Rupaliparda.com
বৃদ্ধাক কৰিলে সহায়; জেৰিফা ৱাহিদৰ মহানুভৱতাঃ 1

বৃদ্ধাক কৰিলে সহায়; জেৰিফা ৱাহিদৰ মহানুভৱতাঃ

জেৰিফা ৱাহিদৰ মহানুভৱতাত আপ্লুত হৈছে জনসমাজ। এগৰাকী বৃদ্ধাক নিজ গন্তব্যস্থানলৈ এৰি অহা পিছতেই অভিনেত্ৰী গৰাকীয়ে আপলোড কৰা এটা ভিডিঅ’ক সমাদৰ জনাইছে তেওঁৰ অনুৰাগীয়ে। অৱশ্যে ভিডিঅ’টো দুদিন পূৰণি যদিও আমি আপোনালোকৰ ওচৰত এই কথাটো ব্যক্ত বিচাৰিছোঁ। আচলতে তেওঁ শুক্ৰেশ্বৰ মন্দিৰৰ ঘাটত এগৰাকী বৃদ্ধাক লগ পায় আৰু বৃদ্ধাগৰাকীক অভিনেত্ৰী জেৰিফাই কেৱল মাত্ৰ আৰ্থিক সহায় বুলিয়ে নহয় জ্যেষ্ঠ মহিলা গৰাকীক তেওঁ গন্তব্য স্থানলৈ লৈ যায়। অভিনেত্ৰী গৰাকী এনে মহানুভৱতাৰ পিছত তেওঁক অনুৰাগীয়ে বহুল প্ৰশংসাৰে প্ৰশংসিত কৰা দেখিবলৈ পোৱা যায়। ১৯৯০ চনত মুক্তিপ্ৰাপ্ত ছবি “অভিমান” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা এই অভিনেত্ৰী গৰাকী স্কুল গৈ থকাৰ পৰাই জড়িত হৈছিল অভিনয়ৰ সৈতে। সেইটো সময়তে তেওঁ কেইবাখনো ছবি ক্ৰমে, “অগ্নিগড়”, “অতিক্ৰম” আদিত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল। কেইবাখনো অসমীয়া ছবি, ধাৰাবাহিক আৰু মিউজিক এলবামত অভিনীত জেৰিফাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল “তুমি মোৰ মাথো মোৰ” ছবিখনৰ পৰা। জুবিন গাৰ্গৰ সৈতে উক্ত ছবিখনত জেৰিফাই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল।


যদুমণি দত্তৰ দ্বাৰা পৰিচালিত “অগ্নিসাক্ষী” ছবিখনৰ বাবে জেৰিফা ৱাহিদে অসম চৰকাৰৰ ৰাজ্যিক চলচিত্ৰ বঁটাত মূখ্য ভূমিকাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰাৰ লগতে “দুৱাৰ” ছবিখনৰ বাবে তেওঁ লাভ কৰিছিল “প্ৰথম পূব ফিল্মফেয়াৰ এৱাৰ্ড ২০১৪” ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। জেৰিফা ৱাহিদ হৈছে প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী যিয়ে নিজাববীয়াকৈ প্ৰডাকচন হাউচ; নাম “জেৰিফা ৱাহিদ প্ৰডাকচনচ” খুলিছিল। জেৰিফা ৱাহিদে বিভিন্ন ছবি তথা ভিচিডি আদিত অভিনয় কৰাৰ উপৰিও থিয়েটাৰ সমূহতো সক্ৰিয় ৰূপে অভিনয় কৰিছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform