Rupaliparda.com
উৎপল দাস আৰু অনন্যা পৰাশৰৰ অফস্ক্ৰীণ ভিডিঅ'য়েও লাভ কৰিছে চৰ্চাঃ 1

উৎপল দাস আৰু অনন্যা পৰাশৰৰ অফস্ক্ৰীণ ভিডিঅ’য়েও লাভ কৰিছে চৰ্চাঃ

শ্বুটিঙৰ মাজতেই হাঁহি- স্ফূৰ্তিৰে “আহিনৰ আবেলি” শীৰ্ষক ধাৰাবাহিকখন সম্প্ৰচাৰ হৈছে। ধাৰাবাহিকখনৰ দুই মুখ্য চৰিত্ৰ ক্ৰমে উৎপল দাস আৰু অনন্যা পৰাশৰৰ যুঁটিটোক অনস্ক্ৰীণ যিমান সংখ্যক দৰ্শকে সমাদৰ জনাইছে তাৰ বিপৰীতে তেওঁলোকৰ অফস্ক্ৰীণ যুঁটিটোৰ কিছুমান কমেডি ভিডিঅ’ই লাভ কৰিছে চৰ্চা। ৰং চেনেলযোগে সম্প্ৰচাৰিত “আহিনৰ আবেলি” নামে ধাৰাবাহিকখনৰ কাহিনীভাগে দৰ্শকৰ হৃদয় জিনিবলৈ অৱশ্যে সক্ষম হৈছে। চচিয়েল মিডিয়াত ধাৰাবাহিকখনৰ সৈতে জড়িত প্ৰায় প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীয়ে সক্ৰিয়তাৰে ভিন্ন ফটো তথা ভিডিঅ’ শ্বেয়াৰ কৰি থকা দেখিবলৈ পোৱা যায়। তাৰ মাজতেই অভিনেতা উৎপল দাসে জীৱন কেন্দ্ৰিক ভিন্ন ধনাত্মক বাৰ্তাও অনুৰাগীৰ মাজত প্ৰকাশ কৰি থাকে। সৰুতেই কেইটামান নৰপিশাচৰ কামনাৰ বলি হোৱা এগৰাকী নাৰীৰ জীৱনৰ প্ৰত্যাহ্বান সমূহক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে উক্ত ধাৰাবাহিক খনৰ কাহিনী।অসমীয়া ভিচিডি “ৰিঙা ৰিঙা মন” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা উৎপল দাস বৰ্তমান সময়ৰ এগৰাকী উল্লেখনীয় অসমীয়া অভিনেতা। কেইবাখনো অসমীয়া ভিচিডিত একেলেঠাৰিয়ে অভিনয় কৰা উৎপল দাস বৰ্তমান সময়ৰ সফল আৰু জনপ্ৰিয় অভিনেতাৰ মাজৰ এগৰাকী।


উৎপল দাসৰ অসমীয়া প্ৰথমখন ছবি আছিল “ধন কুবেৰৰৰ ধন”; ইয়াৰ পিছতেই তেওঁ জনপ্ৰিয় পৰিচালক মুনীন বৰুৱাৰ সৈতেও কাম কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, একাংশ ভিচিডি আৰু অসমীয়া ছবিত অভিনীত উৎপল দাসে কেইবাখনো অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছে। বিগত বৰ্ষৰ ৰং চেনেলত সম্প্ৰচাৰিত “আঁউসীৰ জোনাক” শীৰ্ষক ধাৰাবাহিক খনত অভিনেত্ৰী স্নিগ্ধাৰ সৈতে উৎপল দাসৰ যুঁটিটোক পচন্দও কৰিছিল সকলোৱে। “বৃন্দাবন থিয়েটাৰ” ৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত হৈছিল অভিনেতা উৎপল দাস।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform