ লগতে কণ্ঠদান আৰু গীতটিত সুৰ কৰিছে হিমাংশু জান শৰ্মাই। সংগীত প্ৰযোজনা আৰু শব্দ সংমিশ্ৰণ তথা গীতটিৰ কণ্ঠদানত সহযোগ কৰিছে হীৰকজ্যোতি নাথে। চাউণ্ড ডিজাইন অংশুমান ৰং বৰুৱাই। গীতটিৰ ভিডিঅ’ৰ থ্ৰী ডি মডেলিং উদ্দীপন ভট্টাচাৰ্যৰ; লগতে থ্ৰী ডি ডিজাইন কৰিছে উদ্দীপ্তা কুমাৰ ভট্টাচাৰ্য্য। গীতটিৰ ইউটিউব লিংকত চকু ফুৰালেই আপুনি শ্ৰোতাৰ ধনাত্মক কমেণ্ট দেখিবলৈ পাব; নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম। তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। গীত এটি শুনিলেই যেতিয়া তাৰ শব্দই, সংগীতে আমাক মুগ্ধ কৰে; তেতিয়াই এটা গীত সফল বুলি আমি ক’ব পাৰোঁ।

কথাৰে ধনী "অ জিঞা"; ধনাত্মক বাৰ্তাৰে পৰিপূৰ্ণ ন-গীতটিঃ 2


সফলতা ইউটিউবত লিংকত সাঙুৰ খোৱা ভিউৱাৰচক আচলতে নুবুজায়। উক্ত গীতটিৰ বহুল সফলতাৰ লগতে ইয়াৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform