Rupaliparda.com
ব্ৰঞ্জ মেডেল লাভ কৰা এটি গীত “Aawaz – speak up against sexual violence”- 1

ব্ৰঞ্জ মেডেল লাভ কৰা এটি গীত “Aawaz – speak up against sexual violence”-

২০১২ চনত দিল্লীত সংঘটিত পৈশাচিক কাণ্ডটোৰ বিষয়ে আমি প্ৰত্যেকজন জনসাধাৰণেই অৱগত। বিগত ৮ বছৰ পিছত চলিত বৰ্ষত “নিৰ্ভয়া কেছ” ৰ শুনানি হয় আৰু এই নাৰকীয় ঘটনা সংঘটিত কৰা বলাৎকাৰী কেইজনক ফাঁচী দিয়া হয়। এই ঘটনাটোক আধাৰ হিচাপে লৈয়ে অসম সন্তান জিম অংকন ডেকাই ২০১৩ চনত মুকলি কৰিছিল এটা গীত; যাৰ নাম আছিল “Aawaz – speak up against sexual violence”। গীতটিৰ কথা লিখিছিল জিম অংকন ডেকা, ঋত্বিকা ভট্টাচাৰ্য্য লগতে পাৰমিতা বৰাই। “নন্দী চিষ্টাৰচ” ৰ মাজৰ এগৰাকী ভগ্নী অন্তৰা নন্দীয়ে উক্ত গীতটোৰ এক অংশত কন্ঠদান কৰে। গীতটিৰ ভিডিঅ’ ত তিনিটা সৰু চুটি ছবি সন্নিৱিষ্ট কৰা হৈছিল য’ত ধৰ্ষণক লৈ মাত মাতিবলৈ জনসাধাৰণক জোৰ দিয়া হয়। Global Music Award ত ব্ৰঞ্জ মেডেল লাভ কৰাৰ লগতে এই গীতটোৱে আন আন বহু খন প্ৰতিযোগিতাত মনোনয়ন লাভ কৰাৰ উপৰিও বঁটা লাভ কৰিবলৈ সক্ষম হয়।


মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান সমূহৰ ভিতৰত প্ৰতিভাৱান এগৰাকী হৈছে জিম অংকন ডেকা। আৱাহন-ৰামধেনু যুগৰ বিশিষ্ট সাহিত্যিক তথা গৱেষক লগতে শিক্ষাবিদ ভবানন্দ ডেকাৰ পুত্ৰ জিম অংকনে ১৯৯৯ চনত নিজ ১৯ বছৰ বয়সতে নিৰ্মাণ কৰি উলিয়াইছিল তেওঁৰ প্ৰথম অসমীয়া এলবাম “তুমি কোৱা কথাবোৰ”। ইয়াৰ উপৰিও, কম বয়সতে তেওঁৰ তিনি গৰাকী বন্ধুৰ সৈতে “প্ৰহৰ” শীৰ্ষক এটি বেণ্ড খুলি লোৱা উক্ত উদীয়মান শিল্পী গৰাকীয়ে ২১ বছৰ বয়সত গুৱাহাটীত নিজাববীয়াকৈ খুলি লৈছিল এটি ষ্টুডিঅ’; যাৰ নাম আছিল “লা জিয়াজ”।

ব্ৰঞ্জ মেডেল লাভ কৰা এটি গীত "Aawaz – speak up against sexual violence"- 2

কেৱল মাত্ৰ সংগীতেই নহয়; অসমীয়া ভাষা-সংস্কৃতিৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত কোনো ব্যক্তি অথবা বিষয়বস্তুক কেন্দ্ৰ কৰি জিম অংকন ডেকাই নিৰ্মাণ কৰি উলিয়াইছিল ডকু-ফিছাৰ ছবি। “অসম সাহিত্য সভা”,”শ্ৰী মন্ত শংকৰদেৱ”, তথা “ভূপেন হাজৰিকা” ক কেন্দ্ৰ কৰিয়েই তেওঁ নিৰ্মাণ কৰি উলিয়াইছিল ছবিসমূহ। জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰা জিম অংকনৰ তথ্যচিত্ৰ “শ্ৰী মন্ত শংকৰদেৱ” হৈছে প্ৰথমখন অসমীয়া ছবি যাক বিদেশত ৰাজহুৱা ভাৱে প্ৰদৰ্শিত কৰা হৈছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform