Rupaliparda.com
কাইলৈ মুক্তি পাব অনন্ত তাছা প্ৰডাকচন বেনাৰত প্ৰাঞ্জল গৈয়াৰীৰ "সুৰ-বাহিনী" 1

কাইলৈ মুক্তি পাব অনন্ত তাছা প্ৰডাকচন বেনাৰত প্ৰাঞ্জল গৈয়াৰীৰ “সুৰ-বাহিনী”

কাইলৈ অৰ্থাৎ ১৬ জুলাই তাৰিখে মুকলি কৰ দিয়া হ’ব বহু প্ৰত্যাশিত চুটি ছবি “সুৰ বাহিনী”। বিগত বহু দিনৰ পৰা চুটি ছবিখনক লৈ অপেক্ষাৰত হৈ আছিল জনসাধাৰণ। অসমীয়া সংগীত ক্ষেত্ৰখনত জয়ন্ত হাজৰিকাৰ অৱদান চিৰস্মৰণীয় আৰু এইগৰাকী সংগীতশিল্পীক লৈ নিৰ্মিত প্ৰকল্পসমূহো হৈছে এক উৎসাহৰ বিষয়। প্ৰাঞ্জল গৈয়াৰীৰ পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখনে প্ৰত্যেকগৰাকী অসমীয়া দৰ্শকক যে আকৰ্ষণ কৰিব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে; এটা কথা নিশ্চিত যে একোগৰাকী দৃঢ় প্ৰতিজ্ঞ ব্যক্তিৰ যেতিয়া শিকাৰ ইচ্ছা হয় তেতিয়া প্ৰত্যেকটো সৰু-বৰ লোকৰ পৰা কিছু কিছু শিকি আৰু দৈনন্দিন অভ্যাসৰ দ্বাৰা তেওঁ নিজৰ গন্তব্যস্থানলৈ যোৱাৰ দীঘলীয়া বাটটোত এখোজ-দুখোজকৈ আগবাঢ়ে। এনেক্ষেত্ৰত, বৰ্তমান প্ৰজন্মৰ উদীয়মান পৰিচালক ৰূপে চিনাকী লাভ কৰা প্ৰাঞ্জল গৈয়াৰীৰ নাম উল্লেখ কৰিব পৰা যায়। এইগৰাকী পৰিচালকৰ পৰিচালনাৰ নিদৰ্শন আপুনি ইতিমধ্যে কেইবাটাও প্ৰকল্পৰ জৰিয়তে লাভ কৰিছে। পূৰ্বতে মুক্তিপ্ৰাপ্ত এই প্ৰকল্পখিনিয়ে আচলতে প্ৰাঞ্জল গৈয়াৰীৰ অনুৰাগীৰ শাৰীখন অধিক দীঘলীয়া কৰি তুলিছে। এতিয়া আহো, এই চুটি ছবিখনৰ প্ৰযোজক গৰাকীৰ প্ৰসংগকলৈ। নৱপ্ৰজন্মক কৰা বিশ্বাসেৰে প্ৰযোজক অনন্ত তাছাই শেহতীয়াকৈ এই প্ৰকল্পটোৰ সৈতে জনসাধাৰণৰ মাজত এক সুন্দৰ নিদৰ্শন দাঙি ধৰাৰ পৰিকল্পনা কৰিছে। অনন্ত তাছা প্ৰডাকচন নামে এটি নতুন প্ৰযোজনা গোষ্ঠীৰ মুকলি কৰি প্ৰযোজক গৰাকীয়ে পূৰ্বেই স্পষ্ট কৰিছিল যে তেওঁ ইয়াৰ দ্বাৰা নতুন প্ৰজন্মক সুবিধা দিয়াৰ প্ৰয়াস কৰিব।


এই চুটি ছবিখনৰ বিষয়বস্তু ১৯৭৬ চনৰ; য’ত জয়ন্ত হাজৰিকাই অসমৰ বানপীড়িত ৰাইজৰ বাবে “সুৰ বাহিনী” ক গঠন কৰিছিল আৰু গোলাঘাট, যোৰহাট, তিতাবৰ, মৰিয়নীলৈ এখন ট্ৰাকত উঠি জয়ন্ত হাজৰিকাই মিউজিচিয়ানৰ সৈতে গৈ গান গাইছিল। এই গান সমূহ গাই গাই যেতিয়া তেওঁলোক ভাগৰি গৈছিল তেতিয়া তেওঁলোকৰ লগত থকা ৰেকৰ্ড প্লেয়াৰত এই গান কেইটা বজাই দিছিল। অসমৰ ৰাইজে বৰ উৎসাহেৰে “সুৰ বাহিনী” ক আঁকোৱালি দান বৰঙণি দিয়াৰ সমান্তৰালকৈ নিজে পিন্ধি থকা চাৰ্টটোও হেনো তাত দি দিয়াত সংকোচবোধ কৰা নাছিল। সেইটো এটা জয়ন্ত হাজৰিকাৰ সুন্দৰ পদক্ষেপ আছিল য’ত তেওঁ নিঃস্বাৰ্থ ভাৱে ৰাইজৰ সেৱাৰ বাবে আগবাঢ়ি আহিছিল। সেই যিটো মানৱীয় প্ৰমূল্যবোধ আজিৰ নৱপ্ৰজন্মৰ মাজত কিমান প্ৰযোজ্য লগতে তেওঁলোকে জয়ন্ত হাজৰিকাৰ এই পদক্ষেপক কিমান বেছিকৈ হৃদয়ংগম কৰিব পাৰে, ইয়াৰ পৰা কিমান অনুপ্ৰেৰণা পাব পাৰে তাকেই লৈ এই চুটি ছবিখন নিৰ্মাণৰ চিন্তা কৰা হৈছে। ১৯৭৬ ৰ পৰা আৰম্ভ কৰি আজি ২০২১ বৰ্ষৰ ৫ জন মিউজিচিয়ান; তেওঁলোকৰো এটা বেণ্ড আছে কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগত যেতিয়া ব্যৱসায়ীভিত্তিক মানসিকতাবোৰ অধিক বৃদ্ধি পাবলৈ ধৰিছে তাত এই জয়ন্ত হাজৰিকাৰ সমাজ সচেতনতা, সামাজিক দায়বদ্ধতা তথা মানৱীয় প্ৰমূল্যবোধে আজিৰ মিউজিচিয়ান সমূহক কেনেদৰে দায়বদ্ধ কৰিব পাৰে অথবা সমাজৰ কথা চিন্তা কৰিবলৈ কেনেদৰে বাধ্য কৰোৱাব পাৰে তাকেই লৈ এই চুটি ছবিখন নিৰ্মাণ কৰা হৈছে। আজিও যে সমাজৰ হকে ব্যক্তিগত স্বাৰ্থক আঁতৰাই ৰাখি আগবাঢ়িব পৰা যায় সেই কিছুমান সৰু সৰু গুৰুত্বপূৰ্ণ কথাৰ লগতে তিনিটা প্ৰজন্মক ইয়াত উপস্থাপনৰ চেষ্টা কৰা হৈছে।চুটি ছবিখনৰ চিত্ৰনাট্য আৰু সহযোগী পৰিচালকৰ দায়িত্ব সম্পাদন কৰিছে ৰাজ দত্তই; সংলাপ নীল বৰ্মণৰ। সহকাৰী পৰিচালক ৰোহিত শৰ্মা লগতে সমৰ বৰুৱা। চুটি ছবিখনত অভিনয়ো কৰিছে বৰ্তমান সময়ৰ প্ৰত্যাশিত কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে; সেইকেইজন হৈছে ক্ৰমে কমল লোচন, অচিন্ত ৰাজ কাশ্যপ, নিৰূপম শইকীয়া, প্ৰয়াস শৰ্মা তামুলী, লুচিয়ানা দাস আৰু অসীম কৃষ্ণ বৰুৱাই।

কাইলৈ মুক্তি পাব অনন্ত তাছা প্ৰডাকচন বেনাৰত প্ৰাঞ্জল গৈয়াৰীৰ "সুৰ-বাহিনী" 2

দৃশ্যগ্ৰহণ কৰিছে আশুতোষ কাশ্যপে; সহঃদৃশ্যগ্ৰহণকাৰী হৈছে উজ্জ্বল ডেকা আৰু ৰামজ্যোতি কৃষ্ণ চৰণ। লোকেশ্বন চাউণ্ড আৰু চাউণ্ড ডিজাইন সুলাগ্না সন্দিকৈৰ; আনহাতে, বিজিএম জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাৰ। ৰূপসজ্জা বিশ্বৰ আৰু প্ৰডাকচন মেনেজাৰ মিলন জ্যোতি নেওঁগৰ; কলা নিৰ্দেশক হিৰণ্য নেওঁগ আৰু সম্পাদনা কৰিছে উদ্দীপ্তই। ডি.আই আজানুৰ ৰহমানৰ লগতে জি.এফ.এক্স ৰামজ্যোতি কৃষ্ণচৰণৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform