Rupaliparda.com
ইতিবাচক পোষ্টৰ সৈতে অনুৰাগীৰ কাষত ৰবি শৰ্মাঃ 1

ইতিবাচক পোষ্টৰ সৈতে অনুৰাগীৰ কাষত ৰবি শৰ্মাঃ

প্ৰতিদিনেই হাঁহিমুখে নিজৰ দিনটো আৰম্ভ কৰা অভিনেতা ৰবি শৰ্মাই প্ৰায়ে নিজ অনুৰাগীক উৎসাহিত কৰা দেখা যায়। এনে বিভীষিকাময় পৰিস্থিতিৰ মাজত অৱশ্যে আমি ইজনে আনজনক কৰা সহায়েৰে আগবাঢ়িবলৈ সাহস কৰোঁ। কেৱল মাত্ৰ সাধাৰণজন বুলিয়েই নহয়; ক’ৰোণা মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ চিলেব্ৰেটীসকলেও সহায়-সহযোগিতাৰ হাত আগবঢ়াইছে। জুবিন গাৰ্গ সহিতে বৃন্দাবন ছুপাৰমাৰ্টৰ সৈতে জড়িত একাংশই য’ত ১ লাখ টকাৰ অনুদান চৰকাৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে তাতেই আকৌ অংগৰাগ পাপন মহন্তইও এটি এনজিঅ’ ৰ সৈতে লগ হৈ গাওঁ অঞ্চলত বিতৰণ কৰিছিল মাস্ক, চেনিটাইজাৰ ইত্যাদি। শেহতীয়াকৈ ৰবি শৰ্মাইও বিভিন্ন ইতিবাচক পোষ্টেৰে ৰাইজৰ সৈতে সংযোগ স্থাপন কৰাৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। আনহাতে সাধাৰণ ৰাইজৰ কাষ চাপি তেওঁ কিছুদিন পূৰ্বে প্ৰয়োজন গৰাকীৰ ওচৰত থিয় হৈ যাৱতীয় কিছু বস্তুৰ বিতৰণ কৰে । সামাজিক বিষয়সমূহৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰত নিজ মত সুন্দৰকৈ ব্যক্ত কৰা অভিনেতা ৰবি শৰ্মা সদায়েই চচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে।

https://www.instagram.com/p/CRQ2vTpr637/?utm_source=ig_web_copy_link
ইতিবাচক পোষ্টৰ সৈতে অনুৰাগীৰ কাষত ৰবি শৰ্মাঃ 2

২০০০ চনৰ পৰা অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত খোজ পেলোৱা এই গৰাকী অভিনেতাই অসমীয়া দৰ্শকক প্ৰায় কেইবাখনো উল্লেখনীয় ছবিৰ উপহাৰ দিছে। অৱশ্যে, তেওঁৰ প্ৰথমখন ছবি “হিয়া দিয়া নিয়া” য়ে আছিল চুপাৰহিট ছবি। অসমীয়া ফিট অভিনেতাৰ মাজৰ এগৰাকী ৰবি শৰ্মাৰ অনুৰাগীৰ শাৰী দীঘলীয়া; তেওঁৰ প্ৰতিটো কথাই প্ৰশংসা পাবলৈও আচলতে সক্ষম হয়। কিছুদিন পূৰ্বে ডিজিটেল প্লেটফৰ্ম Niri9 যোগে মুক্তি লাভ কৰা Illegal নামে ৱেব চিৰিজখনটো দেখিবলৈ পোৱা গৈছিল এই অভিনেতা গৰাকীক। এক দমদাৰ লুকেৰে ৱেব চিৰিজখনক উপভোগ কৰিবলৈ বাধ্য কৰোৱাইছিল দৰ্শকক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform