Rupaliparda.com
মুখা সংস্কৃতিক লৈ নৱপ্ৰজন্মৰ চুটি ছবি "মুখা", কি আছে নতুন? 1

মুখা সংস্কৃতিক লৈ নৱপ্ৰজন্মৰ চুটি ছবি “মুখা”, কি আছে নতুন?

মাজুলীক সংস্কৃতিৰ সমন্বয় ক্ষেত্ৰ বুলি কোৱা হয়; সংস্কৃতিৰ এক অংশ মাজুলীতেই আছে। মাজুলী বুলি ক’লে সকলোৰে মনত এক অজান শিহৰণে ভূমুকি মাৰে। সৰুৰে পৰাই মাজুলীৰ প্ৰতিটো সংস্কৃতিৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ থাকে তাত থকা প্ৰত্যেকজন জনসাধাৰণ। ৰাষ্ট্ৰীয় পৰ্যায়তো এওঁলোকে নিজৰ সংস্কৃতিক সুন্দৰ ৰূপত বিশ্লেষণ কৰা দেখিবলৈ পোৱা যায়। “মাজুলী” লৈ কোনো এগৰাকী ব্যক্তি ফুৰিবলৈ গ’লে সেই গৰাকী ব্যক্তি যে মাজুলীক লৈ আগ্ৰহী হৈ গৈ থাকে সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। মাজুলীক কেন্দ্ৰ কৰি নানানটা প্ৰকল্পৰ সৃষ্টি কৰিছে অসমীয়া সংস্কৃতিৰ সৈতে জড়িত কলা-কুশলীয়ে। মন কৰিবলগীয়া যে এই আটাইবোৰ প্ৰকল্পই বহুল হাৰত সমাদৰো লাভ কৰিছে দৰ্শকৰ। মাজুলীত মুখা নিৰ্মাণক সমল হিচাবে লৈ বহু শিল্পীয়ে জীৱন নিৰ্বাহ কৰি আহিছে। ক’ৰোণা ভাইৰাছৰ ফলত অৱশ্যে এই মুখা নিৰ্মাণ কাৰ্যত ঋণাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। পৰ্যটক আহিব পৰা নাই বাবেই পেলনীয়া সামগ্ৰীলৈ পৰিণত হৈছে এই মুখা সমূহ। তথাপিও, ধৈৰ্য্য আৰু একাগ্ৰতাৰে শিল্পী সকলে এই নিৰ্মাণকাৰ্য আগবঢ়াই লৈ গৈ আছে। এই মুখা সংস্কৃতিক লৈ এগৰাকী নৱপ্ৰজন্মৰ পৰিচালকে নিৰ্মাণ কৰি উলিয়াইছে এখন চুটি ছবি। প্ৰায়ে এই সংস্কৃতিটোক লৈ নিৰ্মাণ হৈ থকা তথ্যচিত্ৰ সমূহতকৈ কিছু ব্যতিক্ৰমী ধৰণে পৰিচালক গৰাকীয়ে নিৰ্মাণ কৰিছে এই চুটি ছবিখন।

মুখা সংস্কৃতিক লৈ নৱপ্ৰজন্মৰ চুটি ছবি "মুখা", কি আছে নতুন? 2


এয়াই আচলতে নতুনত্ব। মনোৰঞ্জন ক্ষেত্ৰখনত নতুনত্বৰ সঞ্চাৰ বোৱাই দিয়া নৱপ্ৰজন্মৰ পৰিচালক- প্ৰযোজক সকলে প্ৰায়ে নিজ প্ৰকল্পৰে দৰ্শকক উৎসাহিত কৰা দেখিবলৈ পোৱা যায়। মুখা সংস্কৃতিৰ উপস্থাপনৰে “মুখা” নামে এই চুটি ছবিখনত এটা কাহিনীকো সন্নিৱিষ্ট কৰা হৈছে। চুটি ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰ দায়িত্বত আছে ৰক নবিচ। আনহাতে, ইয়াত অভিনয় কৰিছে ক্ৰমে নিশা নিৰ্মালী, ৰক নবিচ, শুভ্ৰজিৎ মেধি, প্ৰণৱ জে শৰ্মা আৰু ছানি চেমে। RAW & REEL প্ৰযোজনা গোষ্ঠীৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনত ডি.অ’.পি কৰিছে আয়ূস বৰুৱাই লগতে ক্ৰিয়েটিভ আৰু সহঃ পৰিচালনাৰ দায়িত্বত আছে ছানি চেম। সম্পাদনা কৰিছে ঋষভ চাহা আৰু অভিজ্ঞান ডেকাই। সংগীত কৰিছে বেজালেল বাঘলাৰী, চাউণ্ড ডিজাইন আৰু সংমিশ্ৰণ কৃতি প্ৰাবৰ দাসে। চাউণ্ড ৰেকৰ্ড কৰিছে কিৰণময়ী কলিতাই। দৃশ্যগ্ৰহণ কৰিছে অনিৰ্বাণ হাজৰিকাই। ড্ৰ’ন সপোন দত্ত আৰু প্ৰয়াগজ্যোতি বৰাৰ, গ্ৰাফিক্স অভিজ্ঞান ডেকাৰ। সহঃ সম্পাদনা ৰাজ তিলক ডেকাৰ। চুটি ছবিখন বৰ্তমানলৈও মুক্তি লাভ নাই কৰা যদিও শেহতীয়াকৈ ইয়াৰ কাহিনী ভাগৰ সাৰাংশই দৰ্শকক আকৰ্ষিত কৰিছে আৰু “মুখা” ক অপেক্ষা কৰি ৰৈছে সকলোৱে।

মুখা সংস্কৃতিক লৈ নৱপ্ৰজন্মৰ চুটি ছবি "মুখা", কি আছে নতুন? 3
মুখা সংস্কৃতিক লৈ নৱপ্ৰজন্মৰ চুটি ছবি "মুখা", কি আছে নতুন? 4


বিভিন্নটা নতুন কাহিনীৰে চুটি ছবিসমূহে বৰ্তমান জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। “মুখা” ৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform