Rupaliparda.com
পিংকল প্ৰত্যুষ আৰু ৰাজশ্ৰী দাসৰ অভিনয়েৰে নতুন গীত "বৰষা"- 1

পিংকল প্ৰত্যুষ আৰু ৰাজশ্ৰী দাসৰ অভিনয়েৰে নতুন গীত “বৰষা”-

কিছুমান নতুন যুঁটি তথা কিছুমান নতুন গীতক লৈ আমি সদায় উৎসাহিত হওঁ। শেহতীয়াকৈ, এটা নতুন গীতৰ খবৰে উৎকণ্ঠিত কৰিছে সকলোকে। অহা মাহৰ প্ৰথমটো দিনতেই “বৰষা” শীৰ্ষক এটি নতুন গীতৰ সৈতে আপোনাৰ কাষ চাপিব নৱপ্ৰজন্মৰ প্ৰতিভাৱান এটা দল। ৰূপালীপৰ্দাৰ এই পেজটোৰ তৰফৰ পৰা আমি প্ৰতিদিনেই আপোনালোকৰ সমুখত এনে কিছুমান নৱপ্ৰজন্মৰ প্ৰতিভাৰ কথা আনিবলৈ প্ৰয়াস কৰিছো, তেওঁলোকৰ সৃষ্টিৰ বিষয়ে আপোনালোকৰ মাজলৈ লৈ অনাৰ চেষ্টা কৰিছোঁ। এই নৱপ্ৰজন্মৰ প্ৰতিভাবান শিল্পী, কলা-কুশলীয়ে নিৰৱিচ্চিন্নভাৱে এই ক্ষেত্ৰখনত নিজৰ সৰ্বস্ব দিবলৈ প্ৰয়াস কৰি গৈছে। প্ৰতিদিনেই নিজ কৰ্মক তেওঁলোকে পূৰ্বতকৈ অধিক গ্ৰহণযোগ্য কৰি জনসাধাৰণৰ কাষ চপাৰ চেষ্টা কৰিছে। আমি উপলদ্ধি কৰিব পাৰিছো যে কেওঁদিশ স্তব্ধতাৰে পৰিপূৰ্ণ হ’লেও ইয়াত মনোৰঞ্জন ক্ষেত্ৰখনে কেতিয়াও স্তব্ধতাক স্বীকাৰ নকৰে; ই যিকোনো প্ৰকাৰে শ্ৰোতা-দৰ্শকৰ কাষ চপাত সক্ষম হৈ পৰে। টোপাল টোপাল বৰষুণৰ মাজতেই এটি সুন্দৰ ৰোমাণ্টিক গীতৰ আমেজেই সুকীয়া; আমি প্ৰায়ে এই আমেজটোক জীয়াবলৈ বিচাৰোঁ। সেইবাবেই হয়টো বৰষুণৰ মাজতেই হয় প্ৰেমৰ জন্ম আৰু তাতেই সৃষ্টি হয় একোটা ৰোমাণ্টিক গীতৰ।

পিংকল প্ৰত্যুষ আৰু ৰাজশ্ৰী দাসৰ অভিনয়েৰে নতুন গীত "বৰষা"- 2

এনে সুন্দৰ অনুভূতি এটাক লৈয়ে মুক্তিৰ বাবে সাজু হৈছে “বৰষা”। বৰ্তমান সময়ছোৱাত এটা কাহিনীক লৈয়ে একোটা গীতৰ ভিডিঅ’ৰ সৃষ্টি হয়। গীতটিৰ সৈতে কাহিনীভাগৰ উপস্থাপনে প্ৰকল্পটোক দৰ্শকৰ মাজত আৰু অধিক গ্ৰহণযোগ্য কৰি তোলাত সক্ষম হয়। “বৰষা” কো ঠিক তেনেদৰেই প্ৰস্তুত কৰি উলিওৱা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। গীতটিত সংগীত দিয়াৰ লগতে ইয়াৰ ভিডিঅ’ত অভিনয় কৰিছে নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় পিংকল প্ৰত্যুষে। তেওঁৰ সৈতে ইয়াত অভিনয় কৰিছে ৰাজশ্ৰী দাসে; অৱশ্যে এই যুঁটিটো আপোনালোকৰ বাবে নতুন নহয়। পিংকলৰ ব্যক্তিগত ইউটিউব চেনেলত উপলব্ধ ভিডিঅ’বোৰত তেওঁলোকৰ যুঁটিটোক পচন্দ কৰিছে জনসাধাৰণে। আনহাতে, ইয়াত কণ্ঠদান কৰিছে প্ৰিহান প্ৰদীপ্তাই। সহযোগী কণ্ঠ দিছে কৰণ গগৈয়ে। ভিডিঅ’টোৰ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ দায়িত্বত আছে অপুৰাজ গগৈ। উঠি অহা প্ৰজন্মৰ বহু যুৱক-যুৱতীৰ প্ৰতিভাই ইতিমধ্যে আপ্লুত কৰিছে জনসাধাৰণক। কোনোৱে যদি নতুনৰ আৱিষ্কাৰ কৰিছে আনহাতে কোনোৱে আকৌ লুপ্ত হ’বলৈ ধৰা বিষয়বোৰক আকৌ এবাৰ সাধাৰণজনৰ মাজলৈ উভতাই আনিছে; মুঠতে অবিৰত ধাৰাত চলি থকা এই সাংস্কৃতিক ক্ষেত্ৰখনে নিৰৱচ্চিন্ন ভাৱে কৰিছে নিজ কাম। দৰ্শক-শ্ৰোতাক কেৱল মাত্ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিয়াই নহয়; সম্প্ৰতি নৱপ্ৰজন্মৰ সৃষ্টিত অন্তৰ্ভূক্ত জ্ঞানকো হৃদয়ংগম কৰিছে বহু সচেতন লোকে। সংগীত ক্ষেত্ৰখনৰ বিষয়ে যদিও ক’বলৈ যাওঁ তেনেহ’লে ইয়াত প্ৰতিটো দিনত একোটা নতুন সৃষ্টি হৈছে।

পিংকল প্ৰত্যুষ আৰু ৰাজশ্ৰী দাসৰ অভিনয়েৰে নতুন গীত "বৰষা"- 3


য’ত কোনোবাই আৰম্ভণিৰ প্ৰথমটো খোজ পেলাইছে আনহাতে কোনোৱে আকৌ নিজৰ সৃষ্টিত নতুনৰ যোগান ধৰি নিজ অনুৰাগীৰ তালিকা দীঘলীয়া কৰিছে। আহিবলগীয়া “বৰষা” ৰ সৈতে জড়িত প্ৰত্যেককে জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform