Rupaliparda.com
কংগনা ৰাণাওটৰ টীমত নৱাজুদ্দিন চিড্ডিকীঃ 1

কংগনা ৰাণাওটৰ টীমত নৱাজুদ্দিন চিড্ডিকীঃ

ডিজিটেল প্লেটফৰ্মত কংগনা ৰাণাওটৰ খোজ। ইয়াৰ লগতে, কংগনা ৰাণাওটক এই যাত্ৰাত সহায় আগবঢ়াবলৈ তেওঁৰ সৈতে জড়িত হৈ পৰিছে আন এগৰাকী বহু প্ৰত্যাশিত অভিনেতা নৱাজুদ্দিন চিড্ডিকী। ইনষ্টাগ্ৰামৰ জৰিয়তে এই বিষয়ে জানিবলৈ দিয়ে অভিনেত্ৰী কংগনা ৰাণাওটে। মংগলবাৰৰ দিনটোত প্ৰথমাৱস্থাত অভিনেত্ৰী গৰাকীয়ে তেওঁৰ ডিজিটেল প্ৰকল্প “টীকু ৱেডস শেৰু” ৰ কথা আনুষ্ঠানিক ঘোষণা কৰে। এই প্ৰকল্পটোত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব অভিনেতা নৱাজুদ্দিন চিড্ডিকীয়ে। কংগনাই অভিনেতা গৰাকীক নিজাববীয়াকৈ সম্ভাষণ জনোৱাৰ লগতে তেওঁৰ প্ৰডাকচন হাউন “মণিকৰ্ণিকা ফিল্মস” য়েও এক পোষ্টৰ জৰিয়তে কয় যে, “আমাৰ প্ৰজন্মৰ শ্ৰেষ্ঠ অভিনেতা গৰাকীয়ে “টীকু ৱেডস শেৰু” ৰ টীমক ইতিমধ্যে গ্ৰহণ কৰিছে। তেওঁক লাভ কৰি আমি সোভাগ্যশালী অনুভৱ কৰিছোঁ। অতিশীঘ্ৰে আৰম্ভ হ’ব শ্বুটিং।” কংগনা ৰাণাওটক প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা যায়। তেওঁ বহু এনে প্ৰসংগত মাত মাতে যিটো হয়টো তেওঁৰ ফালেৰে গতি নকৰে যদিও বিষয়সূহত মাত মাতি সংবাদ মাধ্যমৰ শীৰ্ষস্থান দখলত সক্ষম হৈ পৰে অভিনেত্ৰী গৰাকী।


অভিনেত্ৰী গৰাকীয়ে প্ৰতিটো বিষয়ত নেতিবাচক মন্তব্য কৰি থকাৰ বাবেই তেওঁক টুইটাৰৰ তৰফৰ পৰাই বেণ্ড কৰি দিয়া হৈছিল। কিন্তু তাৰ পিছতো যেন ৰুদ্ধ হোৱা নাই অভিনেত্ৰী গৰাকীৰ কণ্ঠ। তেওঁ টুইটাৰৰ পিছত এতিয়া ইনষ্টাগ্ৰাম আৰু ফেচবুকত নিজ মন্তব্য ৰখা দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform