Rupaliparda.com
ৰীল ভিডিঅ'ৰ দ্বাৰা চচিয়েল মিডিয়াত সক্ৰিয় অভিনেত্ৰী ৰিম্পী দাসঃ 1

ৰীল ভিডিঅ’ৰ দ্বাৰা চচিয়েল মিডিয়াত সক্ৰিয় অভিনেত্ৰী ৰিম্পী দাসঃ

“ৰীল ভিডিঅ” সমূহৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি। বৰ্তমান ৰীল ভিডিঅ’ ৰ জ্বৰত আক্ৰান্ত হৈ থকা দেখিবলৈ পোৱা গৈছেৰ সকলোকে। আচলতে, এই ৰীল ভিডিঅ’ সমূহৰ ব্যৱহাৰৰ দ্বাৰা জনপ্ৰিয়তাও লাভ কৰিছে বহু লোকে। সাধাৰণ জনৰ পৰা আদি কৰি চিলেব্ৰেটীকো দেখিবলৈ পোৱা যায় এই “ৰীল ভিডিঅ” ত। কোনো এজন কন্ঠশিল্পীৰ গীত মুক্তিৰ পূৰ্বেই তেওঁৰ মুক্তি পাবলগীয়া গীতটি ট্ৰেণ্ডিং হ’বলৈ লয় ৰীল ভিডিঅ’বোৰত। নীল আকাশ, সুবাসনাকে ধৰি দীপলিনাৰ নিজৰ গীত তথা কিছুমান কমেডি’ কৰি প্ৰস্তুত কৰা ৰীল ভিডিঅ’ও ভাইৰেলো হৈ পৰে চচিয়েল মিডিয়াত। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত ৰিম্পী দাসৰ দ্বাৰা নিৰ্মিত প্ৰতিটো ৰীল ভিডিঅ’তেই এতিয়া জনসাধাৰণ বহুল সঁহাৰি পৰিলক্ষিত হৈছে। অসমীয়া ছবিৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ গৈ অসমৰ নাম উজ্বলোৱা অভিনেত্ৰী গৰাকীয়ে হৈছে ৰিম্পী দাস। তিনিচুকীয়াৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা মুম্বাইলৈ গৈ প্ৰায় লাখ লাখ দৰ্শকৰ হৃদয়ত বাস কৰা অভিনেত্ৰী ৰিম্পী দাসৰ অসমীয়া “নন্দিনী” মেগাজিনত ফটো ওলোৱা পিছতেই লৈ লোৱা হৈছিল এখন অসমীয়া ছবি “মনত বিৰিণাৰ জুই” ৰ বাবে। ইয়াৰ পিছতে অভিনেত্ৰী গৰাকীয়ে প্ৰায় ৭খন ছবি, অসমীয়া কেইবাখনো ভিচিড তথা মিউজিক ভিডিঅ’ ত অভিনয় কৰে।

https://www.instagram.com/reel/CRl0dVGA3ww/?utm_source=ig_web_copy_link
https://www.instagram.com/reel/CRLlJhrAPZ4/?utm_source=ig_web_copy_link


ইয়াৰ উপৰিও তেওঁ কহিনুৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতেও জড়িত হৈ পৰে। অভিনয়ৰ আনুষ্ঠানিক শিক্ষা নথকা স্বত্বেও সুন্দৰ অভিনয়ৰ গৰাকী ৰিম্পী দাসৰ বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো আছে বহু অনুৰাগী। এমাহ ফুৰিব যোৱাৰ মানসেৰে মুম্বাইলৈ গৈ লাভ কৰিছিল অভিনয়ৰ সুযোগ। বিগ মেজিকৰ জনপ্ৰিয় ধাৰাবাহিক “আকবৰ বীৰবল” আছিল তেওঁৰ প্ৰথমখন হিন্দী ধাৰাবাহিক; য’ত তেওঁ অনাৰকলি চৰিত্ৰটো ৰূপায়ন কৰিছিল। ইয়াৰ পিছতেই তেওঁ “হাজিৰ জাৱাব বীৰবল”, চিয়া কে ৰাম”, “মহাকালি-অন্ত হি আৰম্ভ হে” ইত্যাদি জনপ্ৰিয় ধাৰাবাহিক কেইখনত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform