Rupaliparda.com
আদিল হুছেইন

চৰিত্ৰ উপভোগ কৰে আদিল হুছেইনে || – উৎপল মেনা

আদিল হুছেইনৰ অভিনয় প্ৰথম কেতিয়া দেখিচিলো ! — মনত পৰিছে ! — ‘ ভায়ামামা ‘ত । ৮০ৰ দশকৰ অসমৰ বিখ্যাত কৌতুকগোষ্ঠী “ভায়ামামা”ত অভিনয় কৰিছিল আদিল হুছেইনে । ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী (ভায়ামামা )ৰ নেতৃত্বত বিশেষকৈ বিহুৰ সময়ত অসমৰ ভিভিন্ন প্ৰান্তত হাস্য – ব্যঙ্গ অনুস্থান মঞ্চস্থ কৰিছিল । আমাৰ প্ৰিয় আছিল ভায়ামামাৰ বিহ-হু’ আৰু আদিল হুছেইনৰ ‘ অমিতাভৰ আৱাজ ‘ ( বলিউডৰ অভিনেতাৰ , অমিতাভ বচ্চনৰ মিমিক্ৰি (mimicry) ) । ভালদৰে মনত আছে । বিহুৰ সময়ত আমাৰ গাওঁ বেলশৰলৈ গৈছিল ” ভায়ামামা ” । সময়ত আমাৰ গাৱৰ গৌৰৱ নাট্যকাৰ উগ্ৰ মেনাই ঘোষনা কৰিছিল — আৰু কিছু সময় পিছতে মঞ্চলৈ আহিব ” অমিতাভৰ আৱাজ ” লৈ আদিল হুছেইন ! — হয় , সেই দিনায়ে প্ৰথম ! আৰু তাৰ পিছত ? — তাৰ পিছত অসমীয়া চিনেমা ” পিতা পুত্ৰ ” ” সূত্ৰপাত ” আদিৰ সৰু সৰু চৰিত্ৰত আদিল হুছেইনক দেখিচিলো । আৰু প্ৰথমবাৰ মুখা মুখি হৈছিলো ১৯৯৪ – ৯৫ নাট্যবৰ্ষত , হেঙুল থিয়েটাৰত । ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত (১৯৯০ – ৯৩ ) আৰু “চাৰ্লছ ৱালেছ ইণ্ডিয়া ট্ৰাষ্ট”ৰ বৃত্তি পাই লণ্ডনৰ “ড্ৰামা ষ্টুডিঅ’ লণ্ডন”ত অভিনয়ৰ পাঠ লৈ প্ৰশান্ত হাজৰিকাৰ ” হেঙুল “লৈ গৈছিল । সেই সময়ত মই দৈনিক কাকত ” আজিৰ সংবাদ “ৰ সম্পাদনা বিভাগৰ সৈতে জড়িত আছিলো । মহানগৰীৰ চানমাৰীত মুখা মুখি হৈছিলো ৰাজীৱ দাৰ সৈতে । আভিনেতা ৰাজীৱ গোস্বামীৰ । ” আমি এই খিনিতে হোটেল এখনত আছো । বলা কথা পাতিম ! আদিল হুছেইনৰ সৈতেও কথা পাতিব পাৰিবা ! ” — ৰাজীব দাই মোক আদিল হুছেনৰ সৈতে চিনাকি কৰি দিছিল । কথা পাতিছিলো । পিছ দিনা ” আজিৰ সংবাদ “ত ছপা হৈছিল । — আদিল হুছেইন হেঙুলৰ মঞ্চত কৰা নিজৰ অভিনয়ক লৈ সন্তুষ্ট নাছিল ! কৈছিল , ” অস্বাবিক অভিনয় ” মোৰ বাবে সহজ নহয় ! ” কৈছিল — আকৌ অভিনয় শিকিব । অভিনয়ৰ কচৰৎ কৰিব । অভিনয় শিপাৰ পৰা অনুভৱ কৰিব । ” হেঙুল ” চাবলৈ আমন্ত্ৰন কৰিছিল । কিন্তু চোৱা নহ’ল । — সেই যে আদিল হুছেইনক লগ পাইছিলো , তাৰ দুদিন পিছতে উৰা মাৰিছিলো মুম্বাইলৈ । উভতিছিলো ২০০২ চনতহে । — কথা প্ৰসঙ্গত এদিন নাট্যকৰ্মী অতুল কুলকাৰ্নীয়ে কৈছিল আদিল হুছেইনৰ কথা । ” অসাধৰণ অভিনয় ক্ষমতা আছে আদিলৰ মাজত । ” দৈনিক কাকত ” নৱ ভাৰত “ত ছপা হোৱা আদিল কেন্দ্ৰীক লেখা এটা পঢ়ি এনেদৰে কৈছিল । লেখাটোত পোৱা তথ্য : আদিলে দিল্লীত মঞ্চ কেৰিয়াৰ আৰম্ভ কৰে । লগতে খালিদ ত্যাবজীৰ তত্ত্বাৱধানত অভিনয়ৰ পাঠ লয় । পৰৱৰ্তী সময়ত পণ্ডিচেৰীৰ “অৰবিন্দ্ৰ আশ্ৰম”ত সৌপান বসু ৰ তত্ত্বাৱধানতো অভিনয় অধ্যয়ন কৰে । অভিনয়ৰ পাঠ লয় দিল্লীৰ দিলীপ শংকৰৰ ওচৰতো ।

— শিক্ষাৰ ফচল ” অ’থেল’: এ প্লে ইন ব্লেক এণ্ড হোৱাইট ” (Othello: A Play in Black and White) । নাটক খনত কৰা অভিনয়ৰ বাবে “এডিনবাৰ্গ ফ্ৰিঞ্জ” পুৰস্কাৰ লাভ কৰিলে আদিল হুছেইনে । ১৯৯৯ চনত । ৰয়ষ্টেন এবেলৰ পৰিচালনাৰে অভিনয় কৰিছিল “গুডবাই ডেচডি’মনা” ত । এই নাটক খনত কৰা অভিনয়ৰ বাবেও নাট্যৰসিকৰ মাজত চৰ্চাৰ বিষয় হৈছিল আদিল । চৰ্চাৰ বিষয় হৈছিল চিনেমাত অভিনয় কৰিও । অভিনয় কৰা চিনেমাাৰ তালিকা খন : ” সংকল্প ” (১৯৮৬ / অসমীয়া ) , ” সূত্ৰপাত ” ( ১৯৮৭ / অসমীয়া ) , ” পিতা পুত্ৰ ” , ( ১৯৮৮ / অসমীয়া ) , ” ভাই ভাই ” ( ১৯৮৯ /অসমীয়া ) , ” ইন অ’থেল’ ” ( ২০০৩ / ইংৰাজী ) , ” ইতি শ্ৰীকান্ত ” ( ২০০৪ / বঙালী ) , ” কমিনে ” ( ২০০৯ / হিন্দী ) ,
” ইস্কিয়া ” ( ২০১০ / হিন্দী ) ,” এজেণ্ট বিনোদ” ( ২০১২/ হিন্দী ) ,” ইংলিছ ৱিংলিছ ” ( ২০১২ / হিন্দী ) , ” দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট ” (২০১২ / ইংৰাজী ) ,
” লাইফ অৱ পাই ” ( ২০১২ /ইংৰাজী ) ,
“লেছনচ ইন ফৰগেটিং ” ( ২০১২ / ইংৰাজী ) ,
“লুটেৰা ” (২০১৩ /হিন্দী ) ,
” ৰাগ – দ্য ৰিদম অৱ লাভ ” ( ২০১৪ /অসমীয়া ) ,
” কাঞ্চি – দ্য আনব্ৰেকেবোল ” ( ২০১৪/ হিন্দী ) ,
” দ্য এক্সপ’জ ” (২০১৪ / হিন্দী ) , শৃংখল ২০১৪ অসমীয়া
” ৰ’দৰ চিঠি ” ( ২০১৪ /অসমীয়া ) ,” জেড প্লাচ ” ( ২০১৪ /হিন্দী ) , ” টাইগাৰছ্ ” (২০১৪/ হিন্দী ) , ” হোৱাইট লাইজ ” ( ২০১৪ / হিন্দী ) , ” মেই অউৰ চাৰ্লচ ” (২০১৫ /হিন্দী ),
” জয় হো ডেম’ক্ৰেচি ” ( ২০১৫ /হিন্দী )
” আনফ্ৰিড’ম ” (২০১৫ /হিন্দী ) ,”পাৰ্চড ” ( ২০১৫ / হিন্দী ) , ” ফিষ্ট অৱ্ বাৰাণসী ” (২০১৫ /হিন্দী ), ” ইয়াটচান ” ( ২০১৫ /তামিল ) ,” আহান ” ( ২০১৫ /হিন্দী ) , ” নানক শ্বাহ ফকিৰ ” ( ২০১৫ /ইংৰাজী ) ,
” অৰুনোদয় ” ( ২০১৫ / মাৰাঠী ) ,
” এংগ্ৰি ইণ্ডিয়ান গডেছ ” ( ২০১৫ / হিন্দী )
” হৰ হৰ ব্যোমকেশ ” (২০১৫ / বঙালী ) , ” উম্ৰিকা ” ( ২০১৫/ হিন্দী ) , ” দ্য ভায়’লিন প্লেয়াৰ ‘ (২০১৬/ হিন্দী ) , ” বম্বাৰিয়া ” ( ২০১৬ /হিন্দী ) , ” ফ’ৰ্ছ – ২ ” ( ২০১৬ /হিন্দী ) , ” কথানদী ” (২০১৬ /অসমীয়া ) .” লীনাচ বিউটি পাৰ্লাৰ ” ( ২০১৬ / অসমীয়া ) ” চক্ৰ ” ( ২০১৬ /হিন্দী ) ,
” কামাণ্ডো – ২ ” ( ২০১৭ / হিন্দী ) , ” মন্ত্ৰ ” (২০১৭ /হিন্দী ) , ” মুক্তি ভৱন ” ( ২০১৭ / হিন্দী )
” হোৱাট ৱিল পিপ’ল চে ” (২০১৭/নৰৱে’ ) ,
” মাজ ৰাতি কেতেকী ” (২০১৭ /অসমীয়া ) ,
” নেভাল এন্না জুয়েল ” (২০১৭ /মালায়ালম ) ,
” দ্য ইলিগেল ” ( ২০১৭ /ইংৰাজী )
” মাটি ” ( ২০১৮ / বঙালী ) ,
” হাৰে মন ” (২০১৮ /বঙালী ) , ” বায়োস্কোপৱালা ” ( ২০১৮ / হিন্দী ) ,
” 2.0 ” (২০১৮ /তামিল , হিন্দী ) ,
” নাইন হাৱাৰছ ইন মুম্বাই ” ( ২০১৮ /হিন্দী ) ,
” ৰাজমা চাৱল ” ( ২০১৮ /হিন্দী ) ,
” দিল্লী ক্ৰাইম ” (২০১৯ /হিন্দী ) , ” কবীৰ সিং ” ( ২০১৯ /হিন্দী ) ,” গুড নিউজ ” (২০১৯/ হিন্দী ) ,
” নিৰ্ভনা ইন্ ” ( ২০১৯ /হিন্দী ) ,” ৰাহগীৰ ” (২০১৯/ হিন্দী ) , ” ৰাম ” (২০১৯ /মালায়ালম ) ,” আখুনি ” (২০২০/ হিন্দী ) ,” পৰীক্ষা ” (২০২০/ হিন্দী ) আদি । চিনেমা কেইখন বিশ্লেষন কৰিলে স্পষ্ট হয় — কম ফুটেজৰ চৰত্ৰৰে চিত্ৰৰসিকৰ মনত দীৰ্ঘ ছাপ বহুৱাবলৈ সক্ষম হৈছে আদিলে । — নহয় , অভিনয় কৰা প্ৰতিটো চৰিত্ৰয়ে কম ফুটেজৰ নহয় । কেইবা খনো চিনেমাৰ কেন্দ্ৰীয় বা নায়কৰ চৰিত্ৰও নিৰ্মাণ হৈছে আদিলক লৈ । যেনে — “মুক্তি ভৱন “ৰ ( Hotel Salvation ) ৰাজীৱ চৰিত্ৰটো । চৰিত্ৰটোৰ ওচৰে পাজৰে আদিল হুছেইনৰ উপস্থিতি — সূন্য । চেহেৰাৰ , শৰীৰৰ অভিনয়ৰে আদিল ৰূপান্তৰ হৈছে ৰাজীৱলৈ । বিভিন্ন সমস্যাৰ মাজত চেপা খাই থকা ৰাজীৱলৈ ।চাকৰিয়াল ৰাজীৱৰ কামৰ হেচা ! আনহাতে পিতৃৰ “সুখ মৃত্যু “ৰ বাবে ” মুক্তিভৱন ” যাত্ৰা । । কৰ্তব্যক , দায়িত্বক গুৰুত্ব দিয়া মধ্যবিত্ত ৰাজীৱৰ মানসিক হেচা দৰ্শকে অনুভৱ কৰে দেহ – চেহেৰাৰ অভিনয় আৰু সংলাপ প্ৰক্ষেপণৰ পৰা । — আনকইখন মান চিনেমা , যিকেইখনৰ ( আদিল হুছেনৰ ) অভিনয়ে আমাক ছুই গৈছে : মাজ ৰাতি কেতেকী , ৰাগ – দ্য ৰিদম অৱ লাভ , জেড প্লাস , অব্যক্ত , ইতি শ্রীকান্ত , পার্চেদ আদিৰ । — ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আমন্ত্ৰণত নতুন দিল্লীত ২০১০ চনৰ ২৫ – ২৯ এপ্রিলত নাটক মঞ্চস্থ কৰিছিল কহিনুৰ থিয়েটাৰে । দৰ্শক আৰু নাটকৰ মাজত সাঁকো হৈছিল আদিল হুছেইন । সেই তেতিয়াই যে লগ পাইছিলো আৰু পোৱা নাই । তেতিয়া সুধিছিলো — ” ভায়ামামা “ৰ পৰা ” অ’থেল’ ” লৈ কিছু কথা । আৰু কিছু কথা । ” চৰিত্ৰ বুজিব লাগিব ! অভিনেতাৰ দেহ – মন ‘চৰত্ৰ ‘ হব লাগিব । সৰু চৰিত্ৰ – ডাঙৰ চৰিত্ৰ বুলি কথা নাই । আৰু মূল কথা — ‘ চৰিত্ৰ ‘টো উপভোগ কৰিব পাৰিব লাগিব । ” — আদিল হুছেইনে কৈছিল । ” আজিৰ দৈনিক বাতৰি “ত লিখিছিলো । আৰু লিখিছিলো : আদিল হুছেইনৰ জন্ম অসমৰ গোৱালপাৰাত । অভিনয়ৰ আদি পাঠ তাতেই লৈছিল । দেখি – শুনি ! আৰু এদিন গুৱাহটীলৈ আহিছিল । গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত নাম ভৰ্ত্তি কৰিছিল । স্বাভাবিকতে অভিনয়ৰ ক্ষেত্ৰখন বহল পাইছিল ! আৰু এদিন ” ভায়ামামা “ৰ ওচৰ পাইছিল ।

Utpal Mena

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform