Rupaliparda.com
ৰক বেণ্ড "ব্যৰ্থ" ৰ প্ৰথমটো প্ৰচেষ্টা "ডেউকা"- 1

ৰক বেণ্ড “ব্যৰ্থ” ৰ প্ৰথমটো প্ৰচেষ্টা “ডেউকা”-

প্ৰতিদিনেই দেখা নতুনত্ববোৰে আমাক উৎসাহিত কৰি ৰাখে; আমি দৈনন্দিন জীৱনতো এই নতুনত্ববোৰ অনুভৱ কৰিবলৈ উৎসাহী হৈ থাকো। মনোৰঞ্জন ক্ষেত্ৰখনো ঠিক তেনেকুৱাই; আমি শেহতীয়াকৈ ইয়াত প্ৰতিদিনেই নতুনত্ববোৰ দেখিছো, অনুভৱ কৰিছো। নতুনত্ববোৰ অনাত অহৰহ প্ৰয়াস কৰিছে নৱপ্ৰজন্মইহে; তেওঁলোকৰ চেষ্টাই যাতে জনসাধাৰণক আকৰ্ষণ কৰিব পাৰে তাৰেই প্ৰয়াসত ব্যস্ত থাকে এওঁলোক। এই নতুনত্বই যদিও কিছুক্ষেত্ৰত পৰিৱৰ্তনৰ সৃষ্টি কৰিছে তৎস্বত্বেও এই পৰিৱৰ্তনে দৰ্শক-শ্ৰোতাৰ বাবে আমোদৰ বাটো মুকলি কৰিছে। সংগীতৰ ন-ন সংস্কৰণে বৰ্তমান আকৰ্ষণ কৰিছে জনসাধাৰণক। বৰগীতৰ পৰা আৰম্ভ কৰি আমাৰ থলুৱা প্ৰতিটো সংগীতৰ সংস্কৰণক লৈ অসমীয়া শ্ৰোতাৰ বিশেষ মৰম আমি দেখিবলৈ পাওঁ। সংগীতত কন্ঠদান কৰাৰ উপৰিও সংগীতটোৰ সৃষ্টি কৰাৰ আঁৰত বহুখিনি আন যাৱতীয় কথাও সন্নিৱিষ্ট হৈ থাকে। যেনে ধৰক ইয়াৰ কথা, ইয়াত দিয়া সংগীত, সুৰ তথা পৰিচালনা-প্ৰযোজনা ইত্যাদি; শ্ৰোতাকো নতুনে আকৰ্ষণ কৰে। পৰিৱৰ্তন যিহেটো প্ৰকৃতিৰ নিয়ম গতিকে এনে নিয়মৰে বশৱৰ্তী আমিবোৰ। এতিয়া আমি আহো সংগীত ক্ষেত্ৰখনত সংযোজিত এটি নতুন বেণ্ডৰ কথালৈ, তাৰ পূৰ্বে আপোনালোকক এটা প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ। যেতিয়া কোনো এজন ব্যক্তিৰ সপোন সাৰ্থক নহয় অথবা তেওঁৰ স্বপ্নভংগ হয়, সেই সময়ছোৱাত ব্যক্তিগৰাকীৰ ভিতৰচোৱাৰ বিষণ্ণতা বোৰক বাৰু কোনোবাই বুজিব পাৰেনে?

ৰক বেণ্ড "ব্যৰ্থ" ৰ প্ৰথমটো প্ৰচেষ্টা "ডেউকা"- 2


এনে এগৰাকী ব্যক্তিৰ ভগ্ন তথা ব্যৰ্থ সপোনৰ কথাক গীত আকাৰে প্ৰস্তুত কৰি উলিয়াইছে তেজপুৰৰ এটা ৰক বেণ্ড “ব্যৰ্থ” য়ে। “ডেউকা” শীৰ্ষক এটি গীতৰ সৈতে জনসাধাৰণৰ সমুখলৈ আহিবলৈ সাজু হৈছে এওঁলোক। উক্ত গীতটি এওঁলোকৰ প্ৰথমটো ষ্টুডিঅ’ এলবাম, স্নাতক মহলাত অধ্যয়নৰত সময়তে এই বেণ্ডটোৰ সৈতে জড়িত নৱপ্ৰজন্মৰ দলটোৱে এই গীতটিক মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছিল। সংগীত ক্ষেত্ৰখনত নিজ যাত্ৰা অব্যাহত ৰখাৰ উদ্দেশ্যে তেওঁলোকে সন্মুখীন হোৱা সমস্যা সমূহ, সময়ে সময়ে তেওঁলোকৰ হোৱা স্বপ্নভংগক লৈয়ে এই গীতটি প্ৰস্তুত কৰি উলিওৱা হৈছে। বেণ্ডটোৰ এগৰাকী সদস্য সূৰজে তেওঁলোকৰ বাস্তৱ কাহিনীভাগক গীত আকাৰে ৰচনা কৰি উলিয়াইছে, সমগ্ৰ সাংগীতিক অলংকৰণ, বাণীবদ্ধকৰণ, তথা মিশ্ৰণ এই কামখিনি তেজপুৰতে সম্পন্ন কৰা হৈছে তথা এই গীতটিত ভালেখিনি অংশত ambient তথা পিছলৈ heavy breakdown ৰ মাজেৰে গীতটিৰ যি অন্তৰ্নিহিত ভাৱধাৰা, তাক ফুটাই তোলাৰ চেষ্টা কৰা হৈছে বুলি ৰূপালীপৰ্দাক জনাইছে এই দলটোৱে।

ৰক বেণ্ড "ব্যৰ্থ" ৰ প্ৰথমটো প্ৰচেষ্টা "ডেউকা"- 3


বেণ্ডটোৰ সৈতে প্ৰতিগৰাকী সদস্যৰ লগতে তেওঁলোকৰ আহিবলগীয়া গীতটিক লৈ ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform