Rupaliparda.com

কৰিণা কাপুৰ চুম্বন কৰিবলৈ অমান্তি হৈছিল অভিনেতা অজয় দেৱগণক! কিন্তু কিয়?

কৰিণা কাপুৰ একাষাৰে চুম্বন কৰিবলৈ অমান্তি হৈছিল অভিনেতা অজয় দেৱগণক । হয়, আপোনালোকে ঠিকে শুনিছে। অজয় দেৱগন আৰু কৰীণা কাপুৰে যুঁটীয়াভাৱে বহু ছবিত অভিনয় কৰিছে; সেই কেইখন হৈছে ক্ৰমে ঔমকাৰা, সত্যাগ্ৰহ, গোলমাল চিৰিজ, সিংঘম ২ আদি। এই আটাইবোৰ ছবিয়ে মুক্তিৰ পিছতেই বহুল ৰূপত লাভ কৰিছিল জনপ্ৰিয়তা। শেহতীয়াকৈ কৰীণা আৰু অজয় দেৱগণৰ পূৰণি কিছু কথা ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। এই কথা সমূহৰ চৰ্চা এনেধৰণৰ হৈছে য’ত স্ক্ৰীণত চুম্বনৰ দৃশ্যক লৈ কৰা হৈছে। আচলতে, ২০১৩ চনত প্ৰকাশ ঝাৰ দ্বাৰা নিৰ্মিত “সত্যাগ্ৰহ” ছবিখনত উক্ত অভিনেতা-অভিনেত্ৰী দ্বয়ে কাম কৰিছিল। এই ছবিখনত দুয়ো গৰাকীৰ মাজত চুম্বনৰ দৃশ্য হ’বলগীয়া আছিল যদিও ইয়াক একাষাৰে কৰিবলৈ অমান্ত হৈছিল কৰীণা কাপুৰে। এখন মেগাজিনৰ মতে, কৰীণা কাপুৰৰ ২০১২ চনত বিবাহ হৈছিল ছেইফ আলি খানৰ সৈতে। বিবাহৰ সময়ছোৱাতেই প্ৰকাশ ঝাৰ এই ছবিখনৰ বাবে শ্বুটিং কৰি আছিল কৰীণা কাপুৰে। গতিকে কৰীণাই সেই সময়ছোৱাত চুম্বনৰ এনে দৃশ্য কৰিব বিচৰা নাছিল।


কৰীণাই বিবাহৰ পূৰ্বে কেইবাটাও চুম্বনৰ দৃশ্য সম্পন্ন কৰিছিল; এই দৃশ্য সমূহৰ ভিতৰত অধিক চৰ্চিত হৈছিল “জৱ উই মেট” ৰ দৃশ্যভাগ। ইয়াৰ পৰৱৰ্তী সময়ত “কমবখ্ত ইস্ক” আৰু “কী আৰু কা” ছবি দুখন উল্লেখনীয়। বৰ্তমান কৰীণা দ্বিতীয়বাৰ সন্তান সম্ভৱা হৈ পৰিছে। আগন্তুক সময়ত আমিৰ খানৰ সৈতে “লাল সিং চড্ডা” ত দেখিবলৈ পোৱা যাব কৰীণাক। ছবিখনৰ ৰ এতিয়াও ১০০ দিনৰ শ্বুটিং বাকী আছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform