Rupaliparda.com
স্বাধীনতা দিৱসৰ অলেখ শুভকামনা সকলোলৈ, জুবিন গাৰ্গৰ কণ্ঠৰে শুনক "বন্দে মাতৰম"- 1

স্বাধীনতা দিৱসৰ অলেখ শুভকামনা সকলোলৈ, জুবিন গাৰ্গৰ কণ্ঠৰে শুনক “বন্দে মাতৰম”-

আজি স্বাধীনতা দিৱস। প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ দিন, দেশমাতৃৰ হকে যুঁজ কৰি প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী যুঁজাৰুক স্মৰণ কৰি দেশবাসীয়ে আজিৰ দিনটো উৎসাহ-উদ্দীপনাৰ মাজেৰে অতিবাহিত কৰে। চচিয়েল মিডিয়াত আৰম্ভ হয় বিভিন্ন জনে বিভিন্ন জনক প্ৰদান কৰা শুভকামনাৰ বাৰ্তা, ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা আমি প্ৰতিজন কৰ্মকৰ্তাই আপোনালোকক স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। স্বাধীন ভাৰতৰ স্বপ্নক সাকাৰ ৰূপ দিবলৈ অদম্য সাহস আৰু ত্যাগেৰে স্বাধীনতা সংগ্ৰামৰ যুঁজত নিজকে আত্মনিয়োগ কৰি দেশক স্বাধীন কৰোৱা প্ৰতিগৰাকী দেশৰ অমৃত সন্তানক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত দেশৰ প্ৰগতি আৰু উন্নয়নৰ যাত্ৰা সক্ষমতাৰে অব্যাহত থাকক। দেশৰ জনতাৰ বুকুত একতাৰ দৃঢ়সংকল্পই স্বাধীনতাৰ অনুভৱক সুদৃঢ় ভাৱে স্থাপন কৰাৰ আন্তৰিক কামনা কৰিলোঁ। এই স্বাধীনতা দিৱসৰ মাজতেই আমি আপোনালোকক যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ কণ্ঠশিল্পী জুবিন গাৰ্গৰ কণ্ঠৰে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ভাৰতৰ স্বাধীনতা আন্দোলনত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা “বন্দে মাতৰম” শীৰ্ষক এই গীতটিক লৈ আনিছোঁ। সংস্কৃত আৰু বঙালী মিশ্ৰিত ভাষাত লিখা এই গীতটি বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ “আনন্দমঠ” উপন্যাসৰ অন্তৰ্ভুক্ত।

স্বাধীনতা দিৱসৰ অলেখ শুভকামনা সকলোলৈ, জুবিন গাৰ্গৰ কণ্ঠৰে শুনক "বন্দে মাতৰম"- 2


হাৰ্টথ্ৰৱ গৰাকীৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত “বন্দে মাতৰম” ৰ নতুন সংস্কৰণত সংগীত কৰিছে শ্বেখৰজ্যোতি গোস্বামীয়ে। ভিডিঅ’ সহ মুক্তিপ্ৰাপ্ত এই গীতটিক সঁহাৰি জনাইছে সকলোৱে। জুবিন গাৰ্গৰ কণ্ঠত গীতটি শুনাৰ লগে লগে একাংশ শিঁহৰিত হৈ উঠা বুলি মন্তব্য কৰাৰ লগতে জুবিন গাৰ্গৰ “বন্দে মাতৰম” ৰ সংস্কৰণটোক মৰম যাচিছেঁ সুদূৰ জয়পুৰ, ৰাজস্থানৰ পৰাও। আজিৰ দিনটোত আমি আপোনালোকৰ পৰা অধিক সময় নলওঁ, কিন্তু এইখিনিতে এটা কথা ক’বই লাগিব যে গীতটিৰ কণ্ঠ যিমানেই সুমধুৰ সিমানেই ইয়াৰ ভিডিঅ’ উপস্থাপনো হৈছে সুন্দৰ। গীতটি উপভোগ কৰিবলৈ তলত আপোনালোকক লিংক দি দিয়া হৈছেঃ

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform