Rupaliparda.com
Surekha Sikri

|| পতনৰ পিছত নক্ষত্ৰ চৰ্চা … || — উৎপল মেনা

বলিউডৰ ” তৰা ” নাছিল ! – কিন্তু ভালেমান ৰূপালী গল্পৰ পোহৰ তেও ! নক্ষত্ৰৰ দৰে অভিনয় চমক দেখিছো ” তমছ ” , ” মাম্মো ” ( ১৯৯৪ ত চিত্ৰগৃহলৈ অহা চিনেমা খনৰ ফায়াজী চৰিত্ৰটোই মনত সাঁচ বহুৱাই থৈছে । ) , ” ছৰদাৰী বেগম ” , ” জো বোলে চো নিহাল ” , ” মিষ্টাৰ এণ্ড মিচেছ আয়াৰ ” , ” বধাই হো ” আদি চিনেমাত । নাম — সুৰেখা চিক্ৰি । মঞ্চ অভিনেত্ৰী আছিল । অবিভক্ত ভাৰতৰ দিল্লিত ১৯৪৫ চনৰ ১৯ এপ্রিলত জন্ম সুৰখা চিক্ৰিৰ । আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে ঠিক কৰিছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত ” অভিনয় ” পঢ়িব । ১৯৭১ চনত এন এছ ডি স্নাতক হোৱাৰ পিছত সুৰেখাই দিল্লীৰ পৰা মুম্বাইলৈ আহিছিল কেবল চিনেমাত অভিনয় কৰিবলৈ । ” নাটক মোৰ প্ৰিয় বিষয় । অভিনয়ৰ ভোক গুচাব পাৰি কেৱল মঞ্চত । কিন্তু এদিন মোক নাটকে আমুৱালে । আর্থিক সমস্যাত পৰিছিলো । আৰু সিদ্ধান্ত লৈছিলো চিনেমাত অভিনয় কৰি আৰ্থিক সমস্যাৰ পৰা মুক্ত হবলৈ চেষ্টা কৰিম ! কম দিনৰ ভিতৰতে চিনেমাত অভিনয়ৰ সুযোগ পাইছিলো । — নাই , নাটক এৰিব পৰা নাছিলো । আৰু মোৰ ভাগ্য ভাল আছিল চিনেমাটো অভিনয়ৰ ভোক গুচাব পৰা চৰিত্ৰত অভিনয়ৰ সুযোগ পাইছিলো । ” — কৈছিল , সুৰেখা চিক্ৰিয়ে । ( সেই দিনটো মোৰ ভালদৰে মনত আছে ! মুম্বাইৰ উপকণ্ঠ চহৰ ডম্বিভলিত ১৯৯৮ চনৰ ডিচেম্বৰৰ এটা শনিবাৰে ” জনমদিনম ” নামৰ মালায়ালাম চিনেমা এখন প্ৰদৰ্শন হৈছিল । — মন কৰিছিলো প্ৰতি শনিবাৰে নিৰ্দিষ্ট সেই চিত্ৰগৃহটোত দক্ষিণ ভাৰতীয় চিনেমা প্ৰদৰ্শন হয় । মাজে মাজে আমিয়ো দৰ্শকৰ আসনত বহো । সেই বিশেষ দিনটোতো বহিছিলো । নিৰ্দিষ্ট সময়ত চিনেমা শেষ হৈছিল । ৰূপালী গল্পটো বুজা নাছিলো । সুৰেখা চিক্ৰিৰ অভিনয় উপভোগ কৰিছিলো । সেইদিনা সুৰেখা চিক্ৰিও উপস্থিত আছিল । আৰু ” দৰ্শক”ৰ প্ৰশ্নৰ উত্তৰত তেনেদৰে কৈছিল । ) প্ৰথম খন চিনেমা — ” কিচ্ছা কুৰ্ছি কা ” । ” The film was a satire on the politics of Indira Gandhi and her son Sanjay Gandhi and was banned by the Indian Government during the Emergency period and all prints were confiscated. ‘ স্বাভাবিকতে চৰ্চাৰ বিষয় হৈছিল । অমৃত নাহতাৰ পৰিচালনা । শাবানা আজমি , ৰাজ কিৰণ , উৎপল দত্ত , ৰেহানা সুলতান আদিৰ লগতে সুৰেখা চিক্ৰিয়ে অভিনয় কৰিছিল । আৰু স্বাভাবিকতে সুৰেখা চিক্ৰিৰ অভিনয়ো চিত্ৰৰসিকৰ চকুত পৰিছিল । ১৯ ৭৮ত আৰম্ভ হোৱা এই চিনেযাত্ৰা ক’ৰ’না সমস্যাৰ বাবে দিবলৈ বাধ্য হোৱা ” লকডাউন “লৈ চলি আছিল । ” লকডাউন “ৰ বাবে চিনেযাত্ৰা স্থিৰ হৈছিল ! আৰ্তনাদ কৰিছিল অভিনেত্ৰী গৰাকীয়ে । আৰ্তনাদ অনুভৱ কৰিছিলো আন কেইবাখনো কাকত – আলোচনীৰ লগতে ” আনন্দ বাজাৰ পত্ৰিকা “ত — ” যদি প্রৌঢ় নেতাৰা কাজ কৰতে পাৰেন, তবে অভিনেতাদেৰ বেলায় নিষেধাজ্ঞা কেন । ” ( ৬৫ ঊর্ধ্বৰ অভিনেতা – অভিনেত্ৰীক কাম কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল মহাৰাষ্ট্র চৰকাৰে। এই সিদ্ধান্ত মানি লব পৰা নাছিল সুৰেখা চিক্ৰিয়ে । ) — চিনেমাৰ কাম নাছিল , নাট্যমঞ্চ বন্ধ হৈছিল । অসহায় অনুভৱ কৰিছিল । আৰ্থিক সমস্যা বাঢ়িছিল । — শৰিৰ ভাল নাছিল , তথাপি কাম কৰি আৰ্থিক চেপাৰ পৰা মুক্ত হবলৈ ইচ্ছা কৰিছিল । — ২০১৯ ত মহাবালেশ্বৰত চিনেমা এখনৰ বাবে শ্বট দি থকা সময়ত সুৰেখা চিক্ৰিৰ ব্রেইন ষ্ট্ৰোক হৈছিল । অভিনয়ৰ পৰা বেছ কিছু দিন আতৰি থাকিবলৈ বাধ্য হৈছিল । সুষ্ট হৈ ব্যস্ত হৈছিল জোয়া আখতাৰৰ ” ঘোষ্ট ষ্টোৰিজ ” । যদি অভিনয়ৰ মাজত থকাৰ সুযোগ পালে হেতেন ! আজি ( ১৬ জুলাই, ২০২১ ) আভিনেত্ৰী গৰাকীৰ মৃত্যুৰ খবৰ চিত্ৰৰসিকে নাপালে হেতেন ! এন ধৰণৰ আৱেগীক চৰ্চাও হৈছে ।

” আনাদী অনন্ত ” , ” ছেলিম লাংডে পে মাদুৰ ৰো ” , ” পৰিণীতি ” , ” নজৰ ” ” ছোটা বুদ্ধ ” , ” জুবেইদা ” , ” দেহম ” আদি চিনেমাতো অভিনয় কৰা সুৰেখা চিক্ৰিয়ে তিনিবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে ( চিনেমা : মাম্মো , তমছ ,বধাই হো ) সন্মানিত হৈছিল । আৰু কেইবাটাও বঁটাৰ লগতে হিন্দী নট্যকৰ্মৰ বাবে সংগীত নাটক অকাডমীৰে সন্মানিত হৈছিল ১৯৮৯ত । সৰু পৰ্দাৰ বাবে কৰা অভিনয়ৰ বাবে ভাৰতীয় টেলিভিচন অকাডেমিৰ বঁটা লাভ কৰিছিল । এক থা ৰাজা এক থানি ৰানী , বালিকা বধু বিশেষ ভাবে চৰ্চিত টি ভি ধাৰাবাহিক । — ধাৰাবাহিক , চিনেমাৰ অভিনয়ৰ কথা মনত ৰাখি কব পাৰি চেহেৰা অভিনয়ৰ অসাধাৰণ প্ৰতিভাৰ আন এক নাম — সুৰেখা চিক্ৰি । কেতিয়াবা ঘৃণা কৰিব পৰা ক্ৰুৰতা , কেতিয়াব মৰমে চুই যাব পৰা মমতা , কেতিয়াবা বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হোৱা আভিজাত্য স্পষ্ট হয় সেই একে চেহেৰাত , সুৰেখা চিক্ৰিৰ সহজ – সৰল চেহেৰাত । ৰূপালী গল্পৰ এই প্ৰতিতো ৰূপেৰেই চিত্ৰৰসিকক চুই গৈছিল সুৰেখা চিক্ৰিয়ে ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform