Rupaliparda.com
এইবাৰ ফটোগ্ৰাফাৰৰ কাহিনী টেলিভিছনৰ পৰ্দাত, আহি আছে "Wedding Clicks" 1

এইবাৰ ফটোগ্ৰাফাৰৰ কাহিনী টেলিভিছনৰ পৰ্দাত, আহি আছে “Wedding Clicks”

কথা পাহৰি কেৱল মাত্ৰ নিজ কৰ্মদায়িত্ব পালনত অৱতীৰ্ণ হৈ থাকে। শেহতীয়াকৈ এই ফটোগ্ৰাফাৰ সমূহক লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে এখন টিভি চিৰিজ। চিৰিজখনৰ নাম হৈছে “Wedding Clicks”, Nktv ৰ প্ৰযোজনাত নিৰ্মিত এই চিৰিজখনত মুঠ ৬ টা খণ্ড থাকিব। ইতিমধ্যে ইয়াৰ এটি ট্ৰেইলাৰ ৰাইজৰ মাজত উলিয়াই দিয়া হৈছে। কেইবাগৰাকীও জনপ্ৰিয় তথা বহুলভাৱে সমাদৃত কলা-কুশলীক দেখিবলৈ পাই আচলতে উৎসাহিতও হৈছে মনোৰঞ্জনপ্ৰেমী দৰ্শক সমাজ।


উল্লেখ্য যে, এই চিৰিজখনৰ কাহিনীভাগ বিশেষকৈ ৱেডিং ফটোগ্ৰাফাৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে। ৱেডিং ফটোগ্ৰাফাৰে বিবাহ অনুষ্ঠানত সন্মুখীন হোৱা ৬ টা ভিন্ন পৰিস্থিতিক লৈয়ে নিৰ্মিত “Wedding Clicks”। এই চিৰিজখনৰ পৰিচালনাৰ দায়িত্বত আছে নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় এগৰাকী প্ৰতিভাশালী পৰিচালক প্ৰণৱ ভৰালীয়ে। প্ৰতিভাগৰাকীৰ পৰিচালনা আৰু কাহিনীৰে ইতিমধ্যে আপোনালোকে কেইবাখনো চুটি ছবি তথা মিউজিক ভিডিঅ’ উপভোগ কৰিছে। কেৱল মাত্ৰ উপভোগ কৰা বুলিয়ে নহয়, মনোৰঞ্জন ক্ষেত্ৰখনত এই প্ৰকল্প সমূহে বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াত অভিনয় কৰিছে কমল লোচন, হিমাংশু গগৈ, নিশি ৰঞ্জন কে মল্লিকা, অসীম কৃষ্ণ বৰুৱা, চিন্ময় কটকী, স্নিগ্ধা গগৈ, দেৱাশ্ৰী দাস, জয়শ্ৰী বৰ্মণ, প্ৰতিভা চৌধুৰী, কুমুদ ভট্ট, মৃদুল শৰ্মা, নাৰায়ণ আৰু জলী লস্কৰ আৰু বহুতো। চিৰিজখনত সংগীত কৰিছে অৰ্ণৱ বশিষ্ঠ, হীৰকজ্যোতি নাথ আৰু আৰছাদ ৰহমানে। সহঃ পৰিচালনা প্ৰিয়ান্সী কাশ্যপ আৰু ধীৰাজ দাসে। সম্পাদনা উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ লগতে ডিৰেক্টৰ অফ ফটোগ্ৰাফী পাপু ডেকাৰ। চিৰিজখনৰ সম্প্ৰচাৰৰ আনুষ্ঠানিক ঘোষণা বৰ্তমানলৈকে কৰা হোৱা নাই যদিও ইয়াক লৈ অপেক্ষাৰত দৰ্শক সকল। মনোৰঞ্জনে সদায় নিজৰ বাট প্ৰশস্ত কৰি ৰাইজক কিছু সময়ৰ সকাহ দিয়াৰ চেষ্টা কৰে, এনেক্ষেত্ৰত সহায়ক হৈ পৰা এই নৱপ্ৰজন্মৰ দলটোৰ লগতে Nktv ৰ ব্যতিক্ৰমী প্ৰচেষ্টাক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

এইবাৰ ফটোগ্ৰাফাৰৰ কাহিনী টেলিভিছনৰ পৰ্দাত, আহি আছে "Wedding Clicks" 2


নতুনৰ আঁৰত নৱপ্ৰজন্ম, এই কথাষাৰৰ সত্যতা প্ৰতিদিনেই প্ৰত্যেকগৰাকী দৰ্শকেই অনুভৱ কৰি আহিছে। দৰ্শকক সংযোগ কৰা বিধৰ একাংশ প্ৰকল্পক লৈ এওঁলোক আগুৱাই আহিছে। “Wedding Clicks” ৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform