Rupaliparda.com
যতীন বৰা

এক অধ্যায় : যতীন বৰা

যতীন বৰাৰ ধাৰাবাহিক ” দেউতা ” , ” নামঘৰীয়া ” , ” এই চহৰতে ” , “প্ৰতিঘাত ” , ” বিৰিণা পাতৰ আঙঠি ” , ” নীলকণ্ঠ ” , ” নিশাৰ চকুলো ” আদিৰ বুনিয়াদত নিৰ্মাণ হৈছিল অসমীয়া চিনেমাৰ দীৰ্ঘ সময়ৰ নায়ক যতীন বৰা ।

আৰু অভিনেতা যতীন বৰাই গঢ় লৈছিল মঞ্চত । যিমান দূৰ মনত পৰে ১৯৮৪ চনৰ কোনো এটি দিনত প্ৰথমবাৰ লগ পাইছিলো যতীন বৰাক । তেতিয়ালৈকে মাত্ৰ এখন অসমীয়া চিনেমাত অভিনয় কৰিছিল । সাধাৰণ চৰিত্ৰত । ” চৰিত্ৰটো কেনেধৰণৰ ইত্যদি ভবা নাছিলো । – সেই সময়ত মই নাটক কৰি ঘূৰি ফুৰো ।

তেজপুৰ জিলা পুথিভঁৰালত আব্দুল মজিদ দাই মোৰ অভিনয় দেখিছিল ! আৰু এদিন সুধিছিল — ” মোৰ নতুন চিনেমা খনত তোমাৰ বাবে চৰিত্ৰ এটা আছে । কৰিবা নেকি ? ” নকৰো বুলিম নে ! সেই সুযোগ পোৱাৰ পিছত মোৰ মনলৈ বাৰে বাৰে এটা কথায়ে আহিছিল — মই ‘ চামেলী মেমচা’ব ‘ৰ পৰিচালকৰ চিনেমাত অভিনয় কৰিম ! মাজে মাজে নিজকে জৰ্জ বেকাৰৰ সৈতেও ঠিয় কৰাই চাইছিলো । আৰূ সেই সময়ত মোৰ মন ভাল নাছিল । সৰুৰে পৰা সপোন দেখিছিলো — চিনেমাৰ নায়ক হম ।

বিজু ফুকনৰ দৰে চিনেমাত অভিনয় কৰিম ! বিজু ফুকন – মৃদুলা বৰুৱাৰ চিনেমা আহিলেই চাইছিলো । মনতে কেতিয়াবা বিজু ফুকনৰ ঠাইত মৃদুলা বৰুৱাৰ সৈতে মোক ভাবিছিলো ! তেনে এখন সপোনৰ দেশত থাকোতেই সূযোগ পাইছিলো ” আই মোৰ জনমে জনমে “ত । নিপ বৰুৱাৰ চিনেমা । কিন্তু শেষত মোক নলৈ দিবাকৰ দাক লৈছিল । মোৰ হেনো বয়স কম ! সাংঘাতিক দুখ লিগিছিল । সেই দুখৰ সময়তে ” উত্তৰকাল ” ত অভিনয়ৰ সুযোগ পাইছিলো ।

যতীন বৰা | Rupaliparda.com
যতীন বৰা

সেই সময়ত এটা কথায়ে চিন্তুা কৰিছিলো — অভিনয় কৰিব লাগে । মোৰ চিন্তা ‘ চৰিত্ৰ ‘ নাছিল , কেৱল ‘ চিনেমা ‘হে আছিল । ”

( ভিন্ন প্ৰশ্নৰ উত্তৰত যতীন বৰা কৈছিল । দৈনিক কাকত ” আজিৰ সংবাদ ” ৰহৈ লোৱা সাক্ষাৎকাৰত । ) — কৈছিল যতীন বৰাই । ” আজিৰ মানুহ ” নামৰ গুৱাহাটী দূৰদৰ্শনৰ বাবে নিৰ্মাণ হৈ থকা ধাৰাবাহিক এখনৰ লোকেচনত । সোণাপুৰৰ ভিতৰুৱা গাঁও এখনত । সেই দিনা যতীন বৰাই প্ৰথম শ্বট দিয়াৰ অভিজ্ঞতাও কৈছিল — ” মোক সাজু কৰোৱা হৈছিল । যেনেদৰ বুজাইছিল , তেনেদৰো কৰিবলৈ চেষ্টা কৰিছিলো । নাই , কৰিব পৰা নাছিলো ! মজিদ দাই কৈছিল মই হেনো সহজ হব পৰা নাই । মই খোজ কাঢ়ি গৈ দোকান এখনত সোমাব লাগে । তিনিবাৰতহে অ’ কে হৈছিল । মই দোকান খনৰ আগৰ পৰা দৌৰ দিলোঁ । লাজত , ভয়ত বা আন কিবা কাৰণত । লোকেচন আছিল চামগুৰি । ” — যতীন বৰাই কোৱা এই ” কথা “ৰ মাজত স্পষ্ট হৈ আছে ” চিনেমাৰ নায়ক ” হোৱাৰ পথ মসৃন নাছিল।

আৰু যেতিয়া ” উত্তৰকাল ” চিত্ৰগৃহলৈ আহিছিল , অধিক স্পষ্ট হৈছিল ” চিনেমাৰ নায়ক ” নিৰ্মাণত সহায় কৰিব পৰা নহয় যতীনক লৈ নিৰ্মাণ কৰা চৰিত্ৰটো । কম ফুটেজৰ সাধাৰণ চৰিত্ৰ । স্বভাবিকতে অপেক্ষা ! আৰূ তাৰ পিছত মন্থৰ গতি । ১৯৯৫ চনত চিত্ৰগৃহলৈ অহা প্ৰদীপ গগৈৰ পৰিচালনাৰে নিৰ্মিত “আই কিল হিম ছাৰ” তহে যতীন বৰাক দেখিলো । ( ১৯৯৩ – ১৯৯৭ আছিল গুৱাহাটী দূৰদৰ্শনৰ ধাৰাবাহিকৰ সোণালী সময় । আৰু এই সময় চোৱাতে অভিনয় ক্ষমতাৰে ‘ ধাৰাবাহিকৰ নায়ক ইমেজ ‘ পাইছিল । )

১৯৯৭ চনত আমাৰ কৰ্মস্থান আছিল মুম্বাই । এদিন ” কিংষ্টাৰ ” নামৰ চিনে সাপ্তাহিক খনত দেখিলো আশিষ বিদ্যার্থীৰ সৈতে যতীন বৰাৰ স্থিৰ চিত্ৰ । হিন্দী চিনেমা ” কালসন্ধ্যা “ৰ । কাকত খনৰ পেন’ৰামা শিতানত তিনি কলনত লোৱা ফটো খনৰ তলত ছুটি লেখা । পৰিচালক ভবেন্দ্ৰ নাথ শইকীয়াৰ পৰিচালনা শৈলী আৰু যতীন বৰাৰ প্ৰশংসা । আৰু ২০০০ চনত সেই একেখন কাকততে যতীনৰ ফটো দেখিছিলো , উত্তৰ – পূৱৰ চিনেমাৰ শিতানত । ফটোৰ তলত ” কেপচন ” — মুনিন বৰুৱাৰ “হিয়া দিয়া নিয়া ” ৰ প্ৰথম সপ্তাহৰ কালেকচন এশ শতাংশ ।

যতীন বৰা | Rupaliparda.com
Jatin Bora

পাছত গুৱাহাটীলৈ আহি চিনেমা দুখন চাই ” যতীনৰ অভিনয় ” অনুভৱ কৰিছিলো । চিনেমা দুখনত কৰা অভিনয়ৰ কথা মনত ৰাখি “বিস্ময় “ত লিখিছিলো — অসমীয়া চিনেমাৰ পৰিচালকে এজন সম্পূৰ্ণ অভিনেতা পালে । পৰৱৰ্তী সময়ত (ক) ” কালসন্ধ্যা ” , (খ) ” হিয়া দিয়া নিয়া “ৰ বাটেৰে আগবাঢ়িছিল যতীন বৰাৰ অভিনয় কেৰিয়াৰ । যতীনৰ অভিনয় ক্ষমতাৰ দিশটো মনত ৰাখি কম — (ক) বাটটো অতি চুটি আছিল । স্বাভিবিকতে কম — এয়া অসমীয়া চিনেমাৰ ক্ষতি । অভিনেতা গৰাকীৰো ক্ষতি ।

চিত্ৰৰসিকক বহুমাত্ৰিক অভিনৰে সন্তুষ্ট কৰিব পৰাৰ ক্ষমতা থকা স্বত্বেও কিয় ব্যৱহাৰ নহ’ল ! আনকি জাহ্নু বৰুৱাৰ ” বন্ধন ” তো কিয় ব্যৱহাৰ নহ’ল ! — নিঃসন্দেহে চিত্ৰৰসিকৰ বাবে চৰ্চাৰ বিষয় । ” বন্ধন “তো ব্যবহাৰ হৈছে ” মুনিন বৰুৱাৰ নায়ক ” গৰাকী বা মুনিন বৰুৱাই নিৰ্মাণ কৰা ” যতীন ইমেজ ” । কিছু ব্যতিক্ৰম সঞ্জীৱ সভাপণ্ডিতৰ পৰিচালনাৰে নিৰ্মিত ” জুয়ে পোৰা সোন ” ৰ যতীন বৰা । আজিও অপেক্ষাত আছো — যতীন বৰাৰ সম্পূৰ্ণ অভিনয় ক্ষমতা ব্যৱহাৰ হোৱা ” শ্ৰেষ্ঠ চৰিত্ৰ ” এটাৰ । ” আই কিল্ড হিম ছাৰ ” – এৰে খোজ দি অসমীয়া চিনেমাৰ ” নায়কৰ ট্ৰেক “ত বিশেষ ইমেজ লৈ আগবাঢ়ে ” হিয়া দিয়া নিয়া “ৰে ।

অভিনয় কৰে — অহংকাৰ , তুমি মোৰ মাথোঁ মোৰ , দাগ , শেষ উপহাৰ ,অন্য এক যাত্ৰা , কইনা মোৰ ধুনীয়া ( ** পৰিচালক সুমন হৰিপ্ৰিয়াই যতীন বৰাক লৈ ” কমেডী হিৰো ” নিৰ্মাণৰ চেষ্টা কৰিছে । সফল হোৱা নাই বুলি কব নোৱাৰি । কিন্তু ” চৰিত্ৰ ” গৈ গৈ মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজত বন্দী হয় । ) , এই মৰম তোমাৰ বাবে , নায়ক , প্ৰেম আৰু প্ৰেম , জীৱন নদীৰ দুটি পাৰ , কন্যাদান , প্ৰিয়া অ’ প্ৰিয়া , ত্যাগ , মিঠা মিঠা লগনত , প্ৰেমগীত , অগ্নিসাক্ষী , প্ৰিয়া মিলন , বিধাতা ( * মুনিন বৰুৱাৰ পৰিচালনা । এই চিনেমা খনত পৰিচালকে অভিনেতা গৰাকীক চেহেৰাৰ অভিনয়ৰ সুযোগ দিছিল বা পৰিচালকে যতীনৰ চেহেৰাৰ ভাষা আৰু কেমেৰাৰ ভাষাৰে কেইবাটাও ছিকুৱেঞ্চ ৰচনা কৰিছিল । — কথা প্ৰসংগত যতীনে কৈছিল , ” মই চিনেমাৰ নায়ক হলো , অভিনেতা হব পৰা নাই । ” মই কৈছিলো — আপোনাৰ ধাৰণা শুদ্ধ নহয় । ” কালসন্ধ্যা ” ,”নায়ক “ত অভিনেতা যতীন বৰাক দেখিছো । অৱশ্যে পিছৰ সময় চোৱাত ” নায়ক যতীন বৰাৰ ওচৰত ” অভিনেতা যতীন বৰা ” নিস্প্ৰভ হৈছিল । ) , এয়াই জোনাকবিহীন জীৱন , জুমন সুমন , উজনীৰ দুজনী গাভৰু , হেঁপাহ (* মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজৰ পৰা মুক্ত আছিল যতীন বৰাৰ অভিনয় ।

যতীন বৰা

পৰিচালক শংকৰ বৰুৱাই যতীনৰ লগতে আন অভিনেতা – অভিনেত্ৰীকো ” বাস্তৱ অভিনয় কৰোৱাইছিল । কথা প্ৰসংগত , “হেঁপাহ “ৰ কাম চলি থাকোতে শংকৰ বৰুৱাই কৈছিল , ” মই মাত্ৰ এখন অসমীয়া চিনেমা চাইছো । জাহ্নু বৰুৱাৰ ‘ হালধীয়া চৰায়ে বাঁও ধান খায় ‘ । … ” — এই যে চোৱা নাছিল , সেই বাবেই হয়তো যতীন বৰাই মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজৰ পৰা মুক্ত হৈ অভিনয় কৰাৰ সুযোগ পাইছিল । — এনেদৰে কোৱাৰ বা ভবাৰ যুক্তি ? ২০০৮ চনৰ এটা নিশা । জ্যোতি চিত্ৰবনত চিনেমা এখনৰ চিত্ৰগ্ৰহণ চলি আছে ।

শ্বটৰ ফাকে ফাকে আমাৰ সৈতে যতীনৰ আলাপ বা আড্ডা । “নায়িকা ” ই খুব এন জি দিছে । গতিকে ” নায়ক ” কিছু সময়ৰ বাবে মুক্ত ! ইটো – সিটো কথা চলি আছে । হঠাতে চিত্ৰগ্ৰহণ চলি থকা চিনেমা খনৰ পৰিচালক গৰাকী আহি কৈছিল , ” যতীন তুমিযে ‘ নায়ক ‘ত … ওলাই আহিছিলা , এতিয়া যে শ্বটটো লম , ঠিক তেনেকৈ আহিবা ! ” — গতিকে ভবাৰ যুক্তি নিশ্চয় আছে । ) , মা তুমি অনন্যা , হৃদয় কঁপোৱা গান , বাৰুদ , কাদম্বৰী , ৰং . দীনবন্ধু ( অতিথি শিল্গী । ** চিনেমা খনৰ চিত্ৰনাট্যৰ কাম চলি থকা সময়ত চৰ্চা হৈছিল — মূল চৰিত্ৰটোত যতীন বৰাই অভিনয় কৰিব । সেই সময়ত মই এই প্ৰসংগত দৈনিক কাকত ” আজি “ত লিখিছিলো । ভাইমন দা , মানে পৰিচিলক মুনিন বৰুৱাই মিছা বুলি কোৱা নাছিল ।

পিছত চৰ্চা হৈছিল — চৰিত্ৰটোত অভিনয় কৰিবলৈ মান্তি নহ’ল যতীন বৰা ! এই চৰ্চ যদি সচা আছিল , কব লাগিব — যতীন বৰাৰ সিদ্ধান্ত শুদ্ধ নাছিল । অভিনয় ক্ষমতা প্ৰদৰ্শনৰ সুযোগ আছিল । — এই প্ৰসংগত মই কেইবাবাৰো লিখিছো । ভাইমন দাই মিছা বুলি কোৱা নাছিল । আজিলৈকে যতীন বৰাই মিছা বুলি কোৱা নাই । ) , চুৰেন চোৰৰ পুতেক , চেনাই মোৰ ঢুলীয়া , অঘৰী আত্মা , অধিনায়ক (* যতীন বৰাৰ প্ৰথম পৰিচালনা । চিত্ৰনাট্য মুনিন বৰুৱাৰ । পৰিচালক যতীনে অভিনেতা যতীনক মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজৰ পৰা মুক্ত কৰিব নোৱাৰিলে । ) , দেউতা দিয়া বিদায় , ধুনীয়া তিৰোতাবোৰ , ৰামধেনু , জানমণি (* ৰজেশ ভূঞাৰ পৰিচালনা । যতীনৰ শৰীৰ অভিনয়ৰ সুপ্ৰয়োগ ! ) , হিয়া দিবা কাক , জিলমিল জোনাক , দূৰদৰ্শন…এটি যন্ত্ৰ , বহ্নিমান ( * বিশ্বজিত বৰাৰ পৰিচালনা । বিশ্বজিতে যতীনক লৈ ” এণ্টি হিৰো ” নিৰ্মাণ কৰিছে । সফল হৈছে। যতীনৰ অভিনয় চিনেমা খনৰ — চমক । ) , নিজানৰ গান , ৰত্নাকৰ ( * যতীন বৰাৰ দ্বিতীয় পৰিচালনা । সফল পৰিচালনা । ) ত ।

Utpal Mena

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform