Rupaliparda.com
মৈত্ৰেয়ী পাটৰ আৰু তন্ময় কৃপটনৰ যুটীয়া প্ৰচেষ্টা "উন্নাসী" ত সফলতাৰ মোহৰঃ 1

মৈত্ৰেয়ী পাটৰ আৰু তন্ময় কৃপটনৰ যুটীয়া প্ৰচেষ্টা “উন্নাসী” ত সফলতাৰ মোহৰঃ

মৈত্ৰেয়ী পাটৰ, এইগৰাকী নৱপ্ৰজন্মৰ কণ্ঠশিল্পী তথা গীতিকাৰৰ প্ৰসংগ আহিলে আমাৰ মনলৈ অহা ভাৱধাৰাটো আচলতে এনে ধৰণৰ যে আকৌ নতুন শব্দ আৰু আকৌ নতুন ভাৱধাৰাৰ সৈতে শ্ৰোতাক মোহাচ্ছন্ন কৰাৰ অৰ্থে তেওঁ পুনৰ এটা নতুন গীতৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ তেখেতৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত “উন্নাসী” য়ে লাভ কৰিছে শ্ৰোতাৰ সঁহাৰি। আচলতে, এই গীতটিৰ আন এক ভাললগা বিষয় এয়াও যে ইয়াত এটা পুৰণি যুটিক নতুন ৰূপত দেখিবলৈ পোৱা গৈছে। তন্ময় কৃপটন আৰু মৈত্ৰেয়ী পাটৰৰ যুঁটি, “অলকানন্দা” ৰ বহুল সফলতাৰ পিছত মৈত্ৰেয়ী কথা আৰু কণ্ঠত তন্ময়ৰ সংগীতৰ ধাৰ প্ৰত্যেকেই অনুভৱ কৰিবলৈ বিচাৰিছিল। তন্ময় সেনাপতি ওৰফে তন্ময় কৃপটন; নামটোত যেনেদৰে এক উৎস্যুকতা সোমাই আছে ঠিক তেনেদৰে এই নৱপ্ৰজন্মৰ গীতসমূহেও সম্প্ৰতি সৃষ্টি কৰিছে উৎকণ্ঠাৰ, উৎসাহৰ। নৱপ্ৰজন্মৰ মাজত চিনাকী অথবা বৰ্তমান সময়ছোৱাত সংগীত ক্ষেত্ৰখনত এক সুন্দৰ বৈশিষ্ট্যৰে ওলাই অহা এইগৰাকী সংগীত শিল্পী হৈ পৰিছে সকলোৰে প্ৰিয়। “সংগীত শিল্পী” বুলি একাষাৰে এইবাবেই কৈ দিয়া হৈছে কিয়নো তেওঁৰ সংগীতেৰেই জীপাল হৈছে কেইবাটাও গীত ক্ৰমে “অলকানন্দা”, “সুৰঞ্জনা”, “জীপাল ২.০” লগতে আন বহুতো গীত। অসমীয়া সংগীত ক্ষেত্ৰখনত নতুনৰ সঞ্চাৰ বোঁৱাই দিয়া তন্ময় কৃপটনে নিচেই কম বয়সতে জনসাধাৰণৰ মাজত জনপ্ৰিয় হোৱাৰ সমান্তৰালকৈ এক সুকীয়া চিনাকী পাবলৈ সক্ষম হৈছে। এই গৰাকী সংগীত শিল্পীৰ আহিবলগীয়া গীত সমূহক লৈ অপেক্ষাৰতও হৈ থাকে জনসাধাৰণ।


এইখিনিতে আপোনালোকক জনাই থও যে, মৈত্ৰেয়ী পাটৰৰ গীত সমূহত কেৱল মনোৰঞ্জনেই নহয়, থাকে নতুন আশা-নতুন বিষয়বস্তুৰ লগতে নতুন শব্দৰ সম্ভাৰ। মুঠতে, শ্ৰোতাক প্ৰতিটো দিশৰ পৰা এটা গীতেৰে প্ৰশান্তি দিয়াৰ চেষ্টা কৰে তেওঁ। আজিৰ নৱপ্ৰজন্মই দায়িত্ব ল’বলৈ পিছুৱাই নাযায়। তেওঁলোক প্ৰায় সময়ত দায়বদ্ধ আৰু যিকোনো বিষয়ত নিজ সাৱলীল মতামত ৰাখিবলৈ তেওঁলোক যোগ্য। আমি বৰ্তমানলৈ আপোনালোক বহু নৱপ্ৰজন্মৰ কথা কৈছোঁ, নহয়নে? আমি যদি সংগীত ক্ষেত্ৰখনক উদ্দেশ্যি ক’বলৈ যাওঁ তেতিয়াহ’লে একাষাৰে ক’ব পাৰোঁ যে সাম্প্ৰতিক সময়ত নৱপ্ৰজন্মৰ প্ৰতিভাসকলে সংগীত ক্ষেত্ৰখনলৈ অহাৰ সমান্তৰালকৈ তেওঁলোকে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে সমাজ তথা উত্তৰ প্ৰজন্মৰ বিষয়ে। সমাজক কিবা এটা নতুন ব্যতিক্ৰমীতা প্ৰদান কৰাৰ লগতে উত্তৰ প্ৰজন্মৰ বাবে গ্ৰহণযোগ্য কিবা এটা সাঁচি ৰখাৰ ইচ্ছা ৰাখে তেওঁলোকে। আচলতে, নৱপ্ৰজন্মৰ এনেবোৰ কথাই আকৰ্ষণ কৰে জনসাধাৰণক। সমাজ সংস্কৃতিৰ বিষয়টোত নিজকে সাঙুৰ খোৱাই থলুৱা তথা পুৰণি গীত-মাতক জনসাধাৰণৰ মাজত উলিয়াই অনা নৱপ্ৰজন্মৰ যি দূৰ্বাৰ হেঁপাহ সেয়া সঁচাকৈ উল্লেখনীয়। এই ক্ষেত্ৰখনত য’ত কোনোবাই আৰম্ভণিৰ প্ৰথমটো খোজ পেলাইছে আনহাতে কোনোৱে আকৌ নিজৰ সৃষ্টিত নতুনৰ যোগান ধৰি নিজ অনুৰাগীৰ তালিকা দীঘলীয়া কৰিছে। মুঠতে অবিৰত ভাৱে চলি গৈ আছে এই প্ৰক্ৰিয়া।

মৈত্ৰেয়ী পাটৰ আৰু তন্ময় কৃপটনৰ যুটীয়া প্ৰচেষ্টা "উন্নাসী" ত সফলতাৰ মোহৰঃ 2


মৈত্ৰেয়ী পাটৰ আৰু তন্ময় কৃপটনৰ যুটিক লৈ উৎসাহী অনুৰাগীয়ে তেওঁলোকৰ তৰফৰ পৰা আকৌ বিচাৰিছে নতুন গীত। দুয়োগৰাকী প্ৰতিভাসম্পন্ন শিল্পীলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform