Rupaliparda.com
ৰাকেশ ৰিয়ানৰ "তুমি যে নাই" য়ে লাভ কৰিছে সঁহাৰিঃ 1

ৰাকেশ ৰিয়ানৰ “তুমি যে নাই” য়ে লাভ কৰিছে সঁহাৰিঃ

অৱশেষত মুক্তি লাভ কৰিলে কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ কণ্ঠৰে “তুমি যে নাই”। মুক্তিৰ পিছতেই গীতটিত বহুল সঁহাৰি ৰাইজৰ। এটা গীতেৰে এটা কাহিনীক উপস্থাপন কৰা আমি প্ৰায় দেখো। আজি-কালি প্ৰায় প্ৰতিটো গীতৰ সৈতে খাপ খোৱাকৈ একোটা কাহিনী থাকে যিয়ে জনসাধাৰণক আৰু অধিক সংযোগ কৰে। আমি কেতিয়াবা সাধাৰণ হয় জীয়াবলৈ ভাল পাওঁ, যান্ত্ৰিকতাৰ পৰা ওলাই আহি সৰু সৰু বস্তুতেই আমি সুখানুভূতি অনুভৱ কৰিবলৈ বিচাৰো। সকলো সা-সুবিধাৰে পৰিপূৰ্ণ এটা পৰিয়ালৰ তুলনাত দুবেলা-দুমুঠি খাবলৈ নিতৌ ৰাতিপুৱাৰ পৰাই কষ্ট কৰি যোৱা পৰিয়ালটোৰ সদস্যকেইজনৰ নিজৰ মানুহখিনিৰ বাবে সেই একেই অনুভৱ হয়। সময় নাথাকিলেও তেওঁলোকে প্ৰতিটো সময়ত আপোনজনৰ কথা ভাবিয়েই সকলো কষ্টক আওঁকান কৰিবলৈ বিচাৰে? মই কোৱা কথাখিনিৰ সৈতে আপোনালোকে যদিহে সংযোগ কৰিব পাৰিছে তেতিয়াহ’লে যিসকলে সদ্যমুক্তিপ্ৰাপ্ত উক্ত গীতটি উপভোগ কৰা নাই, সোনকালে কৰক।


গীতটিত অভিনয় কৰিছে ৰাকেশ ৰিয়ানৰ লগতে জুনু নাথে। গীতটিৰ ভিডিঅ’ পৰিচালনা, কাহিনী, দৃশ্যগ্ৰহণ আৰু সম্পাদনা অপুৰাজ গগৈৰ। নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় অপুৰাজ গগৈয়ে সদ্যমুক্তিপ্ৰাপ্ত গীতটিৰ বিষয়বস্তু উপস্থাপনৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাই প্ৰতিজন দৰ্শকক আকৰ্ষণ কৰিছে। গীতটিত কথা গীতাৰ্থ গিৰিনৰ আৰু সংগীত ব্যৱস্থাপনা কৰিছে ময়ূৰ শইকীয়াই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform