Rupaliparda.com
ড্ৰাগছ সৰবৰাহকাৰীৰ দৌৰাত্ম্যক লৈ অংশুমান শইকীয়াৰ চুটি ছবি "দাদাহ্"- 1

ড্ৰাগছ সৰবৰাহকাৰীৰ দৌৰাত্ম্যক লৈ অংশুমান শইকীয়াৰ চুটি ছবি “দাদাহ্”-

সম্প্ৰতি সময়ছোৱাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰব হৈছে অসম চৰকাৰ। তেনে পৰিপ্ৰেক্ষিতত, অসম আৰক্ষীয়েও সক্ৰিয় ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে বিগত কেইদিনত ঘটা কিছু অপ্ৰীতিকৰ ঘটনাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে জনসাধাৰণৰ মাজত। একাংশ সচেতন নাগৰিকে এই ড্ৰাগছ সৰবৰাহকাৰী সকলৰ দৌৰাত্ম্যক অতিশীঘ্ৰে সমাজৰ পৰা আঁতৰাই নিকা সমাজ ৰূপে গঢ় দিবলৈ প্ৰশাসন ব্যৱস্থাক আহ্বান জনাইছে। এতিয়া এই বিষয়টোক সামৰি আমি আহো মনোৰঞ্জনৰ বিষয়টোত; আমি প্ৰায়ে একোটা বাস্তৱ কাহিনীক পৰ্দাত দেখোঁ। সঁচা অৰ্থত ক’বলৈ গ’লে, এই বাস্তৱ কাহিনীসমূহে আমাক বেছিকৈ আকৰ্ষণ কৰে কাৰণ সেই কাহিনীভাগৰ সৈতে আমি নিজক সংযোগ কৰিবলৈ সুবিধা লাভ কৰোঁ। উক্ত ড্ৰাগছ বিৰোধী অভিযানক কেন্দ্ৰ কৰি নিৰ্মিত এখন চুটি ছবি মুক্তিৰ বাবে সাজু হৈছে। অহা ২৩ জুলাই তাৰিখে চুটি ছবিখন উপভোগ কৰিবলৈ পাব মনোৰঞ্জনপ্ৰেমী জনসাধাৰণে। মনোৰঞ্জন বিষয়টো এক অবিৰত প্ৰক্ৰিয়া; হতাশ, স্ফূৰ্তি অথবা নীৰৱতাৰ মাজতো আমি মনোৰঞ্জন বিচাৰোঁ। নিজৰ সৈতে থকা অৱস্থাটো আমি সংগীত এটাকেই হওক অথবা চিনেমা এখনকেই হওক নিজ সংগী ৰূপে নিৰ্বাচন কৰোঁ। গতিকে, এইক্ষেত্ৰত নৱপ্ৰজন্মৰ সক্ৰিয়তা মনকৰিবলগীয়া। অনাগত দিনত মুক্তি পাবলগীয়া “দাদাহ্” ছবিখনক লৈও উৎসাহিত হৈছে দৰ্শক বৃন্দ।

ড্ৰাগছ সৰবৰাহকাৰীৰ দৌৰাত্ম্যক লৈ অংশুমান শইকীয়াৰ চুটি ছবি "দাদাহ্"- 2


আৰক্ষী, সংবাদ মাধ্যম আৰু সাধাৰণ জনতাৰ মাজৰ কিছু মতানৈক্যৰ আঁৰ লৈ এই চুটি ছবিখন প্ৰস্তুত কৰি উলিওৱা হৈছে। কাল্পনিক যদিও বতৰ্মানৰ সময়ৰ কিছুমান ঘটনাৰ আলম লৈ এই চুটি ছবিখন নিৰ্মাণ কৰা হৈছে। চুটি ছবিখন পৰিচালনাৰ লগতে চিত্ৰনাট্য আৰু কাহিনীৰ দায়িত্বত আছে নৱপ্ৰজন্মৰ প্ৰতিভা অংশুমান শইকীয়া। প্ৰায় পঞ্চম শ্ৰেণীৰ পৰাই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত অংশুমানে নগাঁও জিলাৰ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক সুকুমাৰ কলা প্ৰতিযোগিতাত প্ৰথম নিজৰ দল খুলি অংশগ্ৰহণ কৰিছিল। ইতিমধ্যে, এই গৰাকী অভিনেতা তথা পৰিচালকৰ প্ৰকল্প “শিল-পি” য়ে জনসাধাৰণৰ বহুল প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে, “দাদহ” ত ৰেকিবৰ দৃশ্যগ্ৰহণেৰে এই চুটি ছবিখনৰ প্ৰযোজনা কৰিছে অংশুমান শইকীয়া আৰু ৰিতুমণি চেতিয়াই। সম্পাদনা আৰু ৰং মণিমুগ্ধ ৰাজখোৱাৰ; সহঃপৰিচালনা প্ৰাঞ্জল প্ৰতীমৰ। চুটি ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে ঋতু মেধি, অম্বুজেশ বশিষ্ঠ, নিপন জ্যোতি ডেকা, কাৰ্তিক বড়ো, দেৱযানী কাশ্যপ, দিপাংকৰ বৈশ্য, লক্ষণা বড়ো, শৰৎ শৰ্মা আৰু ৰাজেশ মুৰাৰীয়ে। পোষ্টাৰ ডিজাইন কৰিছে অংশুমান শইকীয়াই। চুটি ছবিখনৰ মুক্তিপ্ৰাপ্ত এটি সৰু টিজাৰৰ পৰাই ইয়াৰ কাহিনীভাগৰ উপস্থাপন সুন্দৰ হ’ব বুলি আশা কৰিব পৰা গৈছে।

ড্ৰাগছ সৰবৰাহকাৰীৰ দৌৰাত্ম্যক লৈ অংশুমান শইকীয়াৰ চুটি ছবি "দাদাহ্"- 3

চুটি ছবিখনৰ মুক্তিৰ পিছতহে অৱশ্যে ইয়াৰ সৱিশেষ জানিব পৰা যাব। ইয়াৰ সৈতে জড়িত প্ৰত্যেকগৰাকীকে জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform