Rupaliparda.com
Saurabh Ganguli

|| ৰূপালী পৰ্দাত সৌৰভ গাংগুলীৰ ৰূপালী গল্প || – উৎপল মেনা

” শচীন: এ বিলিয়ান ড্রিমছ ” — ২০১৭ চনৰ চিনেমা । ডকুমেন্টাৰি স্পোর্টছ চিনেমা । চিনেমা খনৰ নামটোতে স্পষ্ট হৈ আছে বিষয় বস্তু । — হয় , ক্ৰিকেটৰ ভগৱান , ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ । এটা ৰূপালী গল্পলৈ ৰূপান্তৰ নকৰি , ৰূপালী ( বাস্তবতা ) Reality লৈ ৰূপান্তৰ কৰিছে । ক্ৰিকেট অনুৰাগীয়ে ক্ৰিকেটাৰ গৰাকীক অনুভৱ কৰিব পৰা চিনেমা । ২০১৬ চনৰ এখন চিনেমা — ” এম.এছ. ধোনি : দ্য আনটোল্ড স্টোৰি ” । — হয় , চিনেমা খনৰ বিষয় বস্তু মহেন্দ্ৰ সিং ধোনী । বিষয় বস্তু ৰূপালী গল্পলৈ ৰূপান্তৰ হৈছে । যি সকলে ক্ৰিকেট নাজানে , মহেন্দ্ৰ সিং ধোনীক নাজানে , সেই সকলেও ” উপভোগ ” কৰিব পৰা চিনেমা । ” চিনেমা ” বুলি চাব পৰা চিনেমা । জীবনী মূলক চিনেমা । আৰু ২০১৬ৰ ” আজহাৰ ” ? এই খনো জীবনী মূলক ক্রীড়াভিত্তিক নাটকীয় চিনেমা । আন এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিন কেন্দ্ৰীক ৰূপালী গল্প । আৰু এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’ব আন এখন হিন্দী চিনেমা ।

|| ৰূপালী পৰ্দাত সৌৰভ গাংগুলীৰ ৰূপালী গল্প || - উৎপল মেনা 1

ক্ৰিকেটাৰ গৰাকীৰ ভাষাত ” আমাৰ জীবনচিত্র তৈৰি হওয়া নিয়ে আমি ৰাজি। হিন্দিতে হবে। তবে এখনই পৰিচালকেৰ নাম জানানো সম্ভব নয়। কিছু দিনেৰ মধ্যেই সব জানা যাবে। ” বিগ বাজেটৰ ( ২০০ – ২৫০ কোটি টকা ) এই চিনেমা খনত সৌৰভ গাংগুলীৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰ কাপুৰে । বৰ্তমান চিনেমা খন ” পেপাৰ ৱৰ্ক ” পৰ্যায়ত ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform