Rupaliparda.com
নৱপ্ৰজন্মক উৎসাহিত কৰাৰ উদ্দশ্যে Wildwood Records ৰ পৰিকল্পনাঃ 1

নৱপ্ৰজন্মক উৎসাহিত কৰাৰ উদ্দশ্যে Wildwood Records ৰ পৰিকল্পনাঃ

যিমানেই নতুন প্ৰতিভাৰ আগমন এই ক্ষেত্ৰখনত হৈছে সিমানেই ন-ন প্ৰযোজনা গোষ্ঠীয়েও ভুমুকি মাৰিছে মনোৰঞ্জন ক্ষেত্ৰখনত। নতুনক উৎসাহ দিয়াৰ স্বাৰ্থত এই প্ৰযোজনা গোষ্ঠীসমূহৰ আগমনে নিশ্চিতভাৱে উৎসাহিত কৰিছে প্ৰত্যেককে, বিশেষকৈ যুৱপ্ৰজন্মৰ প্ৰতিভাসকলক। কিছুদিন পূৰ্বৰে পৰা অসমীয়া কেইটামান জনপ্ৰিয় গীত শুনিবলৈ পোৱা এটা নতুন প্লেটফৰ্ম হিচাবে আমাৰ মাজত চিনাকী লাভ কৰিছিল Wildwood Records য়ে। বৰ্তমানলৈকে মুঠ ২১ টা গীতক তেওঁলোকে নিজ প্লেটফৰ্ম যোগে মুকলি কৰি দিছে ৰাইজৰ মাজত। এই ক্ষেত্ৰখনৰ সৈতে জড়িত উক্ত প্ৰডাকচন হাউচটোৱে শেহতীয়াকৈ তেওঁলোকৰ উল্লেখনীয় কাম সমূহেৰে সংগীত ক্ষেত্ৰখনত খুঁপনি পুতিবলৈ আৰম্ভ কৰিছে। নৱপ্ৰজন্মক সকাহ প্ৰদানৰ বাবে ওলাই আহিছে এওঁলোক। আমি নিজেও দেখিছোঁ যে, সংগীত ক্ষেত্ৰখনত নিতৌ ইজনৰ পিছত সিজনকৈ নতুন প্ৰতিভাৰ আৱিৰ্ভাব হৈছে। কেৱল মাত্ৰ আৱিৰ্ভাব হোৱা বুলিয়ে নহয়; তেওঁলোকৰ প্ৰতিভাসমূহো হৈছে লেখত ল’বলগীয়া। কিন্তু, কেতিয়াবা কোনো সময়ত এনে হয় যে এই প্ৰতিভাসকলে উচিত প্লেটফৰ্মৰ অভাৱত তেওঁলোক নিৰ্দ্দিষ্ট এঠাইত আহি স্তব্ধ হৈ পৰে; প্ৰতিভা থাকিও সেই প্ৰতিভাক ৰাইজৰ মাজলৈ উলিয়াই অনাত তেওঁলোক অসুবিধাৰ সন্মুখীন হয়। গতিকে, এই অসুবিধা তথা সমস্যা সমূহক খণ্ডন কৰি বিশেষকৈ নৱপ্ৰজন্মৰ কাষ চাপিছে এই প্ৰডাকচন হাউচটো। ক’ভিড সৃষ্ট পৰিৱেশৰ মাজত আৰু অধিক হতাশগ্ৰস্ত হৈ পৰিছে পৰিস্থিতিবোৰ; জীৱিকাৰ খাতিৰত একাংশ কণ্ঠশিল্পীয়ে অইন পথৰ বিচাৰ কৰি উলিয়াইছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ কিছু কিছু মাধ্যমত যদিও স্তব্ধতাই বিৰাজ কৰিছে তথাপিও এনে কিছু প্ৰযোজনা গোষ্ঠীয়ে আশাৰ কিৰণ হৈ নামিছে প্ৰত্যেকৰে হৃদয়ত।


পূৰণি দিনৰ পৰা আৰম্ভ কৰি বৰ্তমান নতুন সকলৰ মাজতো নিজৰ স্থিতি মজবুত কৰি ৰাখিবলৈ বিচৰা এই প্ৰযোজনা গোষ্ঠীটোৰ পৰিকল্পনা সমূহে আকৰ্ষণ কৰিছে এতিয়া সকলোকে।এওঁলোকে নৱপ্ৰজন্মক দিবলৈ বিচৰা সুবিধা কণেৰে অনাগত দিনত প্ৰতিজন শ্ৰোতা-দৰ্শকে নতুন কিছু পৰিকল্পনা উপভোগ কৰিব পৰাটো নিশ্চিত বুলি ক’লেও হয়টো বঢ়াই কোৱা নহ’ব। “উপাসনা”, “প্ৰহেলিকা”, “অভিমান”, তথা “শাৰদী পুৱা” আদি গীতসমূহ Wildwood Records ৰ অন্যতম নিবেদন বুলি ক’ব পৰা যায়। উক্ত গীতসমূহৰ ভিতৰত “উপাসনা” শীৰ্ষক গীতটিয়ে ১.২ মিলিয়নতকৈও অধিক ভিউৱাৰচ লাভ কৰিবলৈ সক্ষম হৈছে। Electronic Dance Music চমুকৈ EDM ক অসমীয়া সংগীত ক্ষেত্ৰখনত সাঙুৰ খোৱাই লোৱাৰ উদ্দেশ্যে এই প্ৰযোজনা গোষ্ঠীটোৱে অহোপুৰুষাৰ্থ কৰি আহিছে। আনহাতে উল্লেখ্য যে, এই প্ৰযোজনা গোষ্ঠীটোৱে কেৱল মাত্ৰ সংগীত সমূহক নিজ প্লেটফৰ্মৰৱমাজেৰে মুকলি কৰি দিয়া বুলিয়েই নহয় তেওঁলোকে নৱপ্ৰজন্মৰ বাবে সংগীত বিষয়ক শিক্ষা প্ৰদানৰো ব্যৱস্থা কৰিছে। বেংগালুৰুৰ পৰা ইয়াৰ কাৰ্যসম্পাদন হৈ থাকিলেও প্ৰযোজনা গোষ্ঠীটোৱে অসমক লৈ কিবা এটা কৰাৰ প্ৰয়াসত মনোনিৱেশ কৰিছে বৰ্তমান।

নৱপ্ৰজন্মক উৎসাহিত কৰাৰ উদ্দশ্যে Wildwood Records ৰ পৰিকল্পনাঃ 2
নৱপ্ৰজন্মক উৎসাহিত কৰাৰ উদ্দশ্যে Wildwood Records ৰ পৰিকল্পনাঃ 3


Wildwood Records আৰু অধিক নতুন গীত শুনিবলৈ আশাবাদী এতিয়া শ্ৰোতা সকল। প্ৰযোজনা গোষ্ঠীটোৰ সফলতা কামনাৰে জনাইছোঁ শুভকামনা

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform