Rupaliparda.com
ৰজনজনাই" য়ে ৰজনজনাই ফুৰিছে শ্ৰোতা-দৰ্শকৰ হৃদয়তঃ 1

ৰজনজনাই” য়ে ৰজনজনাই ফুৰিছে শ্ৰোতা-দৰ্শকৰ হৃদয়তঃ

অসম বুলিলেই ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিৰ উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়। বিহুত ক’ৰবাত দূৰৈত পেঁপাৰ মাত শুনিলেই আমাৰ গাটো ইচাত-বিচাত কৰে; সেইবাবেই হয়টো সূদুৰ লণ্ডন, আমেৰিকাত থকা অসমীয়াই বিহুত নিজৰ আপোন সাঁজযোৰ পিন্ধি নিজেই আনন্দ লভিবলৈ চেষ্টা কৰে। অসমৰ থলুৱা কৃষ্টি-সংস্কৃষ্টি ইত্যাদিয়ে আমাক প্ৰায়ে হাত বাউলি মাতে; আমি আকৰ্ষিত হৈ গৈ থাকোঁ। ইয়াৰ বাবেই আপোনালোকে দেখিছে হয়টো যে নৱপ্ৰজন্মই প্ৰায়ে থলুৱা কৃষ্টি-সংস্কৃতিৰ দিশটো মজবুত কৰিবলৈ সাম্প্ৰতিক সময়ছোৱাত অহোপুৰুষাৰ্থ কৰিছে। অসমবাসীৰ হৃদয়ত অসম খনে ৰজনজনাই থকা সময়তে শেহতীয়াকৈ বিগত বহু দিনৰ পৰা শ্ৰোতা-দৰ্শক অধীৰ অপেক্ষাৰে ৰৈ থকা প্ৰকল্প “ৰজনজনাই” য়ে লাভ কৰিছে মুক্তি। গীতটিয়ে যে সকলোকে শিঁহৰিত কৰিছে সেয়া নিশ্চিত; অনাঁতাৰ শিল্পী হিচাবে চিনাকী মাতৃৰ সান্নিধ্যত সংগীত ক্ষেত্ৰখনৰ প্ৰতি আকৃষ্ট হোৱা নৱপ্ৰজন্মৰ কণ্ঠশিল্পী নিহাৰ কাশ্যপৰ কণ্ঠৰ মাদকতাকো অনুভৱ কৰিবলৈ সক্ষম হৈছে শ্ৰোতা-দৰ্শকে। নিহাৰৰ সপোন সন্নিৱিষ্ট হৈ থকা “ৰজনজনাই” শীৰ্ষক সদ্যমুক্তিপ্ৰাপ্ত গীতটিত সমগ্ৰ অসমখনক সাঙুৰি অনা প্ৰসংগটোৱে সকলোকে উৎসাহিত কৰিছে। মুক্তিৰ কিছু সময়ৰ পিছতেই গীতটি ফাইৰেল হোৱাটোৱে হৈছে ইয়াৰ সফলতাৰ আন এক উৎকৃষ্ট উদাহৰণ।


বানকাঁহীৰ পৰা আৰম্ভ কৰি মুখা শিল্প তথা পথাৰৰ মাজত নচা সেই বিহু নৃত্য পৰ্যন্ত এই গীতটিৰ ভিডিঅ’ত উপস্থাপন কৰা হৈছে। নিহাৰ কাশ্যপৰ ব্যক্তিগত ইউটিউব চেনেলত “ৰজনজনাই” গীতটিৰ বাবে শ্ৰোতা-দৰ্শকে কৰা কমেণ্ট সমূহো আচলতে উল্লেখনীয়; গীতটিক সমাদৰ জনাই ইমান কম সময়ৰ ভিতৰত অসমৰ প্ৰায় সংস্কৃতিক ইয়াৰ জৰিয়তে ৰাইজৰ মাজত উপস্থাপন কৰাৰ বাবে প্ৰত্যেকগৰাকী মনোৰঞ্জন প্ৰেমী ৰাইজে গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক ধন্যবাদ জ্ঞাপন কৰিছে। এইখিনিতে, আমি নাম ল’ব পাৰোঁ গীতটিৰ কথাৰ আঁৰত থকা ব্যক্তিগৰাকীৰ। পাপলু চেতিয়া; ৰেডিঅ’ৰ কৰ্মকৰ্তাৰ সমান্তৰালকৈ গীতিকাৰ হিচাবেও নিজ কেৰিয়াৰত গিয়েৰ লগোৱা এই প্ৰতিভাগৰাকীৰ কথাৰ বাবে বৰ্তমান তেওঁৰ প্ৰতিটো গীতেই জনপ্ৰিয়। গতিকে, “ৰজনজনাই” ৰ আঁৰত থকা ব্যক্তিগৰাকী হৈছে পাপলু চেতিয়া। আনহাতে, সংগীত ব্যৱস্থাপনা আৰু শব্দ-সংমিশ্ৰণ প্ৰণয় দত্তৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু বিষয়বস্তু দেৱাশীষ ডেকাৰ। চলিত বৰ্ষৰ “Lift-off Global” ছবি সমাৰোহত উক্ত প্ৰকল্প “ৰজনজনাই” য়ে মনোনয়ন লাভ কৰাৰ সমান্তৰালকৈ ১৮ সংখ্যক “Mumbai Frames” ছবি সমাৰোহতো ই জনসাধাৰণ তথা সমালোচকৰ বহুল প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও নিউৱৰ্ক, চিকাগো, আমেৰিকা আদিকে আৰম্ভ কৰি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কেইবাখনো ছবি সমাৰোহত এই প্ৰকল্পটোৱে মনোনয়ন প্ৰাপ্তিৰ দ্বাৰা বুটলিছে সমাদৰ।

ৰজনজনাই" য়ে ৰজনজনাই ফুৰিছে শ্ৰোতা-দৰ্শকৰ হৃদয়তঃ 2


গীতটিৰ আৰু অধিক সফলতাৰ কামনা কৰিছে ৰূপালীপৰ্দাই। “ৰজনজনাই” য়ে ৰজনজনাই ফুৰক কেউদিশে। গীতটিৰ সৈতে জড়িত কলা-কুশলীক জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform