Rupaliparda.com
প্ৰযোজক হিচাবে তাপসি পান্নুৰ নতুন ছবিঃ 1

প্ৰযোজক হিচাবে তাপসি পান্নুৰ নতুন ছবিঃ

নেটফ্লিক্সত শেহতীয়াকৈ মুক্তি লাভ কৰা “হসীনা দিলৰুবা” ৰ বাবে প্ৰশংসা বুটলি থকা অভিনেত্ৰী তাপসি পান্নুৱে কৰিছে ডাঙৰ ঘোষণা। অভিনেত্ৰী গৰাকীয়ে বৰ্তমান এগৰাকী প্ৰযোজক ৰূপেও আগবাঢ়ি আহিছে ইণ্ডাষ্ট্ৰীটোত। তেওঁ “আউটসাইদাৰ ফিল্মস” বুলি এক নতুন প্ৰযোজনা গোষ্ঠীৰ মুকলি কৰি তাৰ বেনাৰত নিৰ্মাণ হোৱা ছবি “ব্লাৰ” ৰ ফাৰ্ষ্ট মশ্বন পোষ্টাৰ মুকলি কৰে। মশ্বন পোষ্টাৰ খন মুক্তিৰ পিছতেই যেন তাত এক ৰহস্যৰ গোন্ধ পাইছে দৰ্শকে; পোষ্টাৰ খন মুকলিৰ লগতে অভিনেত্ৰী গৰাকীয়ে কেপচনত লিখে যে, “এতিয়াও আপুনি সম্পূৰ্ণকৈ একো নাই দেখা। “ব্লাৰ” ত তাপসি পান্নুৱে নিজেই মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে। এইখন এখন থ্ৰীলাৰ ছবি; ছবিখনৰ নিৰ্দেশনাৰ দায়িত্বত আছে অজয় বাহালে। ছবিখন অনাগত বৰ্ষত অৰ্থাৎ ২০২২ চনত মুক্তি লাভ কৰিব।” দক্ষিণ ভাৰতীয় ছবি ক্ষেত্ৰৰ পৰা নিজ অভিনয় কেৰিয়াৰত খোজ দিয়া তাপসি পান্নুৱে ২০১৩ চনত মুক্তি লাভ কৰা “চশমে বদ্দুৰ” ছবিখনৰ বলীউড ছবি জগতত কেৰিয়াৰ আৰম্ভ কৰে। তাপসি পান্নু হৈছে এনে এগৰাকী বলীউডৰ অভিনেত্ৰী যিয়ে অভিনয়ৰ সমান্তৰালকৈ মোহাচ্চন্ন কৰি ৰাখে নিজ কথাৰেও। যাৰ স্থিতপ্ৰজ্ঞ চৰিত্ৰ সমূহ যেনেদৰে তেওঁৰ অভিনয়ত দেখিবলৈ পোৱা যায় ঠিক তেনে এগৰাকী ব্যক্তিত্বৰ অধিকাৰী হৈছে তেওঁ নিজেও।


ইণ্ডাষ্ট্ৰীটোৰ মাজৰ পৰা নিজ প্ৰেমাস্পদক নিবিচৰা তাপসি পান্নুৰ প্ৰেম হৈছে ডেনমাৰ্কৰ বেডমিন্টন খেলুৱৈ মেথিয়াস বৌই। ২০১৫ চনৰ ইউৰোপিয়ান গেমছত মেথিয়াসে লাভ কৰিছে গোল্ড এৱাৰ্ড। তাপসি পান্নু বৰ্তমান সময়ৰ এগৰাকী সফল অভিনেত্ৰী। সঁচা অৰ্থত ক’বলৈ গ’লে, জনসাধাৰণ তেওঁৰ ছবিসমূহ মুক্তিৰ বাবে অপেক্ষাৰতও হৈ থাকে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform