Rupaliparda.com
"মই এই ভিন ভিন সম্প্ৰদায়ৰ লুপ্ত হৈ থকা সংগীত সমূহক ৰাইজৰ মাজলৈ উলিয়াই আনিব বিচাৰিছো"- সূৰুয আকাশ পাঠক 1

“মই এই ভিন ভিন সম্প্ৰদায়ৰ লুপ্ত হৈ থকা সংগীত সমূহক ৰাইজৰ মাজলৈ উলিয়াই আনিব বিচাৰিছো”- সূৰুয আকাশ পাঠক

উঠি অহা প্ৰজন্মৰ বহু যুৱক-যুৱতীৰ প্ৰতিভাই ইতিমধ্যে আপ্লুত কৰিছে জনসাধাৰণক। কোনোৱে যদি নতুন আৱিষ্কাৰ কৰিছে, কোনোৱে আকৌ লুপ্ত হ’ব ধৰা বিষয়বোৰক পুনৰাই সাধাৰণজনৰ মাজলৈ ওভতাই আনিছে; মুঠতে অবিৰত ধাৰাত চলি থকা এই সাংস্কৃতিক ক্ষেত্ৰখনে নিৰৱিচ্চিন্ন ভাৱে নিজৰ কাম কৰিছে। দৰ্শক-শ্ৰোতাক কেৱল মাত্ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিয়াই নহয়; সম্প্ৰতি নৱপ্ৰজন্মৰ সৃষ্টিত অন্তৰ্ভূক্ত জ্ঞানকো হৃদয়ংগম কৰিছে বহু সচেতন লোকে। সংগীত ক্ষেত্ৰখনৰ বিষয়েই যদি ক’ব যাওঁ, তেনেহ’লে ইয়াত প্ৰতিদিনে একোটা নতুন সৃষ্টি হৈছে। য’ত কোনোবাই আৰম্ভণিৰ প্ৰথমটো খোজ পেলাইছে, কোনোৱে আকৌ নিজৰ সৃষ্টিত নতুনৰ যোগান ধৰি নিজ অনুৰাগীৰ তালিকা দীঘলীয়া কৰিছে। মুঠতে, পূৰ্বে উল্লেখ কৰাৰ দৰেই এই ক্ষেত্ৰখনৰ এক সুন্দৰ যাত্ৰা অবিৰত ভাৱে চলি গৈ আছে। শেহতীয়াকৈ সংগীতৰ ক্ষেত্ৰখনত পেছাগত ভাৱে খোজ পেলাবলৈ অহা এগৰাকী যুৱকৰ নাম হৈছে সূৰুয আকাশ পাঠক। EL DORADO নামে এক সংগীতগোষ্ঠীৰ সৈতে জড়িত হৈ এই গৰাকী কণ্ঠশিল্পীয়ে শেহতীয়াকৈ মুকলি কৰা গীত “ৰাজপথ” ক বহুল হাৰত আঁকোৱালি লৈছে শ্ৰোতা-দৰ্শকে। সূৰুয আকাশ পাঠকে গীতটিৰ কথা লিখাৰ লগতে ইয়াত কণ্ঠদানো কৰিছে। শেহতীয়াকৈ, ৰূপালীপৰ্দাৰ তৰফৰ পৰা তেওঁৰ সৈতে পাতিছিলো কিছু কথা; তেওঁৰ সাংগীতিক আৰম্ভণিৰ বিষয়ে জানিব বিচৰাত তেওঁ কয় যে, “মোৰ প্ৰথম প্ৰচেষ্টা “ৰাজপথ” ক জনসাধাৰণে যথেষ্ট মৰম দিছে যাৰ বাবে মই অত্যন্ত সুখী। মোৰ আৰম্ভণি বুলি ক’বলৈ গ’লে মই অনানুষ্ঠানিক ভাৱে স্কুলীয়া দিনৰে পৰাই জড়িত আছিলো এইক্ষেত্ৰখনৰ সৈতে। কিন্তু, EL Doredo হিচাবে প্ৰায় ৪ বছৰ আগৰ পৰাই কাম কৰি আছোঁ। আচলতে, এয়া আমাৰ সকলোৰে দ্বিতীয়টো পৰিয়াল। তেনেকৈয়ে এই যাত্ৰাৰ আৰম্ভণি কৰিছিলোঁ।”


সংগীতৰ কোনটো উপাদানে এটা সংগীতক পূৰ্ণতা দিয়ে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “কথা, সুৰ আৰু লয়ৰ যি পৰস্পৰ সহযোগীতা আৰু এই বিষয়বোৰৰ মাজত যি সামঞ্জস্য, সিয়ে সংগীতক পূৰ্ণতা দিয়ে। মোৰ বোধেৰে, সংগীত যিহেতু এবিধ কলা আৰু প্ৰত্যেক কলাই সমাজলৈ একোটা বাৰ্তা প্ৰেৰণ কৰে, গতিকে, এইক্ষেত্ৰত কথাৰ যথেষ্ট গুৰুত্ব আছে। ইয়াৰ লগতে, কথাৰ প্ৰকাশভংগী যথোপযুক্ত হোৱাকৈ সুৰ দিয়াটো দৰকাৰ একোটা সংগীতত। আনহাতে, গীতটিৰ অভিব্যক্তি উপস্থাপনত লয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। । কিন্তু, এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছো যে যদিহে বাণিজ্যিকৰণেই যদি গীত প্ৰস্তুত কৰাৰ প্ৰধান উদ্দেশ্য হয়, ই সংগীতক অপমান কৰা যেনহে অনুভৱ মোৰ হয়। গান উলিয়াব লাগে কাৰণেই গান উলিওৱা-ৰ দৰে মানসিকতা মানসিকতাৰ পৰা সৃষ্টি হোৱা গানে পূৰ্ণতা লাভ নকৰে বুলি ভাবো। কিছুসময় লৈ নিজৰ সৃষ্টিশীলতাক সংগীতৰ মাজেৰে উপস্থাপন কৰিব পাৰিলেহে সেই সংগীতক শ্ৰোতাই সংযোগ কৰিব পাৰে।”

"মই এই ভিন ভিন সম্প্ৰদায়ৰ লুপ্ত হৈ থকা সংগীত সমূহক ৰাইজৰ মাজলৈ উলিয়াই আনিব বিচাৰিছো"- সূৰুয আকাশ পাঠক 2

তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “মোৰ সমনীয়া বহুত আছে অথবা মোৰ অগ্ৰজও বহুত আছে যিয়ে সচৰাচৰ অসমৰ পৰা বাহিৰলৈ গৈ কাম কৰিবলৈ বিচাৰে বা ইতিমধ্যেই কৰি আছে। কিন্তু মই বিচাৰিছো যে, আমাৰ ৰাজ্যখনৰ চুকে-কোণে অনেক জাতি, জনগোষ্ঠী, সম্প্ৰদায় আছে; আমি প্ৰতিদিনে লগ পোৱা ব্যক্তিসকলৰ সৰহ সংখ্যকেই হয়তো ভিন্ন সম্প্ৰদায়ৰ। তেওঁলোকৰ নিজাববীয়া গীত, নৃত্য, জীৱন ধাৰণ শৈলী, পৰম্পৰা ইত্যাদি সাংস্কৃতিক উপাদান আছে; গতিকে মোৰ বৰ্তমানলৈ আটাইতকৈ ডাঙৰ লক্ষ্য তথা পৰিকল্পনা এয়াই যে মই এই ভিন ভিন সম্প্ৰদায়ৰ লুপ্ত হৈ থকা সংগীত(মুলতঃ)ক ৰাইজৰ মাজলৈ উলিয়াই আনিব বিচাৰিছো। “ফ’ক মিউজিক” বুলিলে কেৱল মাত্ৰ গোৱালপৰীয়া অথবা কামৰূপীয়া লোকগীতকে নুবুজায়। ময়ো মোৰ সাংগীতিক সম্পৰীক্ষা কেৱল গোৱালপৰীয়া অথবা কামৰূপী লোকগীতৰ উপদানবোৰৰ মাজতে সীমাবদ্ধ কৰি ৰাখিব বিচৰা নাই। অসমৰ চুকে-কোণে থকা অলেখ সাংগীতিক উপাদান তথা শৈলী সমূহক স্বীকৃতি দিয়াৰো প্ৰয়োজন আছে। এইক্ষেত্ৰত মোৰ কাম কৰাৰ মন।”

"মই এই ভিন ভিন সম্প্ৰদায়ৰ লুপ্ত হৈ থকা সংগীত সমূহক ৰাইজৰ মাজলৈ উলিয়াই আনিব বিচাৰিছো"- সূৰুয আকাশ পাঠক 3


সূৰুযৰ মতে শিল্পীৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “শিল্পকৰ্মৰ জৰিয়তে যি ব্যক্তিয়ে সমাজলৈ সু-বাৰ্তা কঢ়িয়াই নিব পাৰে বা সমাজৰ উত্তৰণৰ গতিক এক নিৰ্দিষ্ট দিশ দিয়াত যি ব্যক্তিয়ে শিল্পকৰ্মৰ জৰিয়তে সহায়ক ৰূপে থিয় দিয়ে, সেয়া লাগিলে শিল্পৰ যি প্ৰকাৰেই নহওক কিয়, সেই বাৰ্তা কঢ়িওৱা বা দিক-দৰ্শক গৰাকীয়ে মোৰ মনত এগৰাকী প্ৰকৃত “শিল্পী”। জনসাধাৰণ অথবা এখন সমাজক ইতিবাচক পথ নিৰ্ণয়ত যি সহায়ক হ’ব পাৰে তেওঁয়েই হৈছে এজন “শিল্পী”। মানুহৰ সমাজ এখনত মানুহৰ মাজত থাকি মানুহৰ স’তে মানুহৰ উত্তৰণৰ হ’কে কাম কৰা শিল্পকৰ্মী একোগৰাকী মোৰ মানসত শিল্পী। উদাহৰণৰ সৈতে মই এই কথা ক’ব বিচাৰিছো। ভূপেন হাজৰিকা দেৱ, জয়ন্ত হাজৰিকা দেৱ তথা হেমাংগ বিশ্বাস দেৱৰ দৰে পুৰোধা ব্যক্তিসকলে ৰাইজৰ বাবে যিসমূহ সৃষ্টি কৰি থৈ গৈছে; সেইসমূহ প্ৰজন্ম ধৰি প্ৰজন্মৰ বাবেই আপুৰুগীয়া উপাদান আৰু সেই উপাদানসমুহ কেৱল মাত্ৰ মনোৰঞ্জনধৰ্মী নহয়, গীত সমূহৰ ৰচনাকালৰ সমসাময়িক পৰিস্থিতি, ভৱিষ্যত প্ৰজন্মৰ কৰণীয়, ইত্যাদি অনেক গুৰুত্বপূৰ্ণ বিষয়ৰ আভাস পোৱা যায় তেওঁলোকৰ সৃষ্টিত। গতিকে মোৰ বাবে তেওঁলোক প্ৰকৃতাৰ্থত “শিল্পী।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform