Rupaliparda.com
মন্দিৰা বেদীৰ স্বামী ৰাজ কৌশলৰ মৃত্যুৱে টানিছে হতাশাঃ 1

মন্দিৰা বেদীৰ স্বামী ৰাজ কৌশলৰ মৃত্যুৱে টানিছে হতাশাঃ

বিগত দিনত বলীউডলৈ অহা বেয়া খবৰবোৰৰ মাজৰ এটা হৈছে মন্দিৰা বেদীৰ স্বামী ৰাজ কৌশলৰ শেষ নিশ্বাস ত্যাগ। ৩০ জুন তাৰিখটো মন্দিৰা বেদীৰ বাবে কাল হিচাবে প্ৰমাণিত হোৱা দেখিবলৈ পোৱা গ’ল। ৰাজ কৌশলৰ আকস্মিক মৃত্যুৰ ঘটনাই সমগ্ৰ বলীউডক জোঁকাৰি যোৱাৰ লগতে শোকাহত কৰি ৰাখিছিল। সম্পূৰ্ণ ৫ টা দিনৰ অন্তত মন্দিৰা বেদীয়ে অশ্ৰুশিক্ত নয়নেৰে নিজ শোক ব্যক্ত কৰে; তেওঁ বিনা কেপছনেৰে চচিয়েল মিডিয়াত শ্বেয়াৰ কৰে কেইখনমান ফটো। বিনা শব্দৰে শোকগ্ৰস্ত হোৱা মন্দিৰা বেদীক মানসিক সঁহাৰি জনোৱাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে বলীউড জগতৰ বহুসংখ্যক অইন তাৰকা-শিল্পীয়ে। আনহাতে, ইনষ্টাগ্ৰামৰ ডিপিও সলনি কৰে মন্দিৰা বেদীয়ে। ৩০ জুন তাৰিখে ৰাজ কৌশলে হঠাৎ পুৱা প্ৰায় ৪.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।ছবি প্ৰযোজক হোৱাৰ সমান্তৰালকৈ তেওঁ আছিল এগৰাকী লেখক আৰু পৰিচালকো। প্যাৰ মে কভী কভী, চাদী কা লাড্ডু, এন্থনী কৌন হ্যে আদিৰ দৰে চলচ্চিত্ৰৰ প্ৰযোজনাৰ দায়িত্বত আছিল ৰাজ কৌশল। এগৰাকী কপীৰাইটাৰ হিচাপে নিজ কেৰিয়াৰ আৰম্ভ কৰা ৰাজ কৌশলে ১৯৯৮ চনত বিজ্ঞাপন প্ৰযোজনা কোম্পানীৰ আৰম্ভণি কৰে আৰু ৮০০ৰো অধিক বিজ্ঞাপন প্ৰস্তুত কৰে। ২০০৫ চনত তেওঁ ‘মাই ব্ৰাডাৰ… নিখিল’ প্ৰযোজনা কৰি জনপ্ৰিয়তা লাভ কৰিছিল। ১৯৯৯ চনত তেওঁ মন্দিৰা বেদীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।


ক’ভিডৰ সমান্তৰালকৈ বলীউড ক্ষেত্ৰলৈ অহা একাংশ বেয়া খবৰে ক্ষন্তেকতে সকলোকে হতাশ কৰি তুলিছে। ক’ভিডৰ বিভীষিকাৰ ফলত ছবিসমূহে য’ত স্তব্ধতাৰ সন্মুখীন হৈছে তাতেই আকৌ আন একাংশই নল’বলগীয়া কিছু পথকো বাছি লৈছে। কিন্তু তাৰ মাজতেই এই ক্ষেত্ৰখনৰ সৈতে জড়িত একাংশৰ আকস্মিক মৃত্যু খবৰে প্ৰত্যেককে ব্যতিব্যস্ত কৰি তুলিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform