Rupaliparda.com
মুক্তিৰ পূৰ্বেই বহুলভাৱে প্ৰশংসিত নিবিড় আকাশ বৰুৱা 'Swansong'- 1

মুক্তিৰ পূৰ্বেই বহুলভাৱে প্ৰশংসিত নিবিড় আকাশ বৰুৱা ‘Swansong’-

বৰ্তমান কেৱল মাত্ৰ ঋণাত্মক খবৰে গ্ৰাস কৰিছে চাৰিওকাষ। সাম্প্ৰতিক সময়ছোৱাত কেৱল “ক’ৰ’ণা ভাইৰাছ” ৰ সন্ত্ৰাস জনসাধাৰণে অনুভৱ কৰিছে। বেয়া খবৰ বোৰেই যেন বাট ভেঁটিছে নতুন ভাল খবৰবোৰক। কিন্তু কোৱা হয় নহয়; বেয়া যিমানেই শক্তিশালী নহওঁক কিয়; জয় হেনো এদিন হ’লেও ভালৰ হোৱাটো নিশ্চিত। ঠিক তেনেদৰেই; অসমবাসীয়ে আশা কৰা অনুযায়ী আমি এদিন “ক’ৰ’ণা ভাইৰাছ” ক হৰুৱাবলৈ সক্ষম হ’ম। অসমীয়া সন্তানে ঠাইয়ে ঠাইয়ে আমাক প্ৰত্যেককে গৌৰৱান্বিত কৰিবলৈ সক্ষম হৈছে। ক্ৰীড়া ক্ষেত্ৰখনৰ পৰাই হওঁক অথবা মনোৰঞ্জন ক্ষেত্ৰখনৰ দ্বাৰাই হওঁক, আমি অসমীয়া হিচাবে এই প্ৰতিভাসকলক লৈ উৎসাহিত। এইখিনিতে, আমি আপোনালোকলৈ লৈ আনিছো এক আন খবৰহে। অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ সমান্তৰালকৈ নিৰ্মাণ কৰা হৈছে অসমীয়া চুটি ছবিসমূহো। লগতে, এই চুটি ছবিসমূহে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হৈছে সমাদৰ। আটাইবোৰ এই দুঃখবৰ মাজতেই এক সফল মানসিকতাৰে আগবাঢ়িছে বৰ্তমান নৱপ্ৰজন্মৰ এটা প্ৰতিভাশালী দল। কিছুদিন পূৰ্বে চুটি ছবিখনৰ ফাৰ্ষ্ট লুক মুকলি কৰি দিয়া হৈছিল চচিয়েল মিডিয়াত। ইয়াৰ লগতে, এই আহিবলগীয়া চুটি ছবিখনৰ বিভিন্ন খবৰো আমি আপোনালোকক জনাই আহিছোঁ। এই চুটি ছবিখনৰ নাম হৈছে ‘Swansong’।

মুক্তিৰ পূৰ্বেই বহুলভাৱে প্ৰশংসিত নিবিড় আকাশ বৰুৱা 'Swansong'- 2


নিবিড় আকাশ বৰুৱাৰ দ্বাৰা পৰিচালিত এই চুটি ছবিখনে “Rameshwaram Film Festival” ছবি সমাৰোহত মনোনয়ন লাভ কৰাৰ লগতে আন কেইবাখনো ক্ৰমে “Madras international film festival”, “Abbey film festival”, “Noble international film festival and Awards,Bangalore” আদি ছবি সমাৰোহত মনোনয়ন লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও চুটি ছবিখনে ঠাইয়ে ঠাইয়ে ছবি সমালোচকৰ পৰা প্ৰশংসা লাভ কৰিবলৈও সক্ষম হৈছে। দুজন ভাতৃৰ ঘৰখনৰ প্ৰতি থকা দায়িত্ববোধ তথা মাতৃৰ প্ৰতি উচৰ্গিত তেওঁলোকৰ শ্ৰদ্ধা আৰু দুয়োগৰাকীৰ মাজত কিছু ক্ষেত্ৰত হোৱা মতানৈক্য আদিৰ বিষয়বস্তুক কেন্দ্ৰ কৰি এই চুটি ছবিখনৰ কাহিনীভাগক নিৰ্মাণ কৰি উলিওৱা হৈছে। চুটি ছবিখনৰ দুই মুখ্য চৰিত্ৰ আছে যি দুটা ৰূপায়ন কৰিব ক্ৰমে কিশোৰ ভৰদ্বাজ বৰুৱা আৰু পৰিচালক নিবিড় আকাশ বৰুৱাই নিজেই। ছবিখন পৰিচালনাৰ লগতে ইয়াৰ কাহিনীও হৈছে নিবিড়ৰ নিজৰেই; চিত্ৰনাট্য নিবিড় আকাশ বৰুৱাৰ আৰু কিশোৰ ভৰদ্বাজ বৰুৱাৰ। সহযোগী পৰিচালক লক্ষীনন্দন বৰুৱা আৰু সহকাৰী পৰিচালকৰ দায়িত্বত আছে মুকুন্দ মাধৱ বৰা। উক্ত চুটি ছবিখনৰ চিত্ৰগ্ৰহণ, সম্পাদনা আৰু ৰং মৃন্ময় শইকীয়াৰ; লোকেশ্বন চাউণ্ড লক্ষীনন্দন বৰুৱাৰ তথা চাউণ্ড ডিজাইন জ্যোতি চেতিয়াৰ। আনহাতে, পোষ্টাৰ ডিজাইন কৰিছে কুণাল বৰাই।স্তব্ধতা যদিও অইন বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল; তৎস্বত্বেও এই স্তব্ধতাই গ্ৰাস কৰিব পৰা নাছিল অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক। একাংশৰ প্ৰতিভাৰ আৱিৰ্ভাবৰ লগতে বহু নৱপ্ৰজন্মৰ সুন্দৰ কাম সমূহ আমি উপভোগ কৰিবলৈ সক্ষম হৈছিলো।

মুক্তিৰ পূৰ্বেই বহুলভাৱে প্ৰশংসিত নিবিড় আকাশ বৰুৱা 'Swansong'- 3

ঠিক সেইখিনি সময়ৰ পৰাই আমি একোখন অসমীয়া চুটি ছবি সমূহৰ মুক্তিক লৈ উৎসাহিত হৈ পৰিছো। নতুন বিষয়বস্তু সমূহৰ সোঁৱাদ ল’বলৈ উৎকন্ঠিত হৈছো। এই নতুন প্ৰয়াস আৰু প্ৰচেষ্টাৰ বাবেই এওঁলোক আগবাঢ়িবলৈ আমি শুভকামনা জনাইছো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform