Rupaliparda.com
শশাংক সমীৰৰ কথাত জুবিন গাৰ্গৰ কণ্ঠ, সদ্যমুক্তিপ্ৰাপ্ত "আঁতৰি গ'লা" ৰ জনপ্ৰিয়তাঃ 1

শশাংক সমীৰৰ কথাত জুবিন গাৰ্গৰ কণ্ঠ, সদ্যমুক্তিপ্ৰাপ্ত “আঁতৰি গ’লা” ৰ জনপ্ৰিয়তাঃ

যিগৰাকীৰ কন্ঠই অনুৰাগীৰ মনলৈ এক প্ৰশান্তি আনি দিব পাৰে তেওঁৰ প্ৰতিটো গীতৰ বাবেই আচলতে ৰৈ যায় শ্ৰোতা-দৰ্শক। তাহানিৰ দিনৰ পৰা বৰ্তমানলৈ জুবিন গাৰ্গৰ কন্ঠত কি যাদু আছে বুলি প্ৰশ্ন কৰিলে তাৰ উত্তৰত এটাই কথা ক’ব পৰা যায় যে, তেওঁৰ কন্ঠত মৰম আছে, সৰু সৰু কথাৰে গুঁঠি লোৱা আৱেগ আছে আৰু শ্ৰোতাৰ হিয়া মন জুৰ পেলাব পৰাকৈ এসোপা মান আদৰ আছে। যিয়ে প্ৰেমক সুন্দৰৰ শাৰীৰ পৰা লৈ গৈ সৰ্বাংগ সুন্দৰ কৰি তোলে। জুবিন গাৰ্গ বুলিলেই আমি উৎসাহিত হওঁ; যাৰ কণ্ঠই সিৰে সিৰে শিপাই যায়, যাৰ কণ্ঠই কেৱল মাত্ৰ এটা প্ৰজন্ম বুলিয়েই নহয় প্ৰত্যেককে মন্ত্ৰমুগ্ধ কৰি তোলে তেওঁৱেই হৈছে জুবিন গাৰ্গ। জুবিন গাৰ্গৰ প্ৰতিটো বস্তুৱে প্ৰতিজন দৰ্শক-শ্ৰোতাক আপ্লুত কৰে; তেওঁৰ আহিবলগীয়া প্ৰকল্পক লৈ তেওঁতকৈ অধিক উৎসাহী হৈ থাকে তেওঁৰ বহুল অংকৰ অনুৰাগী। অনামিকা”, “পাখি” তথা বৰ্তমানেও তেওঁৰ কন্ঠৰে মুক্তি প্ৰাপ্ত প্ৰতিটো গীতত থাকে এক অজান শিহৰণ; যিয়ে চুই যায় সংগীত প্ৰেমী শ্ৰোতাক। সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেক গৰাকী ব্যক্তিয়ে। জুবিন বলীয়া; তেওঁৰ কৰ্মৰ সমালোচনা হ’লেও তেওঁৰ অনুৰাগীৰ সংখ্যা ইমানেই বৃহৎ যে এই সমালোচনাই অলপতে মুখ থেকেচা খাই পৰে। জুবিন গাৰ্গ ব্ৰেণ্ড বুলি এনেই কৈ পেলোৱা নহয়; ইয়াৰ আঁৰতো যথেষ্ট কাৰণ অন্তৰ্নিৰ্হিত হৈ আছে। সংগীতশিল্পী হিচাবে যে কেৱলমাত্ৰ সংগীততেই তেওঁ মনোনিৱেশ কৰিছে আচলতে তেনে নহয়।


প্ৰতিটো সময়তে সমাজৰ হকে চিন্তা কৰা, ৰাইজৰ হাত ধৰি থিয় হোৱা এগৰাকী “প্ৰকৃত শিল্পী” ৰ মাজৰ এজন হৈছে জুবিন গাৰ্গ। সামাজিক তথা ৰাজনৈতিক দিশটোৰ প্ৰতিটো ক্ষেত্ৰতে নিজ মন্তব্য প্ৰদান কৰে কন্ঠশিল্পী গৰাকীয়ে। জুবিন গাৰ্গ বুলি ক’লেই উৎকণ্ঠিত হোৱা সকলক দিবলৈ ওলাইছোঁ এক ভাল খবৰ। সদ্যমুক্তিপ্ৰাপ্ত “আঁতৰি গ’লা” শীৰ্ষক গীতটিৰ বাবে শেহতীয়াকৈ চৰ্চালৈ আহিছে কণ্ঠশিল্পী গৰাকী। কিছুমান গীত মুক্তিৰ পিছতেই গীতটিক লৈ আমি ব্যস্ত হৈ পৰোঁ। তাতেই আকৌ যেতিয়া প্ৰিয় সংগীতশিল্পী গৰাকীৰ কণ্ঠৰে গীতবোৰে মুক্তি লাভ কৰে তেতিয়াটো সেই গীতটিয়ে সমাদৰ লাভ কৰাটো নিশ্চিত হৈ পৰে। বিষাদৰ এই গীতটিত জুবিন গাৰ্গৰ কণ্ঠই আকৌ এবাৰ তেওঁৰ অনুৰাগীক নিজৰ পিনে টানিবলৈ সক্ষম হৈছে। গীতটিত কথা শশাংক সমীৰৰ। বিভিন্ন প্ৰতিভাৰে পৰিপূৰ্ণ শশাংক সমীৰৰ নামটো অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ বাবে এক প্ৰত্যাশিত নাম। ৰেডিঅ’ কৰ্মকৰ্তা হিচাবে প্ৰথমে শ্ৰোতাক নিজৰ ফলীয়া কৰা শশাংক সমীৰৰ অভিনয় ক্ষেত্ৰটো তেওঁৰ দক্ষতা নুই কৰিব নোৱাৰি। আনহাতে, গীতটিত সুৰ আৰু সংগীত কৰিছে জয়ন্ত কাকতিয়ে। বহুকেইটা গীতক হৃদয়স্পৰ্শী কৰি তুলি ৰাইজৰ মাজলৈ উলিয়াই দিয়াৰ ক্ষেত্ৰত জয়ন্ত কাকতিয়ে যি অহোপুৰুষাৰ্থ কৰিছে সেয়া সঁচাকৈ উল্লেখনীয় তথা প্ৰশংসনীয়। “আঁতৰি গ’লা” শীৰ্ষক গীতটিৰ সংগীত ব্যৱস্থাপনা বাবলুৰ। এডিশ্বনেল প্ৰগ্ৰামিং আৰু শব্দ সংমিশ্ৰণ কৰিছে শ্বেখৰ জ্যোতি গোস্বামীয়ে। তবলা বজাইছে ৰাজা বৰুৱাই; বাঁহী বজাইছে লক্ষ্মীনন্দন লাহনে।

শশাংক সমীৰৰ কথাত জুবিন গাৰ্গৰ কণ্ঠ, সদ্যমুক্তিপ্ৰাপ্ত "আঁতৰি গ'লা" ৰ জনপ্ৰিয়তাঃ 2


গীতটিয়ে মুক্তি লাভৰ পিছতেই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গীতটিৰ ইউটিউব লিংকত অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। জুবিন গাৰ্গৰ সৈতে শশাংক সমীৰৰ যুঁটিটো বৰ্তমানলৈ পচন্দ কৰি আহিছে সকলোৱে। “আঁতৰি গ’লা” ৰ সৈতে জড়িত প্ৰত্যেকগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform