Rupaliparda.com
৩৯,৫০০ টকীয়া টুপিৰে ৰণৱীৰ সিং আকৌ চৰ্চালৈঃ 1

৩৯,৫০০ টকীয়া টুপিৰে ৰণৱীৰ সিং আকৌ চৰ্চালৈঃ

বি-টাউনৰ জনপ্ৰিয় অভিনেতা ৰণৱীৰ সিং অভিনয়ৰ সমান্তৰালকৈ নিজ ষ্টাইলৰ বাবে বহুল হাৰত চৰ্চিত। সেই ষ্টাইলৰ বিভিন্ন ফটো প্ৰায়ে ব্যক্তিগত ইনষ্টাগ্ৰাম একাউণ্টযোগে তেওঁ শ্বেয়াৰ কৰি আহিছে; ষ্টাইলৰ বাবে অভিনেতা ৰণৱীৰ সিং বাৰম্বাৰ ট্ৰোল হোৱাও দেখিবলৈ পোৱা যায়। তেওঁৰ এই ফটোসমূহ আপলোড হোৱাৰ পিছতেই মিমেৰে ভৰি পৰে চচিয়েল মিডিয়া। শেহতীয়াকৈ, এটা ডেন্স ষ্টুডিঅ” ৰ বাহিৰত এক কেজুৱেল লুকত দেখিবলৈ পোৱা গৈছিল ৰণৱীৰক কিন্তু এই কেজুৱেল লুকৰ সৈতে আমি অইন এটা প্ৰসংগহে টানিব খুজিছোঁ। তেওঁ সেই কাপোৰ যোৰৰ সৈতে এটা টুপি পৰিধান কৰে; তেওঁৰ এই টুপিটোৰ দাম শুনিলেই হয়টো আপুনিও হৈ পৰিব আচৰিত। হয়, অভিনেতা গৰাকীৰ এই টুপিটোৰ দামেই হৈছে প্ৰায় ৩৯ হাজাৰ ৫০০ টকা। আহিবলগীয়া সময়ত ভালেকেইটা উল্লেখনীয় প্ৰকল্পৰ সৈতে ৰাইজে অভিনেতাগৰাকীক উপভোগ কৰিবলৈ পাব। আনহাতে জানিব পৰা মতে, ক’ৰোণা কালছোৱাত য’ত প্ৰতিজন চিলব্ৰেটী এনেই ঘৰত বহি থাকিবলগীয়া হৈছিল তাতেই আকৌ সেই সময়খিনিত অভিনেতা ৰণৱীৰ সিং যথেষ্ট পৰিমাণে লাভাম্বিত হৈছিল।

সেই সময়ছোৱাতো তেওঁৰ লোকপ্ৰিয়তা কম হৈ পৰা নাছিল। ৭ কোটিৰ পৰা ১২ কোটিলৈ মুঠ ৯ টা জনপ্ৰিয় ব্ৰেণ্ডে তেওঁক গ্ৰহণ কৰিছিল। বৰ্তমান তেওঁৰ ওচৰত প্ৰায় ৩৪ টা জনপ্ৰিয় ব্ৰেণ্ড আছে; গতিকে এক কথাত ক’ব পাৰি যে সম্প্ৰতি বলীউড অভিনেতা ৰণৱীৰ সিং এগৰাকী ডাঙৰ তাৰকা হৈ আগবাঢ়িবলৈ লৈছে। জনপ্ৰিয় ব্ৰেণ্ডৰ বাহিৰেও ৰণৱীৰ সিঙৰ ওচৰত আছে কেইবাখনো জনপ্ৰিয় ছবি; ৮৩, জয়েশ ভাই যোৰদাৰ লগতে সূৰ্য়ৱংশীৰ দৰে কেইবাখনো জনপ্ৰিয় ছবিত আহিবলগীয়া সময়ত দেখিবলৈ পোৱা যাব অভিনেতা গৰাকীক। তেওঁ প্ৰায় প্ৰতিজন ডাঙৰ নিৰ্দেশকৰ সৈতে কাম কৰিছে আৰু এইক্ষেত্ৰত তেওঁৰ বক্স অফিচ কালেকচনো লক্ষণীয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform