Rupaliparda.com
"সত্ৰীয়া নৃত্য" ৰ দৰে এক গাম্ভীৰ্য্যপূৰ্ণ নৃত্যক অপমান কৰা হ'ল"- অনন্যা মহন্ত 1

“সত্ৰীয়া নৃত্য” ৰ দৰে এক গাম্ভীৰ্য্যপূৰ্ণ নৃত্যক অপমান কৰা হ’ল”- অনন্যা মহন্ত

যিমানেই বিজ্ঞান অথবা নতুনৰ আৱিষ্কাৰ নহওঁক কিয় অসমীয়া সংস্কৃতিৰ সৈতে ফেৰ মাৰিবলৈ সেই আটাইবোৰ অপাৰগ। এটা দিশৰ পৰা ক’বলৈ গ’লে, আমাৰ নৱপ্ৰজন্মই যিমানেই নতুনৰ প্ৰতি ঢাল নাখাওঁক কিয়! তেওঁলোকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু স্বৰূপ হৈ থাকে অসমীয়া সংস্কৃতি। সেইবাবেই সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত বহু অসমীয়াই পাৰদৰ্শিতা দেখুওৱাৰ উপৰিও এই নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰোৱাত সক্ষম হৈছে। কিন্তু, শেহতীয়াকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা “ৰিয়েলিটী শ্ব” ত প্ৰদৰ্শিত সত্ৰীয়া নৃত্যক দেখি প্ৰশ্নৰ উত্থাপন কৰিছে একাংশ যুৱপ্ৰজন্মৰ সত্ৰীয়া শিল্পীয়ে। “চুপাৰ ডেন্সাৰ চেপটাৰ ৪” ত প্ৰদৰ্শিত নৃত্যটোক য’ত শ্ব’টো কৰ্তৃপক্ষই সত্ৰীয়া নৃত্য বুলি নামাকৰণ কৰিছে তাত আমাৰ যুৱপ্ৰজন্মই ইয়াক যুক্তিসহকাৰে নাকচ কৰি ইয়াৰ বিৰোধিতা কৰিছে। আমি এই বিষয়ত কথা পাতিছিলোঁ নৱপ্ৰজন্মৰ সত্ৰীয়া নৃত্যশিল্পী অনন্যা মহন্তৰ সৈতে। জানিবলৈ বিচাৰিছিলোঁ তেওঁৰ এই বিষয়ত মতামত। তেওঁ কয় যে, “বিগত ২০০২ চনৰ পৰা বৰ্তমানলৈকে সত্ৰীয়া নৃত্যৰ লগত এগৰাকী শিকাৰু হিচাবে জড়িত হৈ আছোঁ। আমি নৃত্যটিক সকলোৱে সন্মান কৰোঁ। চনী টিভিত যিটো নৃত্য “সত্ৰীয়া নৃত্য” বুলি প্ৰদৰ্শন কৰা হ’ল, সেইটো কেতিয়াও এক নেদেখা আৰু নহ’বলগীয়া অতি দুখ লগা কথা সকলোৰে বাবে।”

"সত্ৰীয়া নৃত্য" ৰ দৰে এক গাম্ভীৰ্য্যপূৰ্ণ নৃত্যক অপমান কৰা হ'ল"- অনন্যা মহন্ত 2


তেওঁ আগলৈ কয় যে, “ইয়াৰ বিৰোধিতা যেনেকে যিমান পাৰিছোঁ আমি মাত মাতিব চেষ্টা কৰিছোঁ, সকলোৱে মাতিছেও এইক্ষেত্ৰত। কিন্তু, যিখন মঞ্চত “সত্ৰীয়া নৃত্য” ৰ দৰে এক গাম্ভীৰ্য্যপূৰ্ণ নৃত্যক অপমান কৰা হ’ল, আমাৰ দৰে শিকাৰু এগৰাকীৰ সমষ্ট শিক্ষা ক্ষন্তেকতে নিঃশেষ কৰি দিয়া হ’ল। তাৰ জৰিয়তে সঁচা ক’বলৈ গ’লে সত্ৰীয়া শিল্পী সকলৰ মানসিকতাক দুখ দিয়া হ’ল। সেইখন মঞ্চৰ পৰা এক লিখিত আকাৰে “public apology” হওঁক অথবা মুখেৰেই হওঁক আমি স্পষ্টীকৰণ পত্ৰ, ক্ষমা পত্ৰ বিচাৰিছোঁ। তাৰ কাৰণে আমাতকৈ জ্যেষ্ঠ গুৰু, অধ্যাপক সকলে যেনেকৈ যি ব্যৱস্থা ল’ব লাগে অতি সোনকালে লওঁক। আমিও আছোঁ তেখেত সকলৰ সিদ্ধান্তত, যাতে এইটোৱে যি হ’ল শেষবাৰৰ বাবে হ’ল বুলি আমি মানি ল’ব পাৰো কিন্তু পৰৱৰ্তী সময়ছোৱাত যেন এনে কাম কৰাৰ আগত এবাৰ হ’লেও তেওঁলোকে ভাবি চাই এইবিষয়ত অকণমানকৈ হ’লে ক্ষুদ্ৰ জ্ঞান যাতে তেওঁলোকে গ্ৰহণ কৰে মই ইয়াকে কামনা কৰিলোঁ।” “সংগীত সত্ৰ” ৰ পৰা ৫ বছৰীয়া সত্ৰীয়াৰ পাঠ্যক্ৰম গ্ৰহণ কৰি ডিপ্লোমা অৰ্জন কৰা অনন্যা মহন্ত নিজ ৭ বছৰ বয়সৰ পৰা এইক্ষেত্ৰখনৰ সৈতে জড়িত। নিজ কলাত্মক যাত্ৰাৰ উন্নতিৰ সমান্তৰালকৈ “কলা” টোৰ উন্নতি সাধনৰ প্ৰয়াস অব্যাহত ৰাখে অনন্যা মহন্তই।

"সত্ৰীয়া নৃত্য" ৰ দৰে এক গাম্ভীৰ্য্যপূৰ্ণ নৃত্যক অপমান কৰা হ'ল"- অনন্যা মহন্ত 3


নিজ কলাটোক লৈ ব্যস্ত এনে একোগৰাকী শিল্পী আমাৰ বাবে উৎসাহৰ বিষয়। ৰূপালীপৰ্দাৰ তৰফৰ পৰা এওঁলোকৰ সফলতাৰ কামনা কৰিলোঁ।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform