Rupaliparda.com
Adomya

|| ৰাফ cut : অদম্য , ববী শৰ্মা বৰুৱা … ||-উৎপল মেনা

অদম্য ‘ ৰ (২০১৪) ৰ কাহিনী আগবাঢ়ে জুৰি (প্ৰণামী বৰা)ক কেন্দ্ৰ কৰি । বিষয়বস্তু : এইড্‌ছ ৰোগ সমস্যা । কোনো দোষ নাছিল জুৰিৰ । সুন্দৰ সপোন লৈ বিয়াত বহিছিল । গাৱৰ জুৰি চহৰ পাইছিল এগৰাকী অভিযন্তাৰ সৈতে বিয়া হৈ। বিয়াৰ ৬ মাহ পাৰ হয় । জুৰিয়ে জানিব পাৰে — স্বামী এইড্‌ছ ৰোগত আক্ৰান্ত । স্বামীৰ মৃত্যু হয় । সেই সময়ত জুৰি গৰ্ভৱতী । পৰীক্ষা কৰি গৰ্ভৱতী জুৰিৰ দেহতো এইড্‌ছ ৰোগ ধৰা পেলালে চিকিৎসকে । অসহায় অনুভৱ কৰে জুৰিয়ে । স্বামীৰ ঘৰত , মাকৰ ঘৰত ‘ অস্পৃশ্য ‘ হোৱা জুৰিয়ে মাকৰ ঘৰৰ ওচৰতে জুপুৰি এটাত থাকে । আৰু জীৱন যুদ্ধত নামে । এটি কন্যা সন্তানো জন্ম দিয়ে । সন্তানটি এইড্‌ছ ৰোগ মুক্ত । কিন্ত সমাজৰ হীন ব্যৱহাৰৰপৰা সাৰি নাযায় । কন্যাসন্তানটোৰ নাম ৰাখে জোনাক ।জোনাক জুৰিৰ সপোন । ‘ জোনাকৰ পোহৰত ‘সংগ্ৰাম আৰম্ভ কৰে জুৰিয়ে । কাহিনীৰ শেষত দৰ্শকে অনুভৱ কৰে জুৰিৰ জয় । — এয়া স্পষ্ট , পৰিচালকৰ উদ্দেশ্য গল্প কোৱা নহয় ( গল্পটো অবশ্যেই পৰিপাটিকৈ কৈছে । জুৰিৰ মানসিক যন্ত্ৰণা , সংঘৰ্ষ কেমেৰাৰ ভাষাৰে – প্ৰণামি বৰাৰ চেহেৰাৰ ভাষাৰে ‘ গতি ‘ক গুৰুত্ব দি আঁকিছে । চৰিত্ৰটোক কোনো মূহুৰ্ততে অস্বাভাবিক বা ‘ নাটকীয় ‘ আছৰণ কৰিব দিয়া নাই । ) , এইড্‌ছ ৰোগৰ অশুদ্ধ ধাৰণাৰ বিৰুদ্ধে ‘ সমাজ ‘ক সজাগ কৰা । আমাৰ এই ধাৰণা নিশ্চয় শুদ্ধ । আৰু নিশ্চয় কম — পৰিচালক ববী শৰ্মা বৰুৱাৰ এয়া সফল চিনেকৰ্ম ‘অদম্য ‘ । চিনেমাৰ সার্থকতা যান্ত্রিক উপায়ে বাস্তবতাক পুনঃনির্মাণ কৰাৰ মাজত নিহিত। ” Cinemas are a form of visual entertainment . ” — কব পাৰি এই কথা পৰিচালকে , চিত্ৰনাট্যকাৰে ‘ অদম্য ‘ ৰচনাৰ সময়ত মনত ৰাখিছিল । ‘স্থানীয় বজাৰ’ত অসফল চিনেমা খনৰ ‘মহোৎসৱ যাত্ৰা ‘ সুখকৰ । ত্ৰয়োদশ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চিনেমাৰ (Spiritual film শাখা) বঁটা প্ৰাপ্ত চিনেমা খন পঞ্চদশ ৰেইনবো ফিল্ম ফেষ্টিভেল – লণ্ডন (২০১৪ ) , প্ৰথম আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱ – বাংলাদেশ ( ২০১৪ ) , Cana ফিল্ম ফেষ্টিভেল – ছিংগাপুৰ ( ২০১৪ ) , দ্বাদশ Third Eye এছিয়ান ফিল্ম ফেষ্টিভেল ( ২০১৪ ) , Kala Godha Arts festival (২০১৪ ) , তৃতীয় দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২০১৪ ) , মুম্বাই আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱ ( ২০১৪ ) , চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ( ২০১৪ ) আৰু বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ( ২০১৪ ) ত দেশ – বিদেশৰ চিত্ৰৰসিকক সন্তুষ্ট কৰৰ খবৰ কাকত – আলোচনীত পঢ়িছো । কিন্তু পৰিচালকৰ কষ্ট অধিক সাৰ্থক হ’ল হেতেন , যদিহে অসমৰ বিভিন্ন প্ৰান্তত চিনেমা খন প্ৰদৰ্শন কৰা হ’ল হেতেন ! অসমীয়া চিনেমা খনৰ প্ৰদৰ্শন অসমৰ বিভিন্ন প্ৰান্তত জৰুৰী আছিল । সেই সময়ত , এই সময়তো ।

সংযোজন : পৰিচালক ববী শৰ্মা বৰুৱাই ‘ অদম্য ‘ৰ পূৰ্বে ২০০৬ চনত প্ৰথমটো চিনেকৰ্ম কৰিছিল ।বিষয় : অসমৰ চাহ জনগোষ্ঠী । পৰৱৰ্তী সময়ত “সোণতৰা”, “চহৰৰ গধূলি” আদি গীতৰ দৃশ্য এলবাম , কেইবা খনো তথ্যচিত্ৰ , টিভি ধাৰাভাহিক পৰিচালনা – নিৰ্মাণ কৰে। কোৱা হয় চুটি চিনেমা “ৱেটিং ফৰ এ ক’ল”, “দেউতা এণ্ড মিৰ’ৰ” আদি পৰিচালক গৰাকীৰ চিনেকৰ্মৰ বুনিয়াদ । এই বুনিয়াদত পোন হৈ ক্ৰমে — অদম্য (২০১৪ ), সোণাৰ বৰণ পাখি (২০১৬ ) আৰু য়েছে দৰজে ঠংচিৰ ‘মিচিং’ নামৰ উপন্যাসখনৰ আধাৰত পৰিচালনা কৰে “মিচিং – দ্য এপাৰেশ্যন “। চিনেমা খনে লাভ কৰে শ্ৰেষ্ঠ শ্বেৰদুকপেন ভাষাৰ চিনেমাৰ ” ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০১৯ ” । ‘ সোণাৰ বৰণ পাখি ‘য়ে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল লছ এঞ্জেলেচ, ২০১৭ – ত লাভ কৰে শ্ৰেষ্ঠ চিনেমাৰ গ্ৰেণ্ড জুৰী বঁটা । আৰু শ্ৰেষ্ঠ চিনেমাৰ দৰ্শক বঁটা লাভ কৰে ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ – ২০১৭ত । চিনেমা খনৰ বিষয় গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডে ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform