Rupaliparda.com
Jaya Seal

|| জয়াৰ ‘ দ্য গ্রিন উইন্ডো ‘ আৰু …|| – উৎপল মেনা

৭ এপ্ৰিলৰ খবৰ । কলকাতাৰ সাংবাদিক বন্ধু এগৰাকীয়ে দিয়া । জয়া শীলৰ নতুন চিনেমাৰ । নাম — ‘ দ্য গ্রিন উইন্ডো ‘ (The Green Window) । ৬৪ বছৰীয়া খ্রিস্টান মহিলা জর্জিয়া ফার্নান্ডেজৰ চৰিত্ৰত অভিনয় কৰিছে জয়াই । সন্দেহ নাই সম্পূৰ্ণ নতুন ৰূপত দেখা যাব অসমৰ অভিনেত্ৰী গৰাকীক ।

একাকীত্ব ! জীবনেৰ শেষ সময় সময় চোৱাৰ নিঃসঙ্গতা সম্ভৱতঃ ‘ দ্য গ্রিন উইন্ডো ‘ৰ বিষয় বস্তু । ” মনেৰ জানলা খুলে নতুন কৰে জীবনকে আপন কৰে নেওয়া যায়। এমনই এক কাহিনি দর্শকদেৰ সামনে তুলে ধৰছেন অভিনেত্রী জয়া শীল ঘোষে । ” ( — হয় , জয়া শীল ঘোষ । জয়া শীলৰ স্বামীৰ নাম বিক্রম ঘোষ । ) ৰূপালী গল্পটোৰ কেন্দ্ৰ বিন্দু জয়াই অভিনয় কৰা চৰিত্ৰটো । এই হিন্দী চিনেমা খনৰ পৰিচালক ইন্দিৰা ধৰ মুখাৰ্জী । নিজৰে উপন্যাসৰ আধাৰত পৰিচালক গৰাকীয়ে চিত্ৰনাট্য ৰচনা কৰিছে । লেখক – পৰিচালক গৰাকীৰ ভাষাত — ” ৰক্তমাংসেৰ মানুষেৰ কাহিনি । একটি বৃদ্ধাশ্রমেৰ একটি জানলা। যে আসলে অনেক ঘটনাৰ সাক্ষী। কিন্তু জীবনেৰ আশাৰ কথা বলে সে। আলো দেখায়। আৰ এক জন মায়েৰ গুৰুত্ব যে কতটা, সে কথাও বলতে চেয়েছি এই ছবিৰ মাধ্যমে। ” — আমি যিমান দূৰ জানো ৰূপালী গল্পটোত ৬৪ বছৰীয়া জর্জিয়া ফার্নান্ডেজ (জয়া শীল ) পুত্ৰ ছিমোন ,পুত্ৰ বধু প্যাট্রিছিয়া আৰু নাতি চনকৰ সৈতে থাকে কলকাতাত । ছিমোনে বিদেশত ভাল চাকৰি পোৱাত পত্নি – পুত্ৰক লৈ বিদেশলৈ যায় । শাৰীৰিক অসুস্থতাৰ বাবে জর্জিয়াৰ ভিছা পোৱাত দেৰি হয়। জর্জিয়াই অকলে ঘৰত নাথাকি বৃদ্ধাশ্রমলৈ যায় । আৰু তাৰ পৰা আৰম্ভ হয় জীৱনক নতুনকৈ চোৱাৰ আন এক অধ্যায় । — আশা কৰিব পাৰি এই চিনেমা খনেৰে অভিনেত্ৰী জয়া শীলৰো আন এক অধ্যায় আৰম্ভ হব ।

নাট্যকৰ্মী বাহাৰুল ইছলামে যেতিয়া জয়া শীলৰ সৈতে আমাক চিনাকী কৰি দিছিল , তেতিয়া অভিনেত্ৰী গৰাকীৰ পৰিচয় — জনপ্ৰিয় বিহু নৃত্য শিল্পী । মঞ্চত অভিনয়ো কৰে । আৰু দ্বিতীয়বাৰ যেতিয়া মুম্বাইত লগ পাইছিলো , তেতিয়া পৰিচয় — ‘ অমৃতা ” ( ১৯৯৯ ) নামৰ থ্রিলাৰ হিন্দী চিনেমা এখনত অভিনয় কৰিছে । এন এছ ডি ৰ অভিনয় পাঠ শেষ কৰিছে । আৰু পৰবত্তী সময়ত অসমীয়া চিনেমা ‘ শেষ উপহাৰ ‘ ( ২০০১ ) , ‘ শৃংখল ‘ (২০ ১৩ ) ৰ লগতে কেইবাখনো তামিল, বাংলা, কন্নড়, ওড়িয়া, তেলেগু আৰু হিন্দী ভাষাৰ চিনেমাত অভিনয় কৰিছে । বিশেষ ভাবে উল্লেখ কৰিব পাৰি ‘ আলিফা ‘ ( ২০১৮ ) ‘ পেনিন মানাথাই থোট্টু ‘( ২০০০ ) ‘ সামুৰাই ‘ ( ২০০২ ) , ‘ হঠাৎ নীৰাৰ জন্য ‘ ( ২০০৪ ) , ‘ এক্সকিউছ মি ‘( ২০০৩ ) , কাটি কুটি ( ২০১১ ) , ‘ শেষ ঠিকানা ‘( ২০০০ ) ‘ দেশ দেবী ‘( ২০০২ ) , ‘ উত্তৰা ‘ ( ২০০০ ) , আৰশি নগৰ (২০১৫ ) , ‘ থিলাদানাম ‘ ( 2000 ), ‘ এভয়াৰ অথগাদু ‘ ( ২০০৩ ) , ‘ কাঞ্চন জংঘা এক্সপ্ৰেছ ‘ ( ২০১২ ) , ‘ বাহালা চেননাগাইড ‘ ( ২০০১ ) , ‘ মাগুনিরা শাগাদা ‘ ( ২০০১ ) , ‘ কালাকালাপ্পু ‘ ২০০১ , ‘ ছাল ‘ ( ২০০২ ) আদি । ‘ আলিফা ‘ আৰু ‘ উত্তৰা ‘ৰ অভিনয়ত অভিনেত্ৰী গৰাকীৰ ‘ অভিনয় পাঠৰ পূৰ্ণতা ‘ স্পষ্ট । সমৰেশ বসুৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা বুদ্ধদেব দাশগুপ্তৰ এই পৰিচালনাত জয়াই উত্তৰাৰ চৰিত্ৰত অভিনয় কৰিছে । ( ‘ The film contrasts violence, human sin and lawlessness in seemingly peaceful areas. The place is a quiet village in Purulia district of Bengal . ‘ ) ” আলিফা ‘ৰ সৌন্দৰ্য ফটোগ্ৰাফী , সংগীতৰ লগতে জয়াৰ অভিনয় । ( ‘ This movie carries the story of a couple and their daughter Alifa as they had lost their home for soil erosion by the Beki River at Barpeta and settled in Guwahati for their livelihood. ‘ ) আৰু ‘ আলিফা ‘ৰ পিছত ‘ দ্য গ্রিন উইন্ডো ‘ ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform