Rupaliparda.com
"লখিমী" ছবিখনৰ মুখ্য চৰিত্ৰ ৰূপায়িত অভিনেত্ৰী লভা হাজৰিকা চিৰলাৰ সুখ বাৰ্তাঃ 1

“লখিমী” ছবিখনৰ মুখ্য চৰিত্ৰ ৰূপায়িত অভিনেত্ৰী লভা হাজৰিকা চিৰলাৰ সুখ বাৰ্তাঃ

অহা ২৪ চেপ্তেম্বৰত মুক্তি পাবলগীয়া অসমীয়া ছবি “লখিমী” ৰ প্ৰচাৰত ব্যস্ত হৈছে বৰ্তমান ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীৰ লগতে কলা-কুশলী। ক’ভিড দুৰ্যোগৰ ফলত বহুদিনীয়া স্তব্ধতাৰ সাম কাটি “লখিমী” সাজু দৰ্শকৰ কাষ চাপিবলৈ। যদিও ছবিখন বৰ্তমান কোনো ছবিগৃহত মুক্তি লাভ নকৰে তথাপিও ই নিজ বিকল্প পথ বিচাৰি উলিয়াইছে, অহা ২৪ চেপ্তেম্বৰ তাৰিখে ডিজিটেল প্লেটফৰ্ম Moviesaints.com ত মুক্তি পাব জনপ্ৰিয় পৰিচালক বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত উক্ত ছবিখন। আমি প্ৰায়ে একোগৰাকী অসম সন্তানক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ প্ৰকল্প সমূহত নিজ সুন্দৰ প্ৰদৰ্শনেৰে সুনাম কঢ়িয়াই অনা দেখিছোঁ। ঠিক তেনেদৰেই, এইবাৰো অসম জীয়ৰী বৰ্তমান সুদূৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিবাসী লভা হাজৰিকা চিৰলাই আহি “লখিমী” ত মুখ্য চৰিত্ৰ ৰূপায়ণেৰে প্ৰতিগৰাকী দৰ্শকক আপ্লুত কৰাৰ চেষ্টা কৰিছে। গ্ৰামাঞ্চলৰ ৰাজনৈতিক দিশটোৰ তিতাঁ-মিঠা ইত্যাদি বিভিন্ন ঘটনাক কেন্দ্ৰ কৰি এই ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছে। অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ, পৃথ্বীৰাজ ৰাভা, অৰুণ বৰা, বিনোদলাল দাস, দীনেশ গগৈ, জ্যোতিৰূপা বৰা, অজয় ভৰালী, প্ৰবীণ দাস, ৰাগিনী বৰাকে আদি কেইবাগৰাকীও ন-পূৰণি অভিনেতা-অভিনেত্ৰীৰ অভিনয়েৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে মহেশ চিৰলাৰ।

"লখিমী" ছবিখনৰ মুখ্য চৰিত্ৰ ৰূপায়িত অভিনেত্ৰী লভা হাজৰিকা চিৰলাৰ সুখ বাৰ্তাঃ 2


ছবিখনৰ মুক্তিক লৈ শেহতীয়াকৈ উৎসাহী হৈ পৰিছে অভিনেত্ৰী লভা হাজৰিকা চিৰলা। গোলাঘাটৰ দেৰগাঁওৰ মঞ্চ জগতখনৰ সৈতে জড়িত এই অভিনেত্ৰী গৰাকীয়ে সূদুৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা এক্সক্লুচভি পঠিয়াইছে নিজ মনৰ বাৰ্তা। চাওঁচোন আহকঃ

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform