Rupaliparda.com
"মোৰ নিজাকৈ কেইবাটাও নতুন প্ৰজেক্টৰ কাম চলি আছে"- তাজ আখতাৰ 1

“মোৰ নিজাকৈ কেইবাটাও নতুন প্ৰজেক্টৰ কাম চলি আছে”- তাজ আখতাৰ

সপোনৰ দিশটোত প্ৰায়ে নিজ অভিভাৱকে সন্তানটিক হাত ধৰি আগবঢ়াই লৈ গৈ থাকে। আজিৰ পৰা প্ৰায় তিনিটা বছৰ আগতে এটি বিহুসুৰীয়া গীতে লাভ কৰিছিল চৰ্চা; সেই সময়ৰে পৰা বৰ্তমানলৈ সংগীতৰ দিশটোত নিজ সাধনা অব্যাহত ৰাখিছে তাজ আখতাৰে নামে এগৰাকী নৱপ্ৰজন্মৰ কণ্ঠশিল্পীয়ে। মনোৰঞ্জন নথকালৈ জীৱনৰ প্ৰত্যেকটো ৰসেই আধৰুৱা। সেইবাবেই হয়টো জনসাধাৰণে হতাশাতো এটা গান শুনিয়ে মন পাতলাবলৈ চেষ্টা কৰে; আমনিদায়ক হৈ থকা সময়কণতো আচলতে বহুতেই বিচাৰে সংগীত। ফলত, মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত সংগীত বিষয়টোৱে অধিক দৰ্শক আৰু শ্ৰোতাক নিজৰ পিনে টানি ৰখা বুলি ক’ব পাৰি। এই সংগীত ক্ষেত্ৰখনক লৈ আকৰ্ষিত বৰ্তমান বহু যুৱপ্ৰজন্ম; তথাকথিত “সংগীত” ৰ আখ্যা দিয়া কিছু গীতৰ তুলনাত একাংশ যুৱপ্ৰজন্মৰ বৰ্তমান সৃষ্টি সঁচাকৈয়ে মনকৰিবলগীয়া। বাধা-সংগ্ৰাম আদিবোৰ মানব জীৱনৰ একোটা এৰাব নোৱাৰা অংগ; এইসমূহক পিছত এৰি যদিও চাওঁ তেতিয়াহ’লে একাংশ যুৱপ্ৰজন্মৰ সৃষ্টি শলাগিবলগীয়া। আমি শেহতীয়াকৈ কথা পাতিছিলো প্ৰতিভা তাজ আখতাৰৰ সৈতে; সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “প্ৰথম সংগীতৰ ক্ষেত্ৰখনলৈ মই দেউতাৰ জৰিয়তে আহিবলৈ সক্ষম হৈছিলোঁ; মোৰ দেউতাও এগৰাকী সংগীতশিল্পী আছিল বাবেই তেখেতে মোক প্ৰথম শ্ৰেণীত থাকোতেই সেই সময়ৰ দেৰগাঁৱৰ এখন আগশাৰীৰ সংগীত বিদ্যালয় “গীতাশ্ৰী মিউজিক একাডেমী”ত নামভৰ্তি কৰি দিছিল।তেতিয়াৰ পৰাই মই সংগীতৰ লগত সম্পূৰ্ণকৈ জড়িত হৈ পৰিলোঁ আৰু তাৰপৰাই মই শাস্ত্রীয় সংগীতত বিশাৰদো লাভ কৰিবলৈ সক্ষম হ’লো।”


তাজ আখতাৰে আগলৈ কয় যে, “কমাৰ্চিয়েল লাইনৰ বাবে যিখিনি শিকিব লগা আছিল সেইয়া মোৰ শ্ৰদ্ধাৰ গুৰু প্ৰয়াত বকুল শৰ্মা দেৱৰ পৰা শিকিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ত, শ্ৰদ্ধাৰ কুণ্ডন উপাধ্যায় বাইদেউৰ ওচৰত গজল ভজনৰ শিক্ষা গ্ৰহণ কৰোঁ। ইয়াৰ উপৰিও, মই গুৱাহাটীৰ শ্ৰদ্ধাৰ তপন ফুকন চাৰৰ ওচৰত গীতাৰ আৰু মিউজিক প্ৰডাকচনৰ শিক্ষা গ্ৰহণ কৰোঁ। বতৰ্মান, মই গীত গোৱাৰ উপৰিও মিউজিক প্ৰডাকচনৰ কামৰ সৈতে জড়িত হৈ আছো।” সংগীতৰ কোনটো উপাদানে এটা সংগীত পূৰ্ণতা দিয়ে বুলি কৰা প্ৰশ্নৰ উত্তৰত কণ্ঠশিল্পী গৰাকীয়ে কয় যে, “সংগীতৰ ক্ষেত্ৰত ক’বলৈ গ’লে কোনো এটা নিদিষ্ট উপাদানৰ গুৰুত্ব বেছি বুলি মই নাভাবো; প্ৰতিটো উপাদানেই এটাৰ আনটোৰ পৰিপূৰক; যেনে ধৰক এটা গীত সম্পূৰ্ণ হোৱাত গীতৰ কথা, গীতৰ সুৰ আৰু সংগীত গোটেই কেইটা উপাদানৰে গুৰুত্ব সুকীয়া সুকীয়া, কিন্তু তাৰেই যিকোনো এটাৰ মানদণ্ড কমি গ’লেই গীতটোৰ ওপৰত তাৰ প্ৰভাব পৰিব পাৰে। তাৰোপৰি, এই সকলোখিনি উচ্চ মানদণ্ডৰ হোৱাৰ পাছতো যদি কণ্ঠ সুন্দৰ নহয় তেতিয়াই আমি নিৰাশ হ’ব লগা হয়।” আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “ভবিষ্যত পৰিকল্পনাতো যথেষ্ট খিনি আছে কিন্তু বতৰ্মান মই দেৰগাঁৱৰ সকলোৰে পৰিচিত এ ডি প্ৰডাকচনৰ লগত জড়িত হৈ আছো।প্ৰডাকচনৰ সংগীত পৰিচালক আৰু কণ্ঠশিল্পী হিচাপে; প্ৰডাকচনৰ কেইবাটাও নতুন প্ৰজেক্টৰ কাম চলি আছে।আপোনালোকক জনাবলৈ পায় সুখী হৈছোঁ যে, অহা জুলাই মাহৰ প্ৰথমতেই আপোনালোকৰ মাজলৈ মোৰ সংগীতেৰে এটি সুন্দৰ ৰোমান্টিক গীতৰ ভিডিঅ’ আগবঢ়াই দিম। গীতটোত কণ্ঠদান কৰিছে এ ডি প্ৰডাকচনৰ আন এজন উদীয়মান কণ্ঠশিল্পী অভিলাষ বৰপূজাৰীয়ে; আশা কৰোঁ, আপোনালোকে মৰমেৰে গীতটি আঁকোৱালি ল’ব।”

"মোৰ নিজাকৈ কেইবাটাও নতুন প্ৰজেক্টৰ কাম চলি আছে"- তাজ আখতাৰ 2
"মোৰ নিজাকৈ কেইবাটাও নতুন প্ৰজেক্টৰ কাম চলি আছে"- তাজ আখতাৰ 3


“তাৰোপৰি মোৰ নিজাকৈ কেইবাটাও নতুন প্ৰজেক্টৰ কাম চলি আছে; মাথো আমাক লাগে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ। আপোনালোকৰ এই মৰম আৰু আৰ্শীবাদেই আমাৰ নতুন কাম কৰাৰ প্ৰেৰণা।” তাজ আখতাৰৰ এনে পৰিকল্পনা তথা প্ৰকল্পসমূহক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform