Rupaliparda.com
"জীৱন আৰু সংগীত মোৰ বাবে একেই, সংগীত নহ'লে জীৱন‌ নহয়, গতিকে জীৱনটোয়েই সংগীত"- মৃগাংক মৌচম 1

“জীৱন আৰু সংগীত মোৰ বাবে একেই, সংগীত নহ’লে জীৱন‌ নহয়, গতিকে জীৱনটোয়েই সংগীত”- মৃগাংক মৌচম

মনোৰঞ্জন নথকালৈ জীৱনৰ প্ৰত্যেকটো ৰসেই আধৰুৱা। সেইবাবেই হয়টো জনসাধাৰণে হতাশাতো এটা গান শুনিয়ে মন পাতলাবলৈ চেষ্টা কৰে; আমনিদায়ক হৈ থকা সময়কণতো আচলতে বহুতেই বিচাৰে সংগীত। ফলত, মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত সংগীত বিষয়টোৱে অধিক দৰ্শক আৰু শ্ৰোতাক নিজৰ পিনে টানি ৰখা বুলি ক’ব পাৰি। এই সংগীত ক্ষেত্ৰখনক লৈ আকৰ্ষিত বৰ্তমান বহু যুৱপ্ৰজন্ম; তথাকথিত “সংগীত” ৰ আখ্যা দিয়া কিছু গীতৰ তুলনাত একাংশ যুৱপ্ৰজন্মৰ বৰ্তমান সৃষ্টি সঁচাকৈয়ে মনকৰিবলগীয়া। মৃগাংক মৌচম; নামটো বৰ্তমানলৈ যদিও জনসাধাৰণৰ মুখে মুখে প্ৰচলিত হোৱাগৈ নাই তথাপিও এই প্ৰতিভাগৰাকীয়ে নিজ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ লিখা কেইবাটাও কবিতা চচিয়েল মিডিয়াত উপলব্ধ হোৱাৰ সমান্তৰালকৈ সেই কবিতাবোৰ গীত আকাৰেও মুক্তি লাভ কৰিছে। এইবাৰৰ দেওবৰীয়া সাক্ষাৎকাৰত আমি আপোনালোকৰ মাজলৈ লৈ আনিছিলোঁ এগৰাকী প্ৰতিভাক। চাওঁ চোন আহকঃ

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?

মৃগাংক মৌচমঃ মনোৰঞ্জনৰ পৃথিৱীখনহে মোৰ বাবে আচল পৃথিৱী‌ | প্ৰথম/দ্বিতীয় শ্ৰেণীত পঢ়ি থকাৰ পৰা বিভিন্ন কবিতা আবৃত্তিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। এবাৰ মনত আছে, তেতিয়া হয়তো মই তৃতীয় শ্ৰেণী মানত পঢ়ি আছিলোঁ, দেৱকান্ত বৰুৱা ছাৰৰ “সাগৰ দেখিছা” কবিতাটি আবৃত্তি কৰিছিলোঁ প্ৰতিযোগিতা এখনত। হঠাতে কবিতাটো পাহৰি থাকিলোঁ, তাৰ পিছত মঞ্চৰ ওপৰতে কান্দিছিলোঁ। সেই স্মৃতিবোৰ বৰ মিঠা, এতিয়াও লাগি আছে বুকুৰ কোনোবাখিনিত। তাৰ পিছত লাহে লাহে ঘৰৰ ওচৰৰ বন্ধুবোৰৰ লগত লগ হৈ এখন-দুখন নাটক কৰিবলৈ আৰম্ভ কৰিছিলোঁ। সময়ৰ সোঁতত লাহে লাহে নাটকৰ পৰাও আঁতৰি অহা হ’ল। গান গাইছিলো স্কুল-কলেজৰ বিভিন্ন অনুষ্ঠান সমূহত, সাংস্কৃতিক সন্ধিয়াবোৰত। তাৰ পিছত লাহে লাহে লিখা-মেলা কৰিবলৈ ল’লো বুকুৰ ভিতৰত গোজৰি-গোমৰি থকা অনুভৱবোৰক লৈ। কবিতা হয় নে নহয় নেজানো কিন্তু, কবিতাৰ দৰেই লিখিবলৈ চেষ্টা কৰিলোঁ, প্ৰথমে লাহে লাহে কবিতাবোৰ আবৃত্তি কৰি বিভিন্ন ৱেবচাইট সমূহত মুক্তি দিছিলোঁ। সেই সময়ত অসমত ইউটিউবৰ জনপ্ৰিয়তা বৰ নাছিলে, তাৰ পিছত লাহে লাহে ৱেবচাইটৰ সলনি ইউটিউবৰ জনপ্ৰিয়তা আহিল। তেতিয়াৰ পৰাই, সকলোৰে দৰে ইউটিউবৰ মাধ্যমেৰে কামবোৰ ৰাইজৰ মাজলৈ আগবঢ়াই আহিছোঁ। বিভিন্ন কন্ঠশিল্পীৰ বাবে গান লিখিবলৈ ল’লো, সুৰ কৰিবলৈ ল’লো। এনেদৰেই অব্যাহত আছে এই যাত্ৰা, কি দিব পাৰিছো নাজানোঁ, কিন্তু ভাল কাম কৰাৰ হেঁপাহটোৱে খেদি ফুৰে অনবৰতে, দৌৰি আছোঁ হেঁপাহবোৰৰ পিছে পিছে। ৰাইজৰ মৰম আৰু আশীৰ্বাদবোৰে নতুন সৃষ্টি কৰাত মনোবল বৃদ্ধি কৰে, কামবোৰ মানুহৰ বাবেই কৰা যায়, যেতিয়া আদৰি লয় সেই সুখৰ সমান পৃথিৱীত একোৱেই হ’ব নোৱাৰে মোৰ বাবে |

"জীৱন আৰু সংগীত মোৰ বাবে একেই, সংগীত নহ'লে জীৱন‌ নহয়, গতিকে জীৱনটোয়েই সংগীত"- মৃগাংক মৌচম 2

প্ৰশ্নঃ তোমাৰ মতে, গৰাকী “শিল্পী” ৰ সংজ্ঞা কি?

মৃগাংক মৌচমঃ শিল্পী হ’ব পৰাতো বৰ সহজ কথা নহয়। মই ভাবো প্ৰতিজন গান/নাটক/অভিনয় কৰা মানুহ শিল্পী নহয়। তথাপিও, প্ৰতিজন সাংস্কৃতিক কৰ্মীৰ মনত শিল্পী হোৱাৰ এটা আশা থাকে, শিল্পীৰ সমাজৰ প্ৰতি বহুতো দায়বদ্ধতা থাকে। শিল্পীবোৰ বৰ বেছি আৱেগিক হয়, আনৰ দুখবোৰে মনবোৰ গধূৰ কৰে। আচলতে, শিলৰ দৰে কঠোৰতকৈও কঠোৰ পৰিস্থিতিক যি পানীৰ দৰে পি খাব পাৰে তেওঁহে প্ৰকৃত শিল্পী। পকেটত দহ টকা এটা থাকিলেও কাৰোবাক তাৰে পাঁচ টকা দি সহায় কৰিবলৈ মন যোৱা জনেই “শিল্পী”। শিল্পীক মানুহে অনুসৰণ কৰে, গতিকে শিল্পীসকলে কৰা কামবোৰৰ দ্বাৰা যাতে সমাজলৈ কোনো ধৰণৰ বেয়া বাৰ্তা নাযায় তাৰ বাবে প্ৰতিজন শিল্পী সচেতন হ’ব লাগে। সমাজ আৰু ৰাইজৰ প্ৰতিটো বিপদত শিল্পীসকল আগবাঢ়ি আহিব লাগে। কাৰণ, প্ৰতিজন শিল্পীক দৰ্শক/শ্ৰোতাই জন্ম দিয়ে। শিল্পী ৰাইজৰ দ্বাৰা জন্ম হয়, ৰাইজৰ বাবে শিল্পী হয়। গতিকে শিল্পী সদায় গণশিল্পী।

"জীৱন আৰু সংগীত মোৰ বাবে একেই, সংগীত নহ'লে জীৱন‌ নহয়, গতিকে জীৱনটোয়েই সংগীত"- মৃগাংক মৌচম 3

প্ৰশ্নঃ এগৰাকী নৱপ্ৰজন্ম হিচাবে, মনোৰঞ্জন ক্ষেত্ৰখনক লৈ তোমাৰ দায়বদ্ধতা কি বুলি ভাবা?

মৃগাংক মৌচমঃ মনোৰঞ্জনৰ পৃথিৱীখনত মই একেবাৰেই নতুন। তথাপিও, সমাজৰ বাবে বহুত কিবাকিবি কৰাৰ সপোন আছে, ভাল কাম কৰাৰ হেঁপাহ আছে। মই ভাবো, সৃষ্টিবোৰ এনেকুৱা হ’ব লাগে যিয়ে মানুহক সুখত হঁহুৱাব আৰু দুখত কন্দুৱাব পাৰে। বিশেষকৈ, গান-কবিতাৰ ক্ষেত্ৰত গীতি সাহিত্যৰ ওপৰত প্ৰতিজন গীতিকাৰ, লিখকে গুৰুত্ব দিয়াটো উচিত বুলি ভাবো। মোৰ কলমেৰেও যাতে সদায় ভাল শব্দ ওলাই তাৰ বাবে যিমান পাৰি সদায় পঢ়া-শুনা আৰু চৰ্চা অব্যাহত ৰাখিছোঁ | বিভিন্ন সময়ত দেখা যায় যে, সস্তীয়া জনপ্ৰিয়তাৰ বাবেই হওঁক বা অপৰিপক্ক জ্ঞানৰ বাবেই হওঁক বিভিন্নজনে গীতি সাহিত্যৰ মাজত কিছুমান অবান্তৰ শব্দ ব্যৱহাৰ কৰে। যাৰ বাবে আমাৰ অসমীয়া গীতি সাহিত্যৰ মানদণ্ডত কিছু আঘাত সনা যেন মোৰ অনুভৱ হয় ।( নতুন হিচাবে মই কথাবোৰ ক’ব লাগে নে নাই নেজানো, তথাপি মনৰ অনুভৱবোৰ নিলিখি নোৱাৰিলো )। গতিকে, নৱপ্ৰজন্ম হিচাবে মনোৰঞ্জনৰ ক্ষেত্ৰখনলৈ ভাষাত আঘাত নসনাকৈ ৰাইজক কেনেদৰে আমোদ দিব পাৰি সেইটোহে মোৰ প্ৰধান লক্ষ্য। দায়বদ্ধতা বুলিলে বহুত কথা আহি পৰে, নতুন হিচাবে মই নতুন কথা আৰু নতুন সুৰ শ্ৰোতাক দিবলৈ সদায় প্ৰস্তুত |

"জীৱন আৰু সংগীত মোৰ বাবে একেই, সংগীত নহ'লে জীৱন‌ নহয়, গতিকে জীৱনটোয়েই সংগীত"- মৃগাংক মৌচম 4

প্ৰশ্নঃ আগন্তুক পৰিকল্পনা কেনেধৰণৰ?

মৃগাংক মৌচমঃ পৰিকল্পনা বহুতেই থাকে। তথাপি, বৰ্তমান তিনিটা গীতৰ কামত ব্যস্ত হৈ আছোঁ। ইয়াৰে দুটা গীত জীৱনমুখী আৰু এটি গীত প্ৰেমৰ। পৰিস্থিতি ভাললৈ আহিলে শাৰদীয় বতৰত তিনিওটি গীত ৰাইজৰ মাজলৈকে আগবঢ়ায় দিম | তেজপুৰৰ ষ্টুডিঅ’ Rudra Records ত সংগীত পৰিচালক শিৱানন্দ বৰুৱাই গীতকেইটাৰ সংগীতৰ কাম কৰি আছে। গীতকেইটাত কন্ঠদান কৰিব ক্ৰমে – এমুঠি ফাগুনত সুমন কাশ্যপে, আকাশতধীমান কাকটি , আনটো গীত ” অ’ জীৱন” ত শিৱা দা আৰু ইয়াত মোৰ নিজস্ব পৰিকল্পনা। এই গীতটিৰ বাবে অসমৰ সবাতোকৈ জনপ্ৰিয় শিল্পী/কণ্ঠশিল্পী জনৰ কথা ভাবি থকা হৈছে। তাৰোপৰি সৰু-সুৰাকৈ কেইবাটাও কবিতাৰ কাম শিৱা দা আৰু আন এজন‌ ককাইদেউ জোন বৰা (Studio Dynasty Concert) ৰ লগত কৰি আছো | এইখিনিতে, মোৰ ভাইটি/বন্ধু অভিজিত গগৈৰ কথা ক’বই লাগিব। মোৰ প্ৰতিটো কামত সিওঁ মোৰ আন এজন‌ সহযোগী। গান-কবিতাৰ মাজতেই আমাৰ জীৱন। জীৱন আৰু সংগীত মোৰ বাবে একেই, সংগীত নহ’লে জীৱন‌ নহয়, গতিকে জীৱনটোয়েই সংগীত।

"জীৱন আৰু সংগীত মোৰ বাবে একেই, সংগীত নহ'লে জীৱন‌ নহয়, গতিকে জীৱনটোয়েই সংগীত"- মৃগাংক মৌচম 5

ৰূপালীপৰ্দাঃ ধন্যবাদ মৃগাংক। তোমাৰ পৰিকল্পনা সমূহ প্ৰতিটো সফল হওক।

মৃগাংক মৌচমঃ ধন্যবাদ ৰূপালীপৰ্দা।

1 comment

Leave a Reply

  • ধন্যবাদ ৰীমা❤️
    ধন্যবাদ ৰূপালী পৰ্দা

Recent posts

The Ultimate Managed Hosting Platform

Most popular

Most discussed

Follow us

Don't be shy, get in touch. We love meeting interesting people and making new friends.

%d bloggers like this: