জীয়াই থাকোতে ” শিল্পীক সন্মান জনোৱা উচিৎ ” — এই উদ্দেশ্যেৰে লোক সংগীতৰ সাধক প্ৰভাত শৰ্মাৰ কায়িক বৰ্তমানত ” সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা ” দিয়াৰ কথা চিন্তা কৰিছিলো । এই প্ৰসঙ্গত দৈনিক জনমভূমিত মোৰ ” ৰাফকাট ” শিতানত লিখিছিলো । লেখাটো পঢ়ি কেইবাগৰাকীয়ো লোক আগবাঢ়ি আহিছিল । এগৰাকী চিনেমা প্ৰযোজকে বঁটাটো ” গ্লেমাৰ আৰ্টিষ্ট “ক দিলে লাখ টকা খৰচ কৰিবলৈ সাজু হৈছিল ! আমাৰ চিন্তাৰ সৈতে আগবাৰি অহা এজনৰো উদ্দেশ্য নিমিলিল । শেষত আমাৰ অনুৰোধত আগবাঢ়ি আহিছিল গ্ৰন্থ প্ৰকাশক (” চিত্ৰাচলৰ ” ) মৃণাল শৰ্মা । আমাৰ যি উদ্দেশ্য , সেই উদ্দেশ্য মনত ৰাখি ২০১৮ চনৰ পৰা ” সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা প্ৰদান কৰি আহিছে । ” উদযাপন সমিতি “য়ে সিদ্ধান্ত লৈছে শিল্পী গৰাকীৰ কায়িক অবৰ্তমানতো এই বঁটা প্ৰদান কৰিব । ২০২১ বৰ্ষৰ এই বঁটাৰ বাবে বিশেষ জুৰী মণ্ডলীয়ে নিৰ্বাচন কৰিছে ৰাভা লোক সংগীতৰ উদিয়মান গায়িকা বৰষা ৰাভাক । তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী– নাছিকায় , ৰাংখোপ , পানচুনা – ডালায় , ছাকছাং ছাকছাং , ছিঙি খুৰাং , অ আঙি নাছিকায় , অ ৰিমা আদি শ্ৰাব্য সংগীতৰ গায়িকা বৰষা ৰাভাৰ সংগীত যাত্ৰাত এই বঁটাই নিশ্চয় উৎসাহ দিব !
You may also like
উপমাৰ সিপাৰে… –উৎপল মেনা
“উপমাৰ সিপাৰে…” –মুকলি হ’ল। সুৰৰ ডেউকাত ভাল লগা, মৰম লগা আৰু এবোজা শব্দ লৈ শ্ৰোতাৰ ওচৰ পালে আৰু এটা “ভাল লগা” গীত, তৰালিৰ গীত,তৰালি শৰ্মাই “সুৰ-সংগীত অলংকাৰ”...
ইতি তোমাৰ: ২৯ মাৰ্চত –উৎপল মেনা
“ইতি তোমাৰ” –চুই যোৱা নাম। এখন অসমীয়া চিনেমাৰ। নতুন চিনেমা। নতুন পৰিচালক। নতুন চিনেচিন্তাৰ ইংগিত। পৰিচালক: পাৰ্ভেজ আহমেদ। ৰেড ৰিভাৰ ফাণ্ড আৰু মনচুন স্ক্ৰিপ্তৰ বেনাৰত নিৰ্মাণৰত চিনেমা খনৰ কাৰ্য্যবাহী...
জয় হনুমেন: চিনেচৰ্চা –উৎপল মেনা
” জয় হনুমেন” –এখন অসমীয়া চিনেমা। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনা। হিমাংশুৰ চিনেকৰ্মৰ এটা ভাললগা বা ইতিবাচক দিশ– বিষয়বস্তু নিৰ্বচানত যিমান মন দিয়ে, সিমান মন দিয়ে বজাৰ চিন্তা বা “বজাৰ...
“বীৰাংগনা সাধনী” তিনি যোদ্ধা–উৎপল মেনা
এখন অসমীয়া চিনেমা। প্ৰস্তুতি চলিছে। প্ৰচাৰ চলাইছে। জ্যোতি চিত্ৰবনত নুৰুদ্দিন আহমেদৰ নেতৃত্বত চে’ট নিৰ্মাণৰ কাম আৰম্ভ হৈছে। চিনেমা খনৰ বাজেট ১০ কোটি টকা। চিত্ৰনাট্যৰ বুনিয়াদ– চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী সতী...
বৰুৱাৰ সংসাৰ: উৎপল বৰপূজাৰীৰ “তথ্য-চিনেমা” –উৎপল মেনা
মন-মগজুত খোপনি পুটি থকা বা সাচি ৰখা কেইবা খনো অসমীয়া চিনেমাৰ টুকুৰা, সংলাপৰ টুকুৰা, চিৰসেউজ গীতৰ টুকুৰা পৰ্দালৈ আহিছিল। নষ্টালজিক হৈছিলোঁ, চিনে আনন্দ অনুভৱ কৰিছিলোঁ। কেমেৰা পেন কৰিছিল কংক্ৰিট মহানগৰীৰৰ সৰু-বৰ অট্টালিকাৰ...
“কুহি” সংবাদ –উৎপল মেনা
চিনেমা খনৰ নাম– ‘কুহিঁ’। কুঁহি চিনেমা খনৰ নায়িকা। কেন্দ্ৰীয় চৰিত্ৰ। সৰল মনৰ কুঁহিয়ে নিজ, নিকা বাটে খোজ কাঢ়ি ভাল পায়। পৰিচালক-লেখকে কুঁহি কেন্দ্ৰিক এটা ত্ৰিকোণীয় প্ৰেমৰ গল্প নিৰ্মাণ কৰিছে। নায়িকাৰ...
Add comment