Rupaliparda.com
গীতালী দেৱীৰ "মৰম" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলিঃ 1

গীতালী দেৱীৰ “মৰম” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলিঃ

অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক জনপ্ৰিয় আৰু চিনাকী নাম হৈছে গীতালী দেৱী। প্ৰায় বোৰ গীতেৰেই দৰ্শক-শ্ৰোতাৰ ধ্যান আকৰ্ষণ কৰা গীতালীৰ প্ৰত্যেকটো গীতত জনপ্ৰিয়তা আচলতে নুই কৰিব পৰা নাযায়। তেজপুৰৰ জীয়ৰী তথা অসমৰ জনপ্ৰিয় গায়িকা গীতালী কাকতিৰ কন্ঠৰ প্ৰায় সংগীতেই বৰ্তমান সাধাৰণজনৰ মুখে মুখে। “ছেলফী ৰাণী”, “পাগল পাগল মন”, “এনাইদেউ” আৰু অলপতে জনপ্ৰিয় হৈ উঠা গীত “প্ৰীতি ভৰা” আৰু “ঘপককৈ” ৰ লগতে বিভিন্ন বিহু গীতত কন্ঠ নিগৰাই এতিয়া হাজাৰ হাজাৰ দৰ্শকৰ হৃদয়ত কন্ঠশিল্পী গৰাকী। “লক-ডাউন” ৰ মাজত প্ৰায়ে চচিয়েল মিডিয়াত একটিভ হৈ থকা কন্ঠশিল্পী গৰাকীয়ে গীত পৰিৱেশনৰ লগতে বিভিন্ন পোষ্ট আপলোড কৰি অনুৰাগীক আপ্লুত কৰি ৰখাৰ প্ৰয়াস কৰিছিল। এইবাৰ গীতালী দেৱী সাজু হৈছে তেওঁৰ আন এক প্ৰকল্পক লৈ। “মৰম” শীৰ্ষক এটি গীতৰ সৈতে অনুৰাগীৰ মাজলৈ আহিবলৈ সাজু হৈছে কন্ঠশিল্পী গৰাকী। গীতটিক লৈ ইতিমধ্যে চচিয়েল মিডিয়াত তেওঁ অনুৰাগীক কিছু আভাস দিয়া পৰিলক্ষিত হৈছে।

সংগীতৰ সমান্তৰালকৈ সামাজিক দায়বদ্ধতাৰ সৈতে জড়িত গীতালী; “কভিড ১৯” য়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতেই বিপদ কালত একাংশ আৰ্থিক ভাৱে পিছ পৰি ৰোৱা জনসাধাৰণক সহায়ৰ বাবে আগবাঢ়িছিল গীতালী। সংগীতৰ জনপ্ৰিয়তাৰ লগতে কন্ঠশিল্পী গৰাকীৰ এনে মহানুভৱতা দেখি আন একাংশ জনসাধাৰণো কন্ঠশিল্পী গৰাকীৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। আনহাতে, কিছুদিন পূৰ্বে গীতালীয়ে ৰাকেশ ৰিয়ানৰ সৈতেও যে যুঁটীয়া ভাৱে এটা প্ৰকল্পৰ পৰিকল্পনা কৰিছে সেই বিষয়েও জানিবলৈ দিছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform