Rupaliparda.com
Purple Unicorn entertainment ৰ বেনাৰত নিৰ্মিত প্ৰথম গীত “তৰা এটি”, স্বাৱলম্বী নাৰীৰ কাহিনীৰে আহি আছে গীতটিঃ 1

Purple Unicorn entertainment ৰ বেনাৰত নিৰ্মিত প্ৰথম গীত “তৰা এটি”, স্বাৱলম্বী নাৰীৰ কাহিনীৰে আহি আছে গীতটিঃ

একাংশ কণ্ঠশিল্পীৰ নতুন গীতৰ মুক্তিৰ খবৰে উৎসাহিত কৰে প্ৰত্যেককে। উৎসাহিত কৰাৰ আঁৰতো অৱশ্যে থাকে আন কিছু কাৰণ। আমি দেখি আহিছোঁছোঁ যে, সংগীত ক্ষেত্ৰখনত নিতৌ ইজনৰ পিছত সিজনকৈ নতুন প্ৰতিভাৰ আৱিৰ্ভাব হৈছে। কেৱল মাত্ৰ আৱিৰ্ভাব হোৱা বুলিয়ে নহয়; তেওঁলোকৰ প্ৰতিভাসমূহো হৈছে লেখত ল’বলগীয়া। কিন্তু, কেতিয়াবা কোনো সময়ত এনে হয় যে একাংশ প্ৰতিভাই উচিত প্লেটফৰ্মৰ অভাৱত তেওঁলোক নিৰ্দ্দিষ্ট এঠাইত আহি স্তব্ধ হৈ পৰে; প্ৰতিভা থাকিও সেই প্ৰতিভাক ৰাইজৰ মাজলৈ উলিয়াই অনাত তেওঁলোক অসুবিধাৰ সন্মুখীন হয়। গতিকে, এই অসুবিধা তথা সমস্যা সমূহক খণ্ডন কৰি বিশেষকৈ নৱপ্ৰজন্মৰ কাষ চাপিছে এটি নতুন প্ৰডাকচন হাউচ। হাউচটোৰ নাম হৈছে Purple Unicorn entertainment । ক’ভিড সৃষ্ট পৰিৱেশৰ মাজত আৰু অধিক হতাশগ্ৰস্ত হৈ পৰিছে পৰিস্থিতিবোৰ; জীৱিকাৰ খাতিৰত একাংশ কণ্ঠশিল্পীয়ে অইন পথৰ বিচাৰ কৰি উলিয়াইছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ কিছু কিছু মাধ্যমত যদিও স্তব্ধতাই বিৰাজ কৰিছে তথাপিও এনে কিছু প্ৰযোজনা গোষ্ঠীয়ে আশাৰ কিৰণ হৈ নামিছে প্ৰত্যেকৰে হৃদয়ত। এইখিনিতে, আপোনালোকক এই প্ৰডাকচন হাউচটোৰ এটি নতুন খবৰ আপোনালোকক দিবলৈ বিচাৰিছোঁ। হাউচটোৰ বেনাৰত মুক্তি লাভ কৰিবলৈ সাজু হৈছে এটি নতুন গীত “তৰা এটি”। গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী ঋতৃষা শৰ্মাই।

Purple Unicorn entertainment ৰ বেনাৰত নিৰ্মিত প্ৰথম গীত "তৰা এটি", স্বাৱলম্বী নাৰীৰ কাহিনীৰে আহি আছে গীতটিঃ 2


শেহতীয়াকৈ, ইনষ্টাগ্ৰাম ৰীলচত তেওঁ গীত হিন্দী, মাৰাঠী, পাঞ্জাবী, ইংৰাজীকে ধৰি আন কিছু ভাষাত একোটা গীতত কণ্ঠদান কৰি অনুৰাগীত মাজত জনপ্ৰিয়তা লাভ কৰি আহিছে। অনুৰাগীয়ে নিজেই শ্বেয়াৰ কৰিছে তেওঁৰ এই ভিডিঅ’ সমূহ। এতিয়া আহো অইন এটা খবৰলৈ, এইবাৰ ঋতৃষা শৰ্মাৰ কণ্ঠৰে আহি আছে এটি নতুন গীত “তৰা এটি”। ভিডিঅ’ সহ মুক্তি পাবলগীয়া এই গীতটিৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে শ্বুটিং, ন- প্ৰডাকচন হাউচ “Purple Unicorn entertainment” ৰ বেনাৰত নিৰ্মিত এই গীতটিৰ কথা মৃদুস্মিতা দেৱীৰ লগতে ইয়াত সংগীত কৰিছে নৱপ্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় আৰু বহুল ভাৱে সমাদৃত প্ৰতিভা ত্ৰিয়ন মহন্তই। গীতটিৰ ভিডিঅ’ পৰিচালনাৰ লগতে দৃশ্যগ্ৰহণ আৰু সম্পাদনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে, যিগৰাকীৰ পৰিচালনাৰে নিৰ্মিত ভালেকেইটা গীতৰ ভিডিঅ’ ইতিমধ্যে অসমীয়া সংগীত জগতত মুক্তি লাভ কৰিছে। নিতৌ অথবা নিজ জীৱন যাত্ৰাত সন্মুখীন হ’ব পৰা প্ৰতিটো বাধাক খণ্ডন কৰি আগবাঢ়ি যোৱা এগৰাকী স্বাৱলম্বী নাৰীৰ জীৱনৰ কথাৰে “তৰা এটি” গীতটিৰ বিষয়বস্তুৰ উপস্থাপন কৰা হৈছে। গীতটিৰ বিষয়বস্তু প্ৰিয়ংকা বৈশ্যৰ, ইয়াত অভিনয় কৰিছে অভিনেত্ৰী প্ৰিয়ংকা বৈশ্য আৰু নৱাগতা হৃষিকেশ দত্তই। সহযোগী চৰিত্ৰ ৰূপায়ণ কৰিছে অপৰ্ণা দত্ত চৌধুৰীয়ে।

Purple Unicorn entertainment ৰ বেনাৰত নিৰ্মিত প্ৰথম গীত "তৰা এটি", স্বাৱলম্বী নাৰীৰ কাহিনীৰে আহি আছে গীতটিঃ 3


আগষ্ট মাহতেই অতি সোনকালে গীতটিক ৰাইজৰ মাজলৈ উলিয়াই দিয়া হ’ব বুলি ইতিমধ্যে চচিয়েল মিডিয়া যোগেই জানিবলৈ দিছে Purple Unicorn entertainment ই। গীতটিৰ সৈতে জড়িত প্ৰত্যেককে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছিল শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform