Rupaliparda.com
নৱপ্ৰজন্মৰ বিশেষ তথা প্ৰশংসনীয় প্ৰচেষ্টা "স্বাধীনতা"- 1

নৱপ্ৰজন্মৰ বিশেষ তথা প্ৰশংসনীয় প্ৰচেষ্টা “স্বাধীনতা”-

স্বাধীন দেশৰ স্বাধীন নাগৰিক হিচাবে আমি আজি প্ৰত্যেকগৰাকী গৌৰৱান্বিত। নহয়নে? বুকু ডাঠ কৰি আমি আজি ক’ব পাৰোঁ এইষাৰ কথা। কিন্তু! হয়, এই আটাইবোৰৰ মাজত লুকাই থকা এটা “কিন্তু” শব্দই আমাক ভাবিবলৈ বাধ্য কৰোৱাই যে আমি বাৰু সঁচাকৈ স্বাধীন নে? নিজক এৰি কেউদিশৰ পৰিৱেশলৈ মন কৰিলেই আমি বুজি উঠিম সকলো, শুভ্ৰ বগা হৈ জিলিকি থকা আমাৰ চাৰিওফালে এতিয়াও ক’ৰবাত আন্ধাৰে চানি ৰাখিছে। এতিয়া আহোঁ অইন এটা প্ৰসংগলৈহে, আজিৰ নৱপ্ৰজন্মই দায়িত্ব ল’বলৈ পিছুৱাই নাযায়। তেওঁলোক প্ৰায় সময়ত দায়বদ্ধ আৰু যিকোনো বিষয়ত নিজ সাৱলীল মতামত ৰাখিবলৈ তেওঁলোক যোগ্য। আমি বৰ্তমানলৈ আপোনালোক বহু নৱপ্ৰজন্মৰ কথা কৈছোঁ, নহয়নে? আমি যদি সংগীত ক্ষেত্ৰখনক উদ্দেশ্যি ক’বলৈ যাওঁ তেতিয়াহ’লে একাষাৰে ক’ব পাৰোঁ যে সাম্প্ৰতিক সময়ত নৱপ্ৰজন্মৰ প্ৰতিভাসকলে সংগীত ক্ষেত্ৰখনলৈ অহাৰ সমান্তৰালকৈ তেওঁলোকে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে সমাজ তথা উত্তৰ প্ৰজন্মৰ বিষয়ে। সমাজক কিবা এটা নতুন ব্যতিক্ৰমীতা প্ৰদান কৰাৰ লগতে উত্তৰ প্ৰজন্মৰ বাবে গ্ৰহণযোগ্য কিবা এটা সাঁচি ৰখাৰ ইচ্ছা ৰাখে তেওঁলোকে। আচলতে, নৱপ্ৰজন্মৰ এনেবোৰ কথাই আকৰ্ষণ কৰে জনসাধাৰণক। সমাজ সংস্কৃতিৰ বিষয়টোত নিজকে সাঙুৰ খোৱাই থলুৱা তথা পূৰণি গীত-মাতক জনসাধাৰণৰ মাজত উলিয়াই অনা নৱপ্ৰজন্মৰ যি দূৰ্বাৰ হেঁপাহ সেয়া সঁচাকৈ উল্লেখনীয়।


শেহতীয়াকৈ “স্বাধীনতা” শীৰ্ষক এটি নতুন গীতে মুক্তি লাভ কৰিছিল। মুক্তিৰ পিছতেই ই বহুল হাৰত সমাদৰ লাভ কৰাৰ লগতে চৰ্চিত হৈছিল সংগীত প্ৰেমী শ্ৰোতাৰ মাজত। গীতটিত সন্নিৱিষ্ট কথাখিনিয়ে প্ৰতিজন নাগৰিকক সংযোগ কৰিবলৈ সক্ষম হৈছে, মহামাৰীয়ে জুৰুলা কৰা জনগণৰ পৰা আৰম্ভ কৰি ফুটপাথতেই নিজৰ সপোন বাস্তৱলৈ ৰূপান্তৰিত কৰা সাধাৰণজনৰ মনৰ কথা সমূহক লৈ নিৰ্মাণ হোৱা এই গীতটিত কণ্ঠদান কৰিছে জনম কাশ্যপ আৰু শ্যাম সুন্দৰ ভূঞাই। গীতটিৰ কথাৰ লগতে ইয়াৰ বিষয়বস্তুৰ দায়িত্বত আছে ঠেংগাল জ্যোতি স্বপ্ন। সুৰ কৰিছে শ্যাম সুন্দৰ ভূঞা, জনম কাশ্যপ আৰু মৃন্ময় কলিতাই। সংগীত প্ৰযোজনা মৃন্ময় কলিতাৰ, গীতাৰ চিন্ময় শৰ্মাৰ আৰু বেছ বজাইছে প্ৰিঞ্চ গগৈয়ে। বাঁহী সংগত কৰিছে নিবিড় দেৱ শৰ্মাই। ড্ৰাম আৰু শব্দ সংমিশ্ৰণ কৰিছে জনপ্ৰিয় সংগীতশিল্পী অম্বৰ দাসে। গীতটিৰ ভিডিঅ’ দৃশ্যগ্ৰহণ জ্যোতিপন শৰ্মাৰ। সম্পাদনা আৰু ৰং সীমান্ত কলিতাৰ। কলিগ্ৰাফীৰ দায়িত্ব ৰূপায়ণ কৰিছে ইউৰেকা কাকতিয়ে, চাবটাইটেল উন্মিলন কলিতাৰ।

নৱপ্ৰজন্মৰ বিশেষ তথা প্ৰশংসনীয় প্ৰচেষ্টা "স্বাধীনতা"- 2


গীতটিৰ সৈতে জড়িত একোজন নৱপ্ৰজন্মই নিজ নিজ দিশত দেখুওৱা পাৰদৰ্শিতাই গীতটিক অধিক গ্ৰহণযোগ্য কৰি তুলিছে ৰাইজৰ মাজত। “স্বাধীনতা” ৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দা পেজটিৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform