Rupaliparda.com
ৰাজশ্ৰী শইকীয়াৰ কণ্ঠত "লাহি হালি জালি" ৰ নতুন ৰূপঃ 1

ৰাজশ্ৰী শইকীয়াৰ কণ্ঠত “লাহি হালি জালি” ৰ নতুন ৰূপঃ

অসমীয়া সংগীত ক্ষেত্ৰখনৰ বহুল ভাৱে সমাদৃত ৰাজশ্ৰী শইকীয়াই আকৌ এবাৰ লগাইছে খলকনি। গীত সমূহৰ কভাৰ প্ৰস্তুত কৰি শ্ৰোতাৰ হৃদয় জয় কৰা এই কণ্ঠশিল্পী গৰাকীৰ প্ৰতিটো গীতত ফুটি উঠা ব্যতিক্ৰমীতাই তেওঁক ৰাইজৰ ওচৰত অধিক গ্ৰহণযোগ্য কৰি তোলে। নগাঁও জিলাত জন্মগ্ৰহণ কৰা ৰাজশ্ৰী শইকীয়াই “লাহি হালি জালি” শীৰ্ষক এটি আধুনিক গীতৰ সৈতে ২০১৫ চনত সংগীত ক্ষেত্ৰখনত ভুমুকি মাৰিছিল আৰু তাহানিৰ দিনৰ পৰা বৰ্তমানলৈ তেওঁৰ অনুৰাগীৰ সংখ্যা বাঢ়ি যোৱাৰ লগতে তেওঁৰ গীতসমূহে যথেষ্ট হাৰত সঁহাৰি লাভ কৰিবলৈও সক্ষম হৈছে। শেহতীয়াকৈ তেওঁৰ প্ৰথম গীতটিকেই নতুন আকাৰে প্ৰস্তুত কৰি অনুৰাগীৰ মাজলৈ উলিয়াই আনিছে কণ্ঠশিল্পী গৰাকীয়ে। পূৰ্বৰ সংস্কৰণটোত কথা দিছিল বৰ্ষা বৰাই আৰু সংগীত কৰিছিল অনুপম কোঁৱৰে। আনহাতে, গীতটিৰ নতুন সংস্কৰণটোত সংগীত কৰিছে কৌস্তভ মণি ফুকনে। যুটীয়াভাৱে কণ্ঠদান কৰাৰ লগতে শব্দ সংমিশ্ৰণ কৰিছে কৌস্তভ শইকীয়াই। ৰাজশ্ৰী শইকীয়াক এতিয়া চিনি নোপোৱা হয়টো বহু কমেই লোক ওলাব। এগৰাকী কন্ঠশিল্পীৰ তাত আচলতে বহুতেই বিভিন্নতাৰ সন্ধান কৰে; সংগীত প্ৰেমী শ্ৰোতাৰ সোঁৱাদনুযায়ী ভিন্নতা প্ৰদান কৰি আপ্লুত কৰাও অৱশ্যে একোগৰাকী কন্ঠশিল্পী তথা সংগীতশিল্পীৰ কৰ্তব্য। “কভাৰ গাৰ্ল” ৰাজশ্ৰীৰ কন্ঠৰ সংজ্ঞাও সুকীয়া; প্ৰায় কেইবাটাও ভাষাত গীত গাবলৈ প্ৰয়াস কৰা ৰাজশ্ৰীৰ কন্ঠই সমাদৰো লাভ কৰে জনসাধাৰণৰ সমুখত।


নতুন গীত, নতুন কন্ঠৰ আদৰণি প্ৰত্যেকেই প্ৰত্যেকদিনাই কৰা আমি দেখি আহিছো। আমি মনোৰঞ্জন ভাল পাওঁ আৰু আমি হতাশ হ’লে অকণমান মনোৰঞ্জনৰেই প্ৰয়োজন হয়। এই ক্ষেত্ৰখনত থকা সংগীতে আমাক প্ৰতিটো সময়ত জীপাল কৰে, আমাৰ একাংশই ৰাতি নিদ্ৰা দেৱীৰ কোলাত যাবলৈও কাষ চাপে সংগীতৰ। সুমধুৰ কন্ঠ; তাতেই আকৌ একোটা মনপৰশা গীতৰ কথাত প্ৰায় বহু জনসাধাৰণ আপ্লুত হৈ পৰে। কেইবাটাও বাণিজ্যিক গীতে যদিও সংগীত ক্ষেত্ৰখনত ঠাই বনাইছে তৎস্বত্বেও একোটা সুন্দৰ গীতক লৈ এতিয়া জনসাধাৰণৰ যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছে। যদিও সংগীতৰ ধাৰাৰ সাল-সলনি কৰা হৈছে, যদিও বৰ্তমানৰ কিছু সংগীতে নতুন ৰূপ লৈছে তথাপিও উঠি অহা কেইগৰাকী মান কন্ঠশিল্পীৰ সৃষ্টিত বিশ্বাস ৰাখিয়ে একাংশই তেওঁলোকৰ বাবে আগ্ৰহ দেখুওৱা পৰিলক্ষিত হয়। অনুৰাগীৰ এটা দীঘলীয়া শাৰী নাথাকিলেও তেওঁলোকৰ কন্ঠৰ প্ৰশংসা কৰা দেখিবলৈ পোৱা যায়। আমি প্ৰায়ে এওঁলোকক লৈ ব্যস্ত নহ’লেও আচলতে তেওঁলোকৰ কন্ঠ শুনিলে আমি এক মিনিটৰ বাবে হ’লেও তেওঁলোকৰ ভিডিঅ’টোৰ সৈতে স্তব্ধ হৈ পৰো। আচলতে, সেয়াই ব্যতিক্ৰম; সেয়াই নতুনত্ব।

ৰাজশ্ৰী শইকীয়াৰ কণ্ঠত "লাহি হালি জালি" ৰ নতুন ৰূপঃ 2


জনসাধাৰণক নিত্য নৈমিত্তিক ব্যস্ততাৰ পৰা আঁতৰি কিছু সময় জিৰণিৰ বাবদ তেওঁলোকক প্ৰয়োজন হয় এক সুমধুৰ গীতৰ। এনেক্ষেত্ৰত ৰাজশ্ৰী শইকীয়াৰ দৰে একোগৰাকী কণ্ঠশিল্পীৰ সক্ৰিয়তা মন কৰিবলগীয়া। কণ্ঠশিল্পী গৰাকীৰ অনাগত দিনৰ প্ৰকল্প সমূহক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform