Rupaliparda.com
ফাৰহান আখতাৰৰ টুফান ট্ৰান্সফ'ৰমেছনঃ 1

ফাৰহান আখতাৰৰ টুফান ট্ৰান্সফ’ৰমেছনঃ

বলীউড অভিনেতা ফাৰহান আখতাৰৰ শেহতীয়াকৈ “তুফান” শীৰ্ষক এখন ছবিয়ে মুক্তি লাভ কৰিছিল। ছবিখনে ইতিমধ্যে দৰ্শকৰ সমুখতসমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অজীজ আলি ওৰফে অজ্জু ভাইৰ চৰিত্ৰ ৰূপায়িত অভিনেতা ফাৰহানে নিজ চৰিত্ৰটোৰ বাবে যথেষ্ট কষ্ট কৰা দেখিবলৈ পোৱা গৈছে। চচিয়েল মিডিয়াত অভিনেতা গৰাকী প্ৰায়ে সক্ৰিয় হৈ থাকে আৰু বৰ্তমান ফাৰহানে “তুফান” ৰ প্ৰচাৰ চচিয়েল মিডিয়াৰ যোগেৰেই অব্যাহত ৰাখিছে। শেহতীয়াকৈ ব্যক্তিগত ইনষ্টাগ্ৰাম একাউণ্টত অভিনেতা ফাৰহানে তেওঁৰ ছবিখনৰ বাবদ কৰা ট্ৰান্সফ’ৰমেছনৰ প্ৰক্ৰিয়া ৰাইজক দেখুৱায়। যি পোষ্ট বৰ্তমান ভাইৰেল হৈছে চচিয়েল মিডিয়াত বহুল হাৰত, তেওঁ আপলোড কৰা তিনিখন ফটোত তেওঁক অইন অইন ধৰণে দেখিবলৈ পোৱা গৈছে। যাৰ দ্বাৰা নিশ্চয়কৈ বুজিব পাৰি যে, অভিনেতা গৰাকীয়ে এই ছবিখনৰ বাবে কিমান কষ্ট কৰিছে! তেওঁৰ ফটোখনৰ প্ৰথমটো পৰ্যায়ত তেওঁৰ ওজন ৬৯.৮ কিলোগ্ৰাম, দ্বিতীয় পৰ্যায়ত ৮৫.০ কিলোগ্ৰাম আৰু পৰৱৰ্তী সময়ত তেওঁ নিজৰ ওজন কৰিছিল ৭৬.৯ কিলোগ্ৰাম।


ফটোখন আপলোড কৰাৰ দ্বাৰা ফাৰহানে কয় যে, “তুফানৰ বাবে অজ্জুৰ (অজীজ) কেইবাটাও Space আৰু Size। কি যাত্ৰা আছিল, কষ্টৰ সেই ১৮ টা মাহ।” অভিনেতা গৰাকীয়ে ফটোখন আপলোড কৰা পিছতেই তেওঁক বহুল প্ৰশংসাৰে প্ৰশংসিত কৰিছে। আনকি, এইক্ষেত্ৰত অইন চিলেব্ৰেটী সকলেও ফাৰহান আখতাৰক প্ৰংশসা কৰিছে। এমেজন প্ৰাইম টাইমত মুক্তিপ্ৰাপ্ত ছবিখন ফাৰহান আখতাৰৰ বাদেও মুখ্য ভূমিকা ৰূপায়ন কৰিছে মৃণাল ঠাকুৰ আৰু পৰেশ ৰাৱেলে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform