Rupaliparda.com
হীৰেন ভট্টাচাৰ্য্যলৈ একাঁজলি শ্ৰদ্ধাঞ্জলিঃ 1

হীৰেন ভট্টাচাৰ্য্যলৈ একাঁজলি শ্ৰদ্ধাঞ্জলিঃ

“তুমিটো জানাই
এই কবিৰ আৰু একো নাই।
এটাই মাথোঁ কামিজ
তাৰো ছিগো-ছিগো চিলাই।
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায়”
………এনেধৰণৰ কেইবাটাও কবিতাৰ গৰাকী হীৰেন ভট্টাচাৰ্য্যৰ আজি মৃত্যুবাৰ্ষিকী। “কবি” বুলি ক’লেই প্ৰত্যেকৰে মনলৈ অহা এটা নাম। “সুগন্ধি পখিলাৰ কবি” অথবা “হীৰু দা” নামেৰে খ্যাত হীৰেন ভট্টাচাৰ্য্য দেৱৰ প্ৰতিটো কবিতা জনসাধাৰণৰ মাজত জনপ্ৰিয়। “আজি মোৰ এন্ধাৰতে টোপনি ভাগিল” শীৰ্ষক একোটা কবিতাৰ দ্বাৰা পঢ়ুৱৈৰ মন-মগজুত ঠাই বিস্তাৰ কৰা হীৰেন ভট্টাচাৰ্য্যৰ জন্ম হৈছিল যোৰহাটত। বিংশ শতিকাৰ শেষৰ দশককেইটাত অনিৰ্বাচনীয় কবিতাৰে পাঠকৰ মনগহ্বৰত সোমাই পৰা হীৰু দাৰ প্ৰথমখন কবিতাৰ সংকলন মুক্তি লাভ কৰে ১৯৭২ চনত; এই পুথিখনৰ নাম আছিল “মোৰ দেশ মোৰ প্ৰেমৰ কবিতা”।

"তুমিটো জানাই এই কবিৰ আৰু একো নাই"- হীৰেন ভট্টাচাৰ্য্যলৈ একাঁজলি শ্ৰদ্ধাঞ্জলিঃ 2


জনপ্ৰিয় সাহিত্য সমালোচক হীৰেন গোঁহাইয়ে এবাৰ হীৰু দাৰ জীৱন সম্পৰ্কে বক্তব্য দাঙি ধৰোতে কৈছিল যে, “ওপৰে ওপৰে চালে হীৰেন ভট্টাচাৰ্য্যৰ জীৱন খেয়ালী আৰু বিশৃংখল। কিন্তু তেওঁৰ শিল্পী জীৱন বান্ধি ৰাখিছিল সহজে চকুত নপৰা ৰুচিবোধ আৰু সংযমেৰে। কাৰো লগত বিবাদ-বিতৰ্কত লিপ্ত হোৱাটো তেওঁৰ বাবে আছিল সময়ৰ অপচয়। অথচ অসমীয়া ভাষা সংস্কৃতিৰ ঐতিহ্যৰ বাবে তেওঁ সচেতনভাৱে দায়বদ্ধ আছিল।” ১৯৭৬ চনত হীৰেন ভট্টাচাৰ্য্যই লাভ কৰিছিল অসম সাহিত্য সভাৰ “ৰঘুনাথ চৌধুৰী বঁটা”; ইয়াৰ পিছতে তেওঁক প্ৰদান কৰা হয় বিভিন্নটা বঁটা ক্ৰমে “সাহিত্য অকাডেমী বঁটা” “বিষ্ণু ৰাভা বঁটা”, “বালাজী সাহিত্য বঁটা”, “চোভিয়েট দেশ নেহেৰু বঁটা” কে ধৰি আন বহুতো। ২০১২ চনত কবি গৰাকীৰ দেহাৱসান ঘটাত স্তব্ধ হৈ পৰিছিল অসমীয়া শিল্পী জগত। হীৰু দাই আগবঢ়োৱা অৱদানসমূহে অসমৰ সংস্কৃতিৰ ভঁৰাল পৰিপূৰ্ণ কৰি ৰখাত যথেষ্ট সহায় কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform