Rupaliparda.com
বহু দিনৰ অন্তত "মনকোঁৱৰ" ক লগত লৈ আহিছে প্ৰিয়ংকা ভৰালীঃ 1

বহু দিনৰ অন্তত “মনকোঁৱৰ” ক লগত লৈ আহিছে প্ৰিয়ংকা ভৰালীঃ

বিগত বহু দিনৰ অন্তত অনুৰাগীৰ মাজলৈ এটি নতুন গীতৰ সৈতে কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী। “মনকোঁৱৰ” শীৰ্ষক আন এটি গীতৰ জৰিয়তে ৰাইজৰ কাষ চাপিছে কণ্ঠশিল্পী গৰাকী; গীতটিত সংগীত কৰিছে মৃন্ময় শৰ্মাই লগতে গীতটিত কথা দিছে নীলোৎপল ৰয় চৌধুৰীয়ে। সুৰ অশ্বিন শৰ্মাৰ লগতে গীতটিত প্ৰিয়ংকা ভৰালীৰ সৈতে অশ্বিনে যুটীয়াভাৱে কণ্ঠদানো কৰিছে। ভিডিঅ’ পৰিচালনা কৰিছে শচীন বৰুৱাই। পৰিচালনা ক্ষেত্ৰখনত এক সুকীয়া চিনাকী লাভ শচীনৰ পৰিচালনাৰে নিৰ্মিত ভিডিঅ’ সমূহ বহুলভাৱে সমাদৃত। গীতটিৰ ক্ষেত্ৰত আন এক ভাল লগা কথা এয়াও যে, ইয়াৰ ভিডিঅ’টোত অভিনয় কৰিছে অসমীয়া অভিনয় ক্ষেত্ৰখনৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে। গীতটিয়ে মুক্তি লাভৰ পিছতেই জনসাধাৰণৰ পৰা বহুল হাৰত প্ৰশংসিত হৈছে। উল্লেখ্য যে, বিগত বহাগ বিহুৰ সময়ছোৱাত কন্ঠশিল্পী তথা সংগীত শিল্পী সমূহে ক’ভিড প্ৰটক’ল গম পোৱাৰ পিছতো ফাংচন সমূহ কৰা আৰু বিগত দিনত মনোৰঞ্জন ক্ষেত্ৰলৈ অহা অতিকৈ বেয়া খবৰ ভিতালী দাসৰ মৃত্যুৰ দিনাও প্ৰিয়ংকা ভৰালী আৰু বিপিন চাউদাঙে কৰা অনুষ্ঠানক কেন্দ্ৰ কৰি উক্ত ব্যক্তিগত সংবাদ মাধ্যমে ঋণাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু তাৰ বাবেই নিজ স্পষ্টীকৰণ ৰাইজৰ সমুখত দাঙি ধৰাৰ স্বাৰ্থত এটা ব্যক্তিগত সংবাদ মাধ্যমৰ টক-শ্ব’ ত উপস্থিত হৈছিল কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী।পিছলৈ, টক-শ্ব চলি থকা সময়ত ঘোষক গৰাকীক প্ৰিয়ংকা ভৰালীয়ে নিজ যুক্তিৰে থকা-সৰকাও কৰাও দেখিবলৈ পোৱা যায়। সেই সময়ত, চচিয়েল মিডিয়াত কেৱল মাত্ৰ অনুৰাগী বুলিয়ে নহয়, তেওঁৰ সমৰ্থনত নামি পৰিছিল অসমীয়া শিল্পী সমাজো।


২০০৯ চনতে তেওঁ এই সংগীত ক্ষেত্ৰখনত প্ৰফেচনেলি সোমাই পৰিছিল; তেওঁৰ প্ৰথমটো গীত আছিল “জানমণি” ভিচিডিৰ “কাহিলী পুৱাতে জান ঐ”। ইয়াৰ পিছৰ পৰাই তেওঁ কেইবাটাও গীতত কন্ঠদান কৰি শ্ৰোতাক গুণমুগ্ধ কৰি তুলছিল। ইয়াৰ ভিতৰত আছিল “চেঁচা পৰি যাব নিদিবা”, “অকুৱা পকুৱা”, “হেভি হেণ্ডচাম”, টেক্সি গাড়ী” লৈ ইত্যাদি। মিলিয়নৰ অংকত ভিউৱাৰচ তেওঁৰ প্ৰতিটো গীতত। বিগত বৰ্ষত তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “এধানি কলিজা” শীৰ্ষক গীতটিয়ে লাভ কৰিছে অনুৰাগীৰ বহুল সমাদৰ লগতে ক্ষন্তেকতে ই চচিয়েল মিডিয়াত লাভ কৰিছিল বহুল চৰ্চা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform