Rupaliparda.com
"আমাৰ সংস্কৃতিক আৰু যাতে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি যাম"- বিশ্বস্বী মহন্ত 1

“আমাৰ সংস্কৃতিক আৰু যাতে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি যাম”- বিশ্বস্বী মহন্ত

ৰাজ্যত প্ৰতিভাশালী নৱপ্ৰজন্মৰ সফলতাপূৰ্ণ প্ৰদৰ্শন আৰু সক্ৰিয়তাই আমাক আপ্লুত কৰি আহিছে। আমি প্ৰতিদিনেই তেওঁলোকৰ প্ৰকল্প তথা উপস্থাপন শৈলীৰ প্ৰেমত পৰোঁ। তেওঁলোকক উৎসাহিত কৰিবলৈ চেষ্টা কৰোঁ। সংগীত, অভিনয়ৰ সমান্তৰালকৈ নৃত্যৰ জগতখনতো বৰ্তমান এই প্ৰতিভাসম্পন্ন নৱপ্ৰজন্মই পাৰদৰ্শিতা দেখুৱাই আহিছে। ক’ভিড দুৰ্যোগৰ ফলত পৰিৱেশ্য কলা প্ৰদৰ্শনৰ বাবে বৰ্তমান মঞ্চ অনুষ্ঠানসমূহ যদিও বাতিল কৰা হৈছে তথাপিও এই নৃত্যশিল্পী সকলে চচিয়েল মিডিয়াক প্লেটফৰ্ম হিচাবে ব্যৱহাৰ কৰি নিজ কলা দেখুৱাই জনসাধাৰণক আকৰ্ষণৰ চেষ্টা অব্যাহত ৰাখিছে। শেহতীয়াকৈ আমি এগৰাকী নৃত্যশিল্পী বিশ্বস্বী মহন্তৰ সৈতে পাতিছিলোঁ কিছু কথা, তেওঁৰ পৰা নৃত্যক্ষেত্ৰখনত আৰম্ভণিৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয়,”ক’বলৈ গ’লে, নৃত্য জগত খনৰ লগত অতি কম বয়সৰ পৰা জড়িত৷ ৪ বছৰ বয়সৰ পৰাই নৃত্য কৰিবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমে মই আধুনিক নৃত্য পৰিৱেশন কৰিছিলোঁ, অসমৰ বিভিন্ন জিলা ভিত্তিক, অসম ভিত্তিক প্ৰতিযোগিতা(All Assam Dance competition) তথা দূৰদৰ্শনৰ বিভিন্ন অনুষ্ঠান যেনে- ‘Super Masti Dhamaka’, ‘Tal se Tal’ ইত্যাদি বহুতো অনুষ্ঠানত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আধুনিক নৃত্যৰ সমান্তৰালকৈ মোক মোৰ মায়ে সত্ৰীয়া নৃত্যৰ লগত পৰিচয় কৰাই দিছিল, মোক নৃত্যৰ গুৰু ওচৰলৈ লৈ গৈছিল। মই প্ৰথম দিবাকৰ গগৈ ছাৰৰ ওচৰত প্ৰশিক্ষণ লৈছিলোঁ। পৰৱৰ্তী সময়ত, মোৰ গুৰু লগতে ককা প্ৰয়াত ড° জগন্নাথ মহন্তৰ ওচৰত নৃত্যৰ শিক্ষা আৰম্ভ কৰিলোঁ। যিহেতু নৃত্যৰ শিক্ষা কেতিয়াও শেষ নহয়, বৰ্তমান গুৰু পদ্মশ্ৰী নৃত্যচাৰ্য যতীন গোস্বামীৰ ছাৰৰ ওচৰত সত্ৰীয়া নৃত্যৰ দিহা পৰামৰ্শ লৈ আছোঁ। মই ২০০৮ চনত সত্ৰীয়া নৃত্যত বিশাৰদ ডিগ্ৰী লাভ কৰিছোঁ। আনহাতে, ২০০৬ চনত “CCRT scholarship of Ministry of Cultural Govt of India” ৰ সন্মান লাভ কৰিছোঁ।

"আমাৰ সংস্কৃতিক আৰু যাতে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি যাম"- বিশ্বস্বী মহন্ত 2


আগলৈ বিশ্বস্বীয়ে কয় যে, “আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বৰ্তমানলৈকে মই বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত প্ৰদৰ্শন কৰিবলৈ সুবিধা লাভ কৰিছোঁ। সত্ৰীয়া নৃত্যৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলৰ ফালৰ পৰা মই অসমক প্ৰতিনিধিত্ব কৰি বিহু নৃত্যত “National Youth Festival” ত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলোঁ৷ এয়াই মোৰ আৰম্ভণি আৰু এতিয়াও এই যাত্ৰা অবিৰত ভাৱে চলি গৈ আছে।” এগৰাকী নৃত্যশিল্পী হিচাবে তেওঁৰ কৰণীয় কি প্ৰশ্ন কৰাত তেওঁ কয় যে, “এগৰাকী নৃত্য শিল্পী হিচাবে বহুতো কৰণীয় আছে বুলি মই ভাবোঁ। মনোৰঞ্জন ক্ষেত্ৰখনত যাতে মই নৃত্যৰ জৰিয়তে ইতিবাচক চিন্তাৰ দিশ সমূহ দাঙি ধৰিব পাৰোঁ সেই বিষয়ে মই নিজ চেষ্টা অব্যাহত ৰাখিছোঁ। বৰ্তমানলৈকে নৃত্যৰ যি শিক্ষা লাভ কৰিছোঁ সেই সকলোখিনি মই যিমান পাৰোঁ সমাজত দি যাবলৈ চেষ্টা কৰিম। এইখিনিতে, মই আৰু এটা কথা ক’ব বিচাৰো, কেইদিনমানৰ আগত “Sony Entertainment TV” ত সম্প্ৰচাৰিত “Super Dance Chapter-4″ ত যি ধৰণে আমাৰ সত্ৰীয়া নৃত্যক অপমান কৰিলে, ভুলকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পৰিবেশন কৰা হ’ল। এই দিশত এগৰাকী সত্ৰীয়া নৃত্য শিল্পী হিচাবে ভুলটো আঙুলিয়াই দিয়াৰ লগতে আগন্তক দিনত যাতে এনেধৰণৰ কাৰ্যৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটো নৃত্যশিল্পী সকলৰ এক গুৰুদায়িত্ব বুলি মই ভাবোঁ। যদিও তেওঁলোকৰ ফালৰ পৰা ক্ষমা বিচৰা হ’ল তথাপিও সেই সময়ত মই অকলেই নহয় আৰু বহুতো সত্ৰীয়া নৃত্য শিল্পীয়ে নিজ নিজ টুইটাৰ একাউণ্টৰ জৰিয়তে এই সন্দৰ্ভত একে সময়ত টুইট কৰিছিলোঁ।”

"আমাৰ সংস্কৃতিক আৰু যাতে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি যাম"- বিশ্বস্বী মহন্ত 3


অনাগত দিনৰ প্ৰকল্প সমূহৰ বিষয়ে জানিবলৈ বিচৰাত বিশ্বস্বীয়ে কয় যে, “নৃত্যৰ জৰিয়তে যাতে সমাজৰ আগত পৰিচয় দাঙি ধৰিব পাৰোঁ, যিহেতু সত্ৰীয়া নৃত্যৰ লগত অতি কম বয়সতে চিনাকি হৈছোঁ গতিকে এই নৃত্যটি লগতে আমাৰ সংস্কৃতিক আৰু যাতে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি যাম।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform